অসম

assam

ETV Bharat / international

গাজা যুদ্ধৰ এবছৰ: হামাছৰ বৰ্তমান আৰু ভৱিষ্যত - ISRAEL HAMAS WAR

২০২৩ চনৰ ৭ অক্টোবৰৰ বৰ্বৰ আক্ৰমণে পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত দশকজোৰা যুঁজৰ এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছিল।

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat
২০২৪ চনৰ ৩ আগষ্টত ৰাবাটত এক ৰেলীৰ সময়ত উগ্ৰপন্থী গোট হামাছ নেতা ইছমাইল হানিয়েহৰ হত্যাৰ প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে পেলেষ্টাইনৰ প্লেকাৰ্ড আৰু পতাকা উত্তোলন কৰে - ফাইল ছবি (AFP)

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 অক্টোবৰ:পেলেষ্টাইনী সশস্ত্ৰ গোট হামাছে যোৱা বছৰৰ ৭ অক্টোবৰত, ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ ইতিহাসৰ আটাইতকৈ গুৰুতৰ আক্ৰমণত, ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলাইছিল। এই বৰ্বৰ আক্ৰমণে পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত দশকজুৰি চলি থকা যুঁজৰ এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছিল।

যদিও এই আকস্মিক আক্ৰমণৰ জৰিয়তে হামাছে শক্তি প্ৰদৰ্শনেৰে প্ৰচুৰ ইজৰাইলী নাগৰিকক হতাহত আৰু অপহৰণ কৰি ইজৰাইলৰ নিজকে সুৰক্ষিত কৰি ৰখাৰ সামৰ্থ্যক প্ৰত্যাহ্বান জনাইছিল, ই ইজৰাইলৰ পৰা এক বিশাল সামৰিক প্ৰত্যুত্তৰৰ বাটো মুকলি কৰিছিল যিয়ে যোৱা বছৰত সশস্ত্ৰ গোটটোক গুৰুতৰভাৱে দুৰ্বল কৰি তুলিছে।

প্ৰথম ইন্তিফাদা আৰম্ভ হোৱাৰ অলপ সময় পিছতে ১৯৮৭ চনত গাজাত এজন ইমাম শ্বেখ আহমেদ য়াছিন আৰু তেওঁৰ সহযোগী আব্দুল আজিজ আল-ৰাণ্টিছিয়ে হামাছ আন্দোলন সূচনা কৰিছিল, যাৰ মূল লক্ষ্য ইজৰাইলৰ পেলেষ্টাইনী অঞ্চল দখলৰ বিৰুদ্ধে এক বিদ্ৰোহ চলাই নিয়া।

এই আন্দোলন ইজিপ্তৰ মুছলিম ব্ৰাদাৰহুডৰ এটা শাখা হিচাপে আৰম্ভ হৈছিল আৰু ইজৰাইলৰ বিৰুদ্ধে "ঐতিহাসিক পেলেষ্টাইনক মুক্ত কৰিবলৈ" সশস্ত্ৰ সংগ্ৰামৰ উদ্দেশ্যৰে ইজ আল-দিন আল-কাচাম ব্ৰিগেড নামৰ এটা সামৰিক শাখা সৃষ্টি কৰা হৈছিল। গোটটোৱে ৰাজনৈতিকভাৱে গাজা ষ্ট্ৰিপ বা গাজা পট্টীক নিয়ন্ত্ৰণ কৰে, যি হৈছে প্ৰায় 365 বৰ্গ কিলোমিটাৰজোৰা (141 বৰ্গ মাইল) এক অঞ্চল য'ত দুই নিযুতৰো অধিক লোকে বাস কৰে কিন্তু ই ভৌগিলকভাৱে তিনিটা দিশৰ পৰা ইজৰাইলৰ দ্বাৰা পৰিবেষ্টিত।

পেলেষ্টাইনী কৰ্তৃপক্ষ আৰু পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেচন (পিএলঅ')ৰ মুৰব্বী, ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ অনুগত ফতেহ বাহিনীৰ বিৰুদ্ধে চলা এক চমু যুদ্ধৰ পিছত হামাছ ২০০৭ চনৰ পৰা গাজা ষ্ট্ৰিপত শাসনত আছে।

সংগঠনটোৰ মতে, পেলেষ্টাইনীসকলে দশকজুৰি সন্মুখীন হোৱা অত্যাচাৰৰ প্ৰতিক্ৰিয়া স্বৰূপে হামাছে ৭ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে ইয়াৰ সামৰিক অভিযান চলাইছিল। এই আক্ৰমণৰ ফলত ১,২০৫ জন লোকৰ মৃত্যু হৈছিল, যাৰ বেছিভাগেই, ইজৰাইলৰ চৰকাৰী পৰিসংখ্যাৰ ওপৰত আধাৰিত এক তালিকা অনুসৰি, সাধাৰণ নাগৰিক আছিল।

গাজাত ইজৰাইলৰ প্ৰতিশোধমূলক অভিযানে এতিয়ালৈকে নেতৃত্ব, যুঁজাৰু আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত হামাছৰ যথেষ্ট ক্ষতি কৰিছে। ইয়াৰ কেইবাজনো উচ্চ পদস্থ নেতাক হত্যা কৰা হৈছে বা হত্যাৰ লক্ষ্য কৰা হৈছে, যাৰ ভিতৰত আছে ২০২৪ চনৰ জুলাইত ইৰাণত হত্যা কৰা ইছমাইল হানিয়েহ। কেইবাখনো প্ৰতিবেদনে দাবী কৰিছে যে ইজৰাইলৰ আক্ৰমণৰ ফলত হাজাৰ হাজাৰ হামাছ উগ্ৰপন্থী নিহত হৈছে, কিন্তু এই পৰিসংখ্যা ভালদৰে জনা নাযায়। ইজৰাইলৰ বিষয়াসকলে দাবী কৰিছে যে ১৭,০০০ তকৈও অধিক পেলেষ্টাইনী যুঁজাৰু নিহত হৈছে, আনহাতে হামাছে স্বীকাৰ কৰিছে যে কেইবা হাজাৰ যুঁজাৰুৰ মৃত্যু হৈছে।

মানৱীয় ক্ষতি স্বত্ত্বেও, হামাছে কিন্তু যুঁজ দি আহিছে। হানিয়েহৰ মৃত্যুৰ কেইদিনমান পিছত, দলটোৱে ইয়াহিয়া ছিনৱাৰক ইয়াৰ নতুন নেতা হিচাপে মনোনীত কৰে। ইজৰাইলে দাবী কৰিছে যে ছিনৱাৰে ৭ অক্টোবৰৰ আক্ৰমণৰ সমন্বয়কৰ্তা ৰূপে ভূমিক পালন কৰিছিল। বাতৰি অনুসৰি, তেওঁ হামাছৰ সশস্ত্ৰ আৰু ৰাজনৈতিক দুয়োটা শাখা নিয়ন্ত্ৰণ কৰে। সংগঠনটোৰ বহুতো শীৰ্ষ নেতৃত্বৰ অৱস্থান এতিয়াও অস্পষ্ট। হামাছৰ গাজা ষ্ট্ৰিপৰ সামৰিক মুৰব্বী মহম্মদ ডেইফৰ সম্পৰ্কে পৰস্পৰ বিৰোধী দাবী উত্থাপন হৈ আছে, তেওঁ এতিয়াও জীয়াই আছে নে নিহত হৈছে তাক লৈ স্থিতি অস্পষ্ট।

গাজাৰ অসামৰিক আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানসমূহ, যাৰ বেছিভাগেই ইজৰাইলৰ মতে হামাছে সামৰিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিছিল, যুদ্ধত ব্যাপক পৰিমাণে ধ্বংস হৈছে। বিদ্যালয়, চিকিৎসালয়, বিশ্ববিদ্যালয়, আৰু বিদ্যুৎ আৰু পানীযোগান প্ৰকল্পবোৰ ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছে। ইমান বৃহৎ পৰিমাণৰ ধ্বংসৰ ফলত গাজাৰ অৰ্থনীতি পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে, যিটো ৰাষ্ট্ৰসংঘৰ আকলনে ইয়াৰ যুদ্ধ-পূৰ্ব ক্ষমতাৰ এক-ষষ্ঠাংশলৈ হ্ৰাস হোৱাৰ ইংগিত দিয়ে।

হামাছৰ নেতাসকলে জোৰ দি কৈ আছে যে তেওঁলোকে এতিয়াও ব্যাপক সমৰ্থন লাভ কৰি আছে ৷ তেওঁলোকে জনমতৰ আধাৰত মতামত বজাই ৰাখি এই কথা ক’ব খোজে যে বহুতো পেলেষ্টাইনী লোক, বিশেষকৈ ৱেষ্ট বেংকত থকাসকল, এই বিশ্বাসত বিশ্বাসী যে, হামাছ অৱশেষত ইজৰাইলৰ বিৰুদ্ধে জয়ী হ'ব।

বিশ্লেষকসকলে কয় যে হামাছে অৱশ্যে " মষিমূৰ নহ’লেও এক গুৰুতৰ কিন্তু আঘাত" পাইছে। ক্ষমতাৰ বিবাদ এতিয়াও সমান, আৰু এবছৰতকৈ অধিক সময়ৰ তীব্ৰ যুদ্ধৰ পিছতো ইজৰাইলী বা পেলেষ্টাইনীসকলে এক দ্ব্যর্থহীন বিজয় দাবী কৰিব নোৱাৰে।

সমগ্ৰ অঞ্চলটো সৰ্বাংগীন যুদ্ধৰ আশংকাত থকাৰ লগে লগে হামাছৰ ভৱিষ্যত আৰু গাজাৰ ওপৰত ইয়াৰ নিয়ন্ত্ৰণ,অনিশ্চিত হৈ আছে যিহেতু সংঘৰ্ষটোও তীব্ৰতৰ হৈছে। সম্ভৱতঃ, নিৰন্তৰ সামৰিক চাপ আৰু অসামৰিক কষ্টৰ স্বত্বেও অঞ্চলটোত গোটটোৰ দীৰ্ঘম্যাদী সম্ভাৱনা ইয়াৰ সংগ্ৰাম অব্যাহত ৰখাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব।

লগতে পঢ়ক:৭ অক্টোবৰ আক্ৰমণৰ এটা বছৰ : হামাছৰ দৃষ্টিত ‘গৌৰৱময়’ ; সষ্টম ইজৰাইল - MIDDLE EAST CRISIS

ABOUT THE AUTHOR

...view details