অসম

assam

ETV Bharat / international

আজিও সাঁথৰ মালয়েছিয়ান এয়াৰলাইনছৰ বিমান নিৰুদ্দেশৰ ঘটনা - Malaysia Airlines Flight 370

Malaysia Airlines Flight 370: মালয়েছিয়ান এয়াৰলাইনছৰ বিমান এম এইচ ৩৭০ নিৰুদ্দেশ হোৱাৰ ১০ বছৰ । আজিৰ দিনটোতে কুৱালালামপুৰৰ পৰা বেইজিঙলৈ উৰা মৰা বিমানখন নিৰুদ্দেশ হৈছিল । কৰ্মচাৰীসহ মুঠ ২৩৯ গৰাকী লোক আছিল । ঘটনাটোৰ ৰহস্য আজিও ফাদিল নহ'ল ।

Malaysia Airlines Flight 370
আজিও সাঁথৰ মালয়েছিয়ান এয়াৰলাইনছৰ বিমান নিৰুদ্দেশৰ ঘটনা

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 4:22 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৮ মাৰ্চ :২০১৪ চনৰ ৮ মাৰ্চৰ দিনটোতে মালয়েছিয়ান এয়াৰলাইনছৰ বিমান এম এইচ ৩৭০ নিৰুদ্দেশ হৈছিল । এই ঘটনাৰ ১০ বছৰ হ'ল কিন্তু এতিয়ালৈ এই বিমানৰ নিৰুদ্দেশৰ ৰহস্য ফাদিল নহ'ল ।

কুৱালালামপুৰৰ পৰা বেইজিঙলৈ উৰা মৰাৰ মাত্ৰ ৩৯ মিনিটৰ পিচতে এম এইচ ৩৭০ বিমানখন নিয়ন্ত্ৰিত ৰাডাৰৰ পৰা হেৰাই গৈছিল । বিমান পৰিবহণৰ ইতিহাসত এই ঘটনা এক ৰহস্য আৰু প্ৰিয়জনক হেৰুওৱা পৰিয়ালৰ বাবে এক দুঃস্বপ্ন হৈ আছে । বিমানখনৰ ৰহস্যজনক নিৰুদ্দেশৰ ফলত এক অনিশ্চয়তাৰ সৃষ্টি হৈছিল । ২০১৪ চনৰ সেইদিনটোত বোয়িং ৭৭৭ বিমানখনে কুৱালালামপুৰৰ পৰা বেইজিঙলৈ যাত্ৰা কৰিছিল । কিন্তু হঠাতে বিমানখনৰ ট্ৰেন্সপণ্ডাৰৰ প্ৰেৰণ বন্ধ হৈ গৈছিল । কিন্তু বিমানখনৰ কি হ'ল সেয়া আজিও ৰহস্য হৈ থাকিল ।

২৩৯ গৰাকী যাত্ৰী আৰু কৰ্মচাৰীৰ সৈতে বিমানখন কুৱালালামপুৰৰ পৰা উৰা মাৰিছিল । দক্ষিণ চীন সাগৰৰ ওপৰেৰে উৰণৰ ৬০ মিনিটৰ ভিতৰত বিমান যান-বাহন নিয়ন্ত্ৰণে বিমানখনৰ সৈতে সম্পৰ্ক হেৰুৱাইছিল । পিচত বিমানখন মালয় উপদ্বীপ পাৰ হৈ সামৰিক ৰাডাৰে ট্ৰেক কৰিছিল । এমএইচ ৩৭০ শেষবাৰৰ বাবে উত্তৰ-পূব ভাৰত মহাসাগৰৰ আন্দামানৰ ওপৰেৰে ৰাডাৰৰ দ্বাৰা ধৰা পৰিছিল ।

পিচত বিমানখন আৰু ব্ৰিটিছ প্ৰতিষ্ঠানৰ ইনমাৰ্চেট টেলিকমিউনিকেচন উপগ্ৰহৰ মাজত স্বয়ংক্ৰিয় উপগ্ৰহ যোগাযোগে সূচায় যে বিমানখন দক্ষিণ-পূব ভাৰত মহাসাগৰত সপ্তম আৰ্কৰ সৈতে সমাপ্ত হৈছিল ।

দক্ষিণ চীন সাগৰ আৰু আন্দামান সাগৰত প্ৰাৰম্ভিক বিমান অনুসন্ধান চলোৱা হৈছিল । আজিলৈকে বিমানখনৰ গতিপথ সলনি হোৱা আৰু নিৰুদ্দেশ হোৱাৰ কাৰণ কি সেয়া একো জনা নাযায় ।

এমএইচ ৩৭০ত ২২৭ গৰাকী যাত্ৰী আৰু ১২ গৰাকী কৰ্মচাৰী আছিল । বিমানখনত থকা বেছিভাগেই চীনৰ আছিল । আমেৰিকা, ইণ্ডোনেছিয়া, ফ্ৰান্স আৰু ৰাছিয়াকে ধৰি আন দেশৰ লোকো আছিল বিমানখনত ।

পৰৱৰ্তী সময়ত বহু অত্যাধুনিক প্ৰযুক্তি সহায়ত অভিযান চলোৱা হৈছিল । লগতে তদন্তও কৰা হৈছিল কিন্তু আজিলৈ এই ঘটনা ৰহস্য হৈয়ে থাকিল । অৱশ্যে ২০১৫ চনৰ জুলাইত বিমানখনৰ পৰা ফ্লেপাৰন বুলি নিশ্চিত কৰা এটা টুকুৰা পশ্চিম ভাৰত মহাসাগৰৰ ফ্ৰান্সৰ ৰিইউনিয়ন দ্বীপত পোৱা গৈছিল । যি হৈছে বিমানখনৰ ভাৰত মহাসাগৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰথম কঠিন প্ৰমাণ ।

লগতে পঢ়ক :ইজৰাইল হামাছ যুদ্ধ আৰু ইয়াৰ পৰিণাম

ABOUT THE AUTHOR

...view details