ইণ্টাৰনেশ্যনেল ডেস্ক, 28 জুলাই: গৰমে দহিছে পাকিস্তানক ৷ বিগত মাহত দেশখনৰ ৰাজধানী কৰাচীত চৰম গৰমৰ ফলত 500 ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি ARY News য়ে প্ৰকাশ কৰিছে । কৰাচীত 500 ৰ পৰা 600 নাগৰিকৰ মৃত্যুৰ পিছত সত্ৰ আদালতে বিদ্যুৎ উৎপাদন কোম্পানী কে-ইলেক্ট্ৰিককে ধৰি অন্যান্য বিদ্যুৎ উৎপাদক গোট আদিলৈ জাননী জাৰি কৰিছে ।
জানিব পৰা মতে, উৎকট গৰমৰ বাবে মৃত্যু হোৱা লোকৰ বাবে কে-ইলেক্ট্ৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সত্ৰ আদালতত আবেদন দাখিল কৰা হয় । এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি, আবেদনকাৰীয়ে প্ৰকাশ কয়, "উৎকট গৰমৰ বাবে বিগত মাহত কৰাচীত 500 ৰ পৰা 600 লোকৰ মৃত্যু হৈছিল ৷ বিদ্যুৎ উৎপাদন কোম্পানী কে-ইলেক্ট্ৰিকক ইচ্ছাকৃতভাৱে 10 ৰ পৰা 16 ঘণ্টা ধৰি বিদ্যুৎ বিচ্ছিন্ন কৰাৰ বাবে দোষাৰোপ কৰিছে ।"
আবেদনখনত তেওঁলোকে কয় যে আৰক্ষীয়ে কে-ইলেক্ট্ৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছে । আবেদনখনত আৰু কোৱা হৈছে যে আৰক্ষীয়ে কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে এছ এইচ অ’ প্ৰিডি থানাক বিবৃতিটো ৰেকৰ্ড কৰি গোচৰটো পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে ।