গুৱাহাটী : বনভোজ খাবলৈ গৈ সামাজিক মাধ্যমত গো মাংসৰ ভিডিঅ' শ্বেয়াৰ কৰি আৰক্ষীৰ জালত পৰিল ৬ জন যুৱক । কামৰূপ আৰক্ষীৰ সহযোগত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱককেইজনক । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
গুৱাহাটী মহানগৰ আৰক্ষীৰ পূব মণ্ডলৰ আৰক্ষী উপ-আয়ুক্ত মৃণাল ডেকাই জনোৱা মতে, ধৃত যুৱককেইজন হৈছে ক্ৰমে ছাহিল খান, হাফিজুৰ ইছলাম, ৰকিবুল হুছেইন, চাহিদুল ইছলাম, ইজাজ খান আৰু জাহিদুল ইছলাম ।
- কি আছিল ঘটনাটো ?
আৰক্ষীয়ে জনোৱা মতে, বনভোজ খাবলৈ গৈ যুৱককেইজনে গো-মাংস কাটি থকাৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিছিল । এই সমগ্ৰ ঘটনা সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ পূৱ মণ্ডলৰ আৰক্ষী উপ-আয়ুক্ত মৃণাল ডেকাই কয়,"সামাজিক মাধ্যমত এটা ভাইৰেল ভিডিঅ' সন্দৰ্ভত মঙলবাৰে হাতীগাঁও থানত এখন এজাহাৰৰ ভিত্তিত ১০/২৫ নম্বৰত গোচৰ ৰুজু হৈছিল । হাতীগাঁও আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ৬ জনক যুৱকক । কামৰূপৰ ছয়গাঁও আছলপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় যুৱক কেইজনক । গ্ৰেপ্তাৰ কৰি আটাইকেইজন যুলককে হাতীগাঁও আৰক্ষী থানালৈ অনা হৈছে ।"
- অসমত নিষিদ্ধ গো-মাংস
উল্লেখ্য যে গো-মাংসৰ ক্ষেত্ৰত শেহতীয়াকৈ অসম চৰকাৰ অধিক কঠোৰ হৈছে । সামাজিকভাৱে গো-মাংস বিক্ৰী আৰু ভক্ষণ নিষিদ্ধ কৰিছে চৰকাৰে । তেনেস্থলত ব্ৰহ্মপুত্ৰৰ কোনো চাপৰিত যুৱককেইজনে গো-মাংস কাটি ভিডিঅ' প্ৰস্তুত কৰিছিল বুলি অভিযোগ উঠিছে । আনকি পিছত সেই ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিছিল । যাৰ বাবে আৰক্ষীয়ে এই ক্ষেত্ৰত যুৱককেইজনৰ বিৰুদ্ধে কঠোৰ হয় ।