অসম

assam

ETV Bharat / international

মধ্য বেইৰুটত ইজৰাইলৰ শেহতীয়া আক্ৰমণত কমেও ২২ গৰাকী লোকৰ মৃত্যু - AIRSTRIKES IN CENTRAL BEIRUT

Airstrikes in Beirut: লেবাননত ইজৰাইলৰ আক্ৰমণত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সদস্য আহত ৷ হিজবুল্লাহৰ সৈতে সংঘাত তীব্ৰতৰ হৈ পৰিছে আৰু সাধাৰণ নাগৰিকৰ হতাহতি বৃদ্ধি পাইছে ।

Airstrikes in Central Beirut
Airstrikes in Beirut (AP)

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 9:12 AM IST

নিউজ ডেস্ক, 11 অক্টোবৰ:বৃহস্পতিবাৰে মধ্য বেইৰুটত ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত দুটা অঞ্চল ধোঁৱাই ছানি ধৰে ৷ এই আক্ৰমণত ২২ জন লোকৰ মৃত্যু আৰু কেইবা ডজন লোক আহত হয় ৷ লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে এই তথ্য ৷ লেবাননত ইৰাণ সমৰ্থিত হিজবুল্লাহ উগ্ৰপন্থীৰ সৈতে ইজৰাইলৰ ৰক্তাক্ত সংঘাত আৰু অধিক তীব্ৰতৰ হৈ পৰিছে ।

মধ্য বেইৰুটত হোৱা বিমান আক্ৰমণটো যুদ্ধৰ এবছৰতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ মাৰাত্মক বুলি কোৱা হৈছে ৷ আপাত দৃষ্টিত একেলগে পৃথক পৃথক চুবুৰীৰ দুটা আৱাসিক অট্টালিকাক লক্ষ্য কৰি লোৱা হৈছিল বুলি স্থানত থকা এ পিৰ এজন ফটোগ্ৰাফাৰে জনায় । এই আক্ৰমণত এটা আঠ মহলীয়া অট্টালিকা ভাগি আন এটা অট্টালিকাৰ তলৰ মহলাবোৰ ধ্বংশ কৰি পেলায় ৷

ইজৰাইলৰ সেনাই কয় যে তেওঁলোকে এই খবৰ অনুসৰি আক্ৰমণৰ তদন্ত কৰি আছে । বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত ইজৰাইলৰ বিমান আক্ৰমণ সাধাৰণ ঘটনা হৈ পৰিছে, য’ত হিজবুল্লাই নিজৰ বহু অভিযানৰ ভেটি স্থাপন কৰিছে বুলি দাবী কৰি অহা হৈছে ।

এই আক্ৰমণৰ পাচত হিজবুল্লাহৰ আল মানাৰ টিভিয়ে প্ৰকাশ কৰা অনুসৰি গোটটোৰ এজন শীৰ্ষ নিৰাপত্তা বিষয়া ৱাফিক ছাফাক হত্যা কৰাৰ চেষ্টা ব্যৰ্থ হৈছে । ইয়াত কোৱা হৈছে যে লক্ষ্য কৰি লোৱা দুয়োটা অট্টালিকাৰ ভিতৰত কোনোটোতে ৱাফিক ছাফা নাছিল ।

বৃহস্পতিবাৰৰ এই আক্ৰমণৰ পাচতে হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত এবছৰ ধৰি চলি থকা আক্ৰমণ-প্ৰত্যাক্ৰমণ যোৱা সপ্তাহকেইটাত অল আউট যুদ্ধলৈ পৰিণত হয়, ইজৰাইলে সমগ্ৰ লেবাননত বিমানেৰে তীব্ৰ আক্ৰমণ চলোৱাৰ উপৰিও স্থল আক্ৰমণ আৰম্ভ কৰে । ইজৰাইলৰ ভিতৰৰ অধিক জনবসতিপূৰ্ণ অঞ্চললৈ হিজবুল্লাই ৰকেট নিক্ষেপ কৰিছে, যাৰ ফলত কিছু লোকৰ মৃত্যু হৈছে আৰু দৈনন্দিন জীৱনত ব্যাঘাত জন্মিছে ।

দক্ষিণ লেবাননত ইজৰাইলী বাহিনীয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ ওপৰত গুলীচালনা কৰি দুজনক আহত কৰাৰ একেদিনাই এই আক্ৰমণ সংঘটিত হয় ৷ এই আক্ৰমণক ব্যাপক নিন্দা কৰা হৈছে আৰু ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিবাদত ইজৰাইলৰ ৰাষ্ট্ৰদূতক তলব কৰিবলৈ বাধ্য হয় ।

ইজৰাইলৰ আক্ৰমণে মধ্য বেইৰুটত আঘাত হানে

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আঘাতপ্ৰাপ্ত বেইৰুটৰ দুটা স্থানৰ ধ্বংসাৱশেষত বৃহৎ সংখ্যক এম্বুলেন্স আৰু লোক সমবেত হৈছে, ৰাছ আল-নাবা চুবুৰী আৰু বুৰ্জ আবি হাইদাৰ অঞ্চলত এই আক্ৰমণ চলিছিল ।

লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ২২ জন লোক নিহত আৰু ১১৭ জন আহত হৈছে । শেহতীয়াকৈ বেইৰুটৰ কাষৰীয়া অঞ্চলসমূহত বিশেষকৈ ঘন জনবসতিপূৰ্ণ দক্ষিণৰ উপকণ্ঠ অঞ্চলসমূহত ইজৰাইলৰ বিমান আক্ৰমণত হিজবুল্লাহৰ নেতা হাছান নাছৰল্লাহ আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলৰ মৃত্যু হৈছে ।

২০২৩ চনৰ ৮ অক্টোবৰৰ পৰা হামাছ আৰু পেলেষ্টাইনীক সমৰ্থন কৰি হিজবুল্লাই ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ প্ৰতিশোধৰ বাবে ইজৰাইলৰ বিমান আক্ৰমণ কৰে । বৃহস্পতিবাৰে হিজবুল্লাই ৰকেটৰ দ্বাৰা উত্তৰ ইজৰাইলৰ কিছু অংশত আক্ৰমণ চলায় । ইজৰাইল অভিমুখে গৈ থকা কেইবাখনো ড্ৰ’ন আটক কৰা বুলি সেনাই জনায় ।

সমগ্ৰ অঞ্চলটোৰ হামাছ, হিজবুল্লাহ আৰু অন্যান্য সশস্ত্ৰ গোটক সমৰ্থন কৰা ইৰাণে যোৱা সপ্তাহত ইজৰাইলত প্ৰায় ১৮০ টা বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি শীৰ্ষ হামাছ আৰু হিজবুল্লাহ সন্ত্ৰাসবাদীক হত্যা কৰাৰ প্ৰতিশোধ লয় । ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্টে বুধবাৰে কয় যে ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতি তেওঁলোকৰ সঁহাৰি “মাৰাত্মক” আৰু “আচৰিত” হ’ব, যিহেতু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে কথা পাতিছে ।

লেবাননত শেহতীয়া বিমান আক্ৰমণৰ বিষয়ে সোধাত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে লাছ ভেগাছত সাংবাদিকৰ আগত কয়, "আমি যুদ্ধবিৰতিত উপনীত হ'ব লাগিব, যিহেতু ই লেবাননত ঘটি থকা আৰু অৱশ্যেই গাজাৰ সৈতে জড়িত সেই ক্ষেত্ৰত এই যুদ্ধসমূহৰ অন্ত পেলাবলৈ আমাক সময়ৰ প্ৰয়োজন আৰু আমি নিশ্চিতভাৱে অঞ্চলটোত যি ঘটি আছে তাক নিবাৰণ কৰিব লাগিব ।’’

শেহতীয়া আক্ৰমণৰ পূৰ্বে লেবাননৰ সংকট সঁহাৰি ইউনিটে জনোৱা মতে, বিগত দিনটোত ইজৰাইলৰ আক্ৰমণত ২৮ জন লোকৰ মৃত্যু হৈছে, যাৰ ফলত যোৱা অক্টোবৰ মাহত যুদ্ধ আৰম্ভ হোৱাৰ পিচত লেবাননত মুঠ মৃতকৰ সংখ্যা হৈছেগৈ ২,১৬৯ জন ।

২০২৩ চনৰ অক্টোবৰৰ পৰা উত্তৰ ইজৰাইল আৰু ৩০ ছেপ্টেম্বৰত ইজৰাইলে স্থল আক্ৰমণ আৰম্ভ কৰাৰ পিছত দক্ষিণ লেবানন দুয়োটাতে হিজবুল্লাহৰ আক্ৰমণত ২৮ জন সাধাৰণ নাগৰিকৰ লগতে ৩৯ জন ইজৰাইলী সৈনিকৰ মৃত্যু হৈছে । লক্ষ্য হৈছে সন্ত্ৰাসবাদীক পিছুৱাই নিয়া যাতে লাখ লাখ ইজৰাইলী উত্তৰত থকা নিজৰ ঘৰলৈ উভতি যাব পাৰে ।

ইউনিফিল নামেৰে পৰিচিত লেবাননত থকা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানে এক বিবৃতিত কয় যে তেওঁলোকৰ মুখ্য কাৰ্যালয় আৰু স্থানত ইজৰাইলী বাহিনীয়ে “বাৰম্বাৰ আঘাত” কৰিছে ।

ইয়াত কোৱা হৈছে যে ইজৰাইলী টেংকে লেবাননৰ নাক’ৰা চহৰত থকা বাহিনীটোৰ মুখ্য কাৰ্যালয়ৰ এটা পৰ্যবেক্ষণ টাৱাৰত “প্ৰত্যক্ষভাৱে” আক্ৰমণ কৰিছিল আৰু শান্তিৰক্ষীসকলে আশ্ৰয় লৈ থকা ঠাইৰ ওচৰৰ এটা বাংকাৰত সৈন্যই আক্ৰমণ কৰি বাহন আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষতিসাধন কৰিছিল । ইয়াত কোৱা হৈছে যে বাংকাৰৰ প্ৰৱেশদ্বাৰলৈ ইজৰাইলী ড্ৰ’ন উৰি যোৱা দেখা গৈছে ।

এই আক্ৰমণত আহত আৰু চিকিৎসালয়ত ভৰ্তি হোৱা ইউনিফিলৰ সৈন্য দুজন ইণ্ডোনেছিয়ান বুলি ইটালীৰ বৈদেশিক মন্ত্ৰী এণ্টনিঅ’ তাজানীয়ে প্ৰকাশ কৰিছে ।

ইজৰাইলৰ সেনাই বৃহস্পতিবাৰে দক্ষিণ লেবাননৰ ৰাষ্ট্ৰসংঘৰ ঘাটিত আক্ৰমণ কৰা বুলি স্বীকাৰ কৰি শান্তিৰক্ষী বাহিনীক “সুৰক্ষিত স্থানত থাকিবলৈ” নিৰ্দেশ দিছে ।

পাচত বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী মুৰব্বীগৰাকীয়ে কয় যে দক্ষিণ লেবাননৰ সীমান্তত ফ্ৰণ্টলাইন প’জিচনত থকা ৩০০ শান্তিৰক্ষীক সাময়িকভাৱে বৃহৎ ঘাটিলৈ স্থানান্তৰ কৰা হৈছে আৰু সংঘাত বৃদ্ধি পোৱাৰ লগে লগে আৰু ২০০ গৰাকীক স্থানান্তৰ কৰাৰ পৰিকল্পনা নিৰাপত্তাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত জিন-পিয়েৰ লাক্ৰ’ইছে কয় যে ইউনিফিলৰ সৈতে শান্তিৰক্ষী বাহিনী নিজৰ স্থানত আছে যদিও আকাশ আৰু স্থল আক্ৰমণৰ বাবে তেওঁলোকে টহল চলাব নোৱাৰে ।

লগতে পঢ়ক:লেবাননস্থিত হিজবুল্লাহৰ 5 শতাধিক শিবিৰত ইজৰাইলৰ আক্ৰমণ, 150জন যুঁজাৰুৰ মৃত্যু

ABOUT THE AUTHOR

...view details