ইণ্টাৰনেশ্যনেল ডেস্ক, 22 জুলাই:জো বাইডেনক ‘আমেৰিকাৰ অন্যতম উপযুক্ত ৰাষ্ট্ৰপতি’ আৰু ‘শীৰ্ষ পৰ্যায়ৰ দেশপ্ৰেমিক’ বুলি অভিহিত কৰি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই 2024 চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগনবঢ়োৱাৰ সিদ্ধান্তৰ বাবে ওবামাৰ সতীৰ্থ তথা ডেম’ক্ৰেটিক নেতাজনক প্ৰশংসা কৰিছে ।
এক বিবৃতিযোগে ওবামাই কয়, "জো বাইডেন আমেৰিকাৰ এগৰাকী অন্যতম ৰাষ্ট্ৰপতি, লগতে মোৰ এজন প্ৰিয় বন্ধু আৰু সতীৰ্থ । আমি এইটো কথা মনত ৰাখিব লাগিব যে তেওঁ এগৰাকী প্ৰকৃত দেশপ্ৰেমিক ।"
বাইডেনে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন কৰাৰ পিছতে ওবামাই এই মন্তব্য প্ৰকাশ কৰে । অৱশ্যে ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে হেৰিছক সমৰ্থন জনাব নে নজনাই সেয়া স্পষ্টকৈ উল্লেখ কৰা নাই ওবামাই ।
বাইডেনক আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে বাছি লোৱাৰ সিদ্ধান্তৰ কথা মনত পেলাই ওবামাই কয়, "ষোল্ল বছৰ পূৰ্বে যেতিয়া মই উপ-ৰাষ্ট্ৰপতিৰ বাবে সন্ধান আৰম্ভ কৰিছিলো, তেতিয়া মই জনসেৱাৰ ক্ষেত্ৰত বাইডেনৰ উল্লেখযোগ্য কেৰিয়াৰৰ বিষয়ে জানিছিলো । কিন্তু তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্য আছিল অধিক প্ৰশংসাৰ যোগ্য ।"
কৰ্মক্ষেত্ৰত বাইডেনৰ এই চাৰিত্ৰিক বৈশিষ্ট্য প্ৰতিফলিত হৈছিল ।