হায়দৰাবাদ : কোনোৱে তেওঁক কয় ‘কুইন অফ মেল’ডী’ বুলি, আন কোনোৱে আকৌ কয় ‘নাইটিংগেল অৱ ইণ্ডিয়া’ । বহুতে আকৌ ‘ভইচ অৱ দ্য মিলেনিয়াম’ বুলিও সম্বোধন কৰে । তেওঁ হৈছে লতা মংগেশকাৰ । ২০২২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৬ ফেব্ৰুৱাৰীত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল ‘কোকিলকণ্ঠী’ কণ্ঠশিল্পীগৰাকীয়ে ।
লতা মংগেশকাৰে ৩৬টা ভাষাত কণ্ঠদান কৰিছে । ভাৰতৰত্ন আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত শিল্পীগৰাকীৰ নামত তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটাও আছে । এই শিল্পীগৰাকীয়ে প্ৰতিটো গীতেৰে শ্ৰোতাৰ হৃদয় জিনিছিল ৷ পিছে বহুতে হয়তো নাজানে যে এইগৰাকী প্ৰখ্যাত কণ্ঠশিল্পীয়ে কণ্ঠদানৰ উপৰিও সংগীত পৰিচালনাও কৰিছিল ৷
লতা মংগেশকাৰে ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে সংগীত ৰচনা কৰিছিল । লতাই মাৰাঠী ছবি ‘ৰাম ৰাম পাভানে’ৰ সংগীত ৰচনা কৰিছিল । এই তালিকাত আৰু কেইবাখনো চিনেমা আছে । ১৯৬৩ চনত মুক্তি লাভ কৰিছিল ‘মাৰাঠা তিটুকা মেলাভা’ ছবিখন । লতাই এই ছবিখনৰ গীতৰ সংগীত ৰচনা কৰিছিল । সেই বছৰতে ভাজী পেন্ধাৰকাৰৰ পৰিচালিত ‘মহিত্যঞ্চি মঞ্জুলা’ ছবিখনে মুক্তি লাভ কৰে । লতা মংগেশকাৰে এই মাৰাঠী ছবিখনৰ সংগীত ৰচনা কৰিছিল ।
১৯৬৫ চনত মুক্তি পোৱা ‘সাধি মানসে’ আৰু ১৯৬৯ চনত মুক্তি পোৱা ‘তাম্বৰী মাটি’ দুয়োখন ছবিৰ সংগীত ৰচনা কৰিছিল লতাই । ‘সাধি মানসে’ ছবিখনৰ বাবে লতাক মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটাৰে সন্মানিত কৰা হৈছিল । ‘আইৰানীচ্য দেৱ তুলা’ই শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰে ।
আনহাতে, প্ৰতিভাশালী লতাৰ আৰু এটা গুণ আছিল । তেওঁ ছবি প্ৰযোজনাও কৰিছিল । গায়িকাগৰাকী চাৰিখন চলচ্চিত্ৰৰ প্ৰযোজক আছিল । ইয়াৰ ভিতৰত আছে এখন মাৰাঠী আৰু তিনিখন হিন্দী চলচ্চিত্ৰ ।
১৯৫৩ চনত 'ভাদাল' মুক্তি পাইছিল । এইখন এখন মাৰাঠী চলচ্চিত্ৰ । লতাই ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে প্ৰযোজক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । একে বছৰতে, লতাই চি ৰামচন্দ্ৰৰ সৈতে সহযোগিতা কৰি 'ঝাঞ্জাৰ' নামৰ আন এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল । তাৰ দুবছৰ পিছত, ১৯৫৫ চনত 'কাঞ্চন গংগা'ই মুক্তি লাভ কৰে । এই ছবিখনৰ প্ৰযোজক আছিল গায়িকাগৰাকী । তাৰ পিছত এক দীঘলীয়া বিৰতি ।
তেওঁৰ অন্তিমখন চলচ্চিত্ৰ আছিল ১৯৯০ চনত মুক্তি পোৱা 'লেকিন'। লতাৰ ভায়েক হৃদয়নাথ মংগেশকাৰ লতাৰ সহ-প্ৰযোজক আছিল এই ছবিখনত । গুলজাৰৰ দ্বাৰা পৰিচালিত এই ছবিখন বাংলা চলচ্চিত্ৰ 'ক্ষুধিত পাষাণ'ৰ হিন্দী ৰিমেক আছিল । 'ক্ষুধিত পাষাণ' কাহিনীটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল । চলচ্চিত্ৰখনত বিনোদ খান্না, ডিম্পল কাপাড়িয়া, আমজাদ খান, আলোক নাথ আৰু বিনা বন্দোপাধ্যায়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । হেমা মালিনীয়ে অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল ।
ছবিখনৰ প্ৰযোজনাৰ প্ৰায় চাৰি বছৰ পিছত 'লেকিন' ছবিগৃহত মুক্তি লাভ কৰিছিল । অভিনয় আৰু কাহিনী কোৱাৰ শৈলীয়ে দৰ্শক আৰু সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল লগতে ডিম্পলৰ প্ৰদৰ্শন প্ৰশংসিত হৈছিল । চলচ্চিত্ৰখনৰ 'য়াৰা চিলি চিলি' গানটোৱে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল । ৩৮ সংখ্যক ৰাষ্ট্ৰীয় বঁটাত 'লেকিন' এ ৫ টা বঁটা লাভ কৰিছিল । আনহাতে হৃদয়নাথে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ বঁটা লতালৈ গৈছিল । গুলজাৰে এই ছবিখনৰ বাবে শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰিছিল ।
তাৰ পিছত লতা মংগেশকাৰে আন কোনো চলচ্চিত্ৰ নিৰ্মাণ কৰা নাছিল । তেওঁ নিজৰ সংগীতত ব্যস্ত আছিল । তেওঁ ৮ জানুৱাৰী, ২০২২ ত ক’ভিড ত আক্ৰান্ত হৈছিল । তাৰ পিছত ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক । অৱস্থাৰ অৱনতি ঘটাত তেওঁক ভেণ্টিলেশ্যনত ৰখা হয় । অৱশেষত কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ ৬ ফেব্ৰুৱাৰীত একাধিক অংগ বিকাৰ হৈ মৃত্যু ঘটিছিল ।
লগতে পঢ়ক : অসম সাহিত্য সভাৰ মঞ্চত শিল্পীক অপমান কৰাৰ অভিযোগ