ছান ফ্ৰাঞ্চিস্কো : ছয়দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত আছে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে হোৱাইট হাউছত বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানক সাক্ষাৎ কৰে । এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি সন্দৰ্ভত এক বিতং আলোচনা কৰে ।
এছ জয়শংকৰে এক চৰকাৰী ভ্ৰমণসূচী লৈ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত আছে । তেওঁৰ ভ্ৰমণকালত জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এণ্টনি ব্লিংকেন আৰু বিদায়ী জো বাইডেন প্ৰশাসনৰ আন জ্যেষ্ঠ সদস্যসকলক সাক্ষাৎ কৰাৰ কথা আছে । ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি সন্দৰ্ভত এক বিতং আলোচনা হৈছে । লগতে বৰ্তমানৰ আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ ওপৰতো মত বিনিময় কৰা বুলি জয়শংকৰে একXপোষ্টত কয় ।