ইণ্টাৰনেশ্যনেল ডেস্ক, 12 জুলাই:প্ৰতিনিধি সদনত ফ্ল’ৰ টেষ্টৰ সময়ত আস্থা ভোট লাভ কৰিব নোৱৰাৰ বাবে শুকুৰবাৰে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালক প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হয় বুলি কাঠমাণ্ডু পোষ্টে প্ৰকাশ কৰিছে।
এবছৰ ছমাহৰো অধিক সময় কাৰ্যভাৰ গ্ৰহণ কৰা দাহালৰ বাবে আস্থা প্ৰস্তাৱ গৃহীত কৰিবলৈ 138 টা ভোটৰ প্ৰয়োজন হৈছিল যদিও তেওঁ লাভ কৰে মাত্ৰ 63 টা ভোটহে । 275 জনীয়া হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ ভিতৰত 194 জন সাংসদে তেওঁৰ বিৰুদ্ধে ভোটদান কৰাৰ বিপৰীতে এজন সদস্যই ভোটদানৰ পৰা বিৰত থাকে । আস্থা ভোটৰ সময়ত মুঠ 258 জন সাংসদ উপস্থিত থাকে।
চিপিএন-ইউ এম এলে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিচত সংবিধানৰ 100(2) অনুচ্ছেদ অনুসৰি ফ্ল’ৰ টেষ্টৰ আহ্বান জনাই দাহালে । চিপিএন-ইউএমএল আৰু নেপালী কংগ্ৰেছৰ মাজত নতুন মিত্ৰজোঁট গঠনৰ চুক্তিৰ পিচত এই সিদ্ধান্ত লোৱা হয়, যাৰ ফলত দাহালৰ চৰকাৰলৈ সমৰ্থন হ্ৰাস পায় ।
পুৱাৰ ভাগত আস্থা প্ৰস্তাৱ দাখিল কৰাৰ সময়তে দাহালে সংবিধান ৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে । সদনত দিয়া ভাষণত দাহালে কয়, "এই সংবিধান নিৰ্মাণৰ কালছোৱাত মাওবাদী সংগঠনে বৃহৎ ত্যাগ কৰিছে । সেয়েহে মাওবাদীসকলে ইয়াক দুৰ্বল হ’বলৈ দিয়া নাই আৰু ইয়াক দুৰ্বল হ'বলৈও নিদিয়ে ।"
দশকজোৰা বিদ্ৰোহ আৰু পৰৱৰ্তী সময়ত নিপীড়িত শ্ৰেণী, অঞ্চল, লিংগ, সম্প্ৰদায়ৰ আন্দোলনৰ ভিত্তিত গঢ় লৈ উঠা সংবিধানৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে দাহালে ।