ETV Bharat / technology

প্ৰশান্ত মহাসাগৰৰ সৈতে ছেলফি তুলিলে মহাকাশচাৰী সুনীতা উইলিয়ামছে - SUNITA WILLIAMS SELFIE

মহাকাশচাৰী সুনীতা উইলিয়ামছে 400 কিলোমিটাৰতকৈও অধিক উচ্চতাত ক্লিক কৰিলে ছেলফি । বৰ্তমান এই ছেলফিখন সকলোৰে বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

astronaut-sunita-williams-clicks-a-selfie-with-a-view-of-the-pacific-ocean-details-in-assamese
প্ৰশান্ত মহাসাগৰৰ সৈতে ছেলফি তুলিলে মহাকাশচাৰী সুনীতা উইলিয়ামছে (Instagram/NASA and X/Sunita Williams)
author img

By ETV Bharat Tech Team

Published : Feb 6, 2025, 5:01 PM IST

হায়দৰাবাদ: বিগত কেবামাহো ধৰি মহাকাশত আৱদ্ধ হৈ আছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ ৷ মহাকাশচাৰীগৰাকীয়ে শেহতীয়াকৈ মহাকাশত ক্লিক কৰিলে ছেলফি, যিখন সম্প্ৰতি ভাইৰেল হৈ পৰিছে । এই ছেলফিখন সম্পৰ্কত ইয়াত তথ্য আগবঢ়োৱা হ'ল ।

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে প্ৰশান্ত মহাসাগৰৰ পৰা 423 কিলোমিটাৰ ওপৰত থকা অৱস্থাত এখন ছেলফি ক্লিক কৰিছিল । মহাকাশচাৰী বাচ্চ উইলম'ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত নৱম মহাকাশ ভ্ৰমণৰ সময়ত তেওঁ এই ফটোখন ক্লিক কৰিছে ।

২০২৫ চনৰ ৩০ জানুৱাৰীত তোলা ছেলফিখনত সুনীতাৰ স্পেচছুটৰ হেলমেট ভাইজাৰত তেওঁৰ হাত আৰু কেমেৰা প্ৰতিফলিত হৈছে । কেৱল সেয়াই নহয়, ফটোখনত প্ৰশান্ত মহাসাগৰো দেখা গৈছে । ইয়াত মহাকাশৰ পৰা পৃথিৱীৰ এক বিৰল আভাস দেখিবলৈ পোৱা গৈছে ।

তাৎপৰ্যপূৰ্ণ এই মহাকাশ ভ্ৰমণ

এই মহাকাশ ভ্ৰমণ সুনীতা উইলিয়ামছৰ বাবে তাৎপৰ্যপূৰ্ণ আছিল কাৰণ তেওঁ মহাকাশত এগৰাকী মহিলা মহাকাশচাৰীয়ে সৰ্বাধিক সময় কটোৱাৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছিল, যিটো পূৰ্বে আছিল নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছনৰ । এতিয়া তেওঁ নাছাৰ এই তালিকাৰ চতুৰ্থ স্থানত আছে ।

মহাকাশ ভ্ৰমণৰ উদ্দেশ্য

এই মহাকাশ যাত্ৰাৰ প্ৰধান উদ্দেশ্য আছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ৰেডিঅ’ ফ্ৰিকুৱেন্সি গ্ৰুপ এন্টেনা এছেম্বলী আঁতৰোৱা । ইয়াৰ লগতে সুনীতা আৰু উইলম’ৰক কক্ষপথৰ আউটপোষ্টত অণুজীৱ বিচাৰি উলিওৱাৰ দায়িত্বও দিয়া হৈছিল ।

১৬ জানুৱাৰীত সুনীতাই নিজৰ কেৰিয়াৰৰ অষ্টমটো মহাকাশ ভ্ৰমণৰ কাম হাতত লৈছিল । সেই মহাকাশ ভ্ৰমণৰ সময়ত তেওঁ আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰী নিক হেগে আই এছ এছৰ কিছুমান গুৰুত্বপূৰ্ণ হাৰ্ডৱেৰ সলনি কৰিছিল । ইয়াৰ লগতে তেওঁলোকে নিউট্ৰন ষ্টাৰ ইণ্টেৰিয়ৰ কম্পোজিচন এক্সপ্ল’ৰাৰ (NICER) এক্স-ৰে টেলিস্কোপ মেৰামতি কৰে ।

সুনীতা আৰু সহযোগী মহাকাশচাৰী বাচ্চ উইলম'ৰে যোৱা বছৰৰ 6 জুনত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযান আই এছ এছলৈ উৎক্ষেপণ কৰিছিল । নাছাই তেওঁলোকক প্ৰায় এসপ্তাহৰ পিছত অৰ্থাৎ একে মাহৰ 14 তাৰিখে পৃথিৱীলৈ ঘূৰি অহাৰ দিন নিৰ্ধাৰণ কৰিছিল । কিন্তু মহাকাশযানখনে হিলিয়াম লিক হোৱাৰ বাবে কাৰিকৰী সমস্যাৰ সন্মুখীন হয় । ফলত বিগত 7-8 মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ আছে দুয়োজন ।

এই প্ৰসংগত স্পেচএক্সৰ চিইঅ’ ইলন মাস্কে শেহতীয়াকৈ কয় যে মহাকাশত আবদ্ধ হৈ থকা দুজন মহাকাশচাৰীক নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ সহায় বিচাৰিছে । এই কাম অতি সোনকালে সম্পূৰ্ণ হ’ব বুলি মাস্কে আস্থা প্ৰদান কৰিছে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.