ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ মে' :ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । হামাছে যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামান পিচতে ইজৰাইলৰ সামৰিক বাহিনীয়ে ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ কৰিছে । ইজৰাইলৰ সামৰিক বাহিনীয়ে উল্লেখ কৰা মতে দেশখনৰ যুদ্ধ কেবিনেটে সামৰিক অভিযানত অনুমোদন জনোৱাৰ পিচতে এই আক্ৰমণ কৰা হৈছে ।
কেইঘণ্টামান পূৰ্বে হামাছে ঘোষণা কৰিছিল যে তেওঁলোকে মধ্যস্থতাকাৰী ইজিপ্ত আৰু কাটাৰৰ দ্বাৰা আগবঢ়োৱা যুদ্ধবিৰতিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । যুদ্ধবিৰতিৰ ফলত গাজাত ৭ মাহৰ যুদ্ধৰ সমাপ্তি ঘটিব পাৰে বুলিও কোৱা হৈছিল । অৱশ্যে চুক্তি হ'ব নে নাই সেয়া অনিশ্চিত কিয়নো ইজৰাইলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে প্ৰস্তাৱটোৱে তেওঁলোকৰ মূল দাবী পূৰণ কৰা নাই ।
লক্ষণীয়ভাৱে গাজা ষ্ট্ৰিপৰ আন অংশত ইজৰাইলৰ আক্ৰমণৰ পিচত হাজাৰ হাজাৰ লোকে পলায়ন কৰি ৰাফাত আশ্ৰয় লৈছিল । অস্থায়ী শিবিৰ আৰু জনবহুল এপাৰ্টমেণ্টত লোকসকল আবদ্ধ হৈ আছে । ইজৰাইলে কোৱা মতে ৰাফা হামাছৰ অন্তিম দুৰ্গ । আমেৰিকাই ইজিপ্তৰ সীমান্তৱৰ্তী চহৰখনত সম্পূৰ্ণ আক্ৰমণৰ বিৰোধিতা কৰে ।