ইন্টাৰনেশ্যনেল ডেস্ক, 30 জানুৱাৰী :ইজৰাইল আক্ৰমণতহামাছক সাহয় কৰিছিলে নেকি ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীৰে ! 7 অক্টোবৰত হামাছে ইজৰাইলত চলোৱা আক্ৰমণত ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰী জড়িত আছে বুলি দাবী উত্থাপন কৰিছে ইজৰাইলে ৷ সোমবাৰে এখন তথ্যচিত্ৰ প্ৰকাশ কৰি ইজৰাইলে দাবী কৰিছে যে, 7 অক্টোবৰত হামাছে ইজৰাইলত চলোৱা আক্ৰমণত ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে সহযোগিতা কৰিছিল ৷ ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে ইজৰাইলৰ ভূ-খণ্ডত প্ৰৱেশ কৰি এজনক অপহৰণত হামাছক সহযোগিতা কৰিছিল আৰু আন এজন কৰ্মচাৰীয়ে ইজৰাইলৰ সেনাক হত্যা কৰাত হামাছক সহায় কৰিছিল।
উল্লেখ্য যে, ইউ এন আৰ ডব্লিউ এ নামৰ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে দীৰ্ঘদিনৰ পৰা যুদ্ধ বিধ্বস্ত গাজাত বিভিন্ন কাম কৰি আহিছে ৷ প্ৰায় 13 হাজাৰ লোকক ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ সৈতে জড়িত হৈ আছে ৷ ইউ এন আৰ ডব্লিউ এ হৈছে গাজাৰ আটাইতকৈ ডাঙৰ সাহায্য প্ৰদানকাৰী সংস্থা, য'ত হামাছ-ইজৰাইলৰ যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকক উদ্ধাৰ কৰাত সহায় কৰি আহিছে ৷ কিন্তু বৰ্তমান সংস্থাটোৰ বিৰুদ্ধে ইজৰাইলে বিভিন্ন অভিযোগ উত্থাপন কৰিছে ৷