অসম

assam

জইছ আল আদল সন্ত্ৰাসবাদী গোটৰ কমাণ্ডাৰক হত্যা ইৰাণৰ সামৰিক বাহিনীৰ

By ANI

Published : Feb 24, 2024, 10:20 AM IST

Jaish Al Adl Commander Killed : ইৰাণ আৰু পাকিস্তানে দুয়োখন দেশৰ ওপৰত চলোৱা বিমান আক্ৰমণৰ এমাহ পিছত ইৰাণিয়ান বাহিনীয়ে এটা সন্ত্ৰাসবাদী গোটৰ ওপৰত সশস্ত্ৰ আক্ৰমণ চলায় । এই আক্ৰমণত জইছ আল-আদল সন্ত্ৰাসবাদী গোটৰ কমাণ্ডাৰ ইছমাইল শ্বাহবাখশ নিহত হয় ।

জৈশ আল আদল সন্ত্ৰাসবাদী গোটৰ কমাণ্ডাৰক হত্যা ইৰাণৰ সামৰিক বাহিনীৰ
জৈশ আল আদল সন্ত্ৰাসবাদী গোটৰ কমাণ্ডাৰক হত্যা ইৰাণৰ সামৰিক বাহিনীৰ

ইণ্টাৰনেচনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী :ইৰাণৰ সামৰিক বাহিনীয়ে জইছ আল-আদল (ন্যায়ৰ সেনা) সন্ত্ৰাসবাদী গোটৰ জ্যেষ্ঠ কমাণ্ডাৰ ইছমাইল শ্বাহবাখশ আৰু তেওঁৰ কিছু সঙ্গীক পাকিস্তানত হত্যা কৰে । ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতি দি ইৰাণ ইণ্টাৰনেচনেল ইংৰাজ কাকতে প্ৰকাশ কৰিছে ।

উল্লেখ্য যে ইৰাণ আৰু পাকিস্তানে দুয়োখন দেশৰ ওপৰত চলোৱা বিমান আক্ৰমণৰ এমাহ পিছত ইৰাণিয়ান বাহিনীয়ে এক সশস্ত্ৰ সংঘৰ্ষত এটা সন্ত্ৰাসবাদী গোটৰ ওপৰত আক্ৰমণ চলায় ।

আল আৰাবিয়া নিউজৰ বাতৰি অনুসৰি, ২০১২ চনত গঠন হোৱা আৰু ইৰাণে 'সন্ত্ৰাসবাদী' সংগঠন হিচাপে মনোনীত কৰা জইছ আল-আদল হৈছে ইৰাণৰ দক্ষিণ-পূব প্ৰদেশ চিস্তান-বেলুচিস্তানত সক্ৰিয় এটা চুন্নী সন্ত্ৰাসবাদী গোট ।

বিগত বছৰবোৰত জইছ আল-আদলে ইৰাণৰ নিৰাপত্তা বাহিনীৰ ওপৰত যথেষ্ট আক্ৰমণ চলাই আহিছে । আল আৰাবিয়া নিউজৰ বাতৰি অনুসৰি, ডিচেম্বৰত জইছ আল-আদলে চিস্তান-বেলুচিস্তানৰ এখন আৰক্ষী থানাত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে । এই ঘটনাত কমেও ১১ গৰাকী আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল ।

অৱশ্যে বিগত মাহত দুয়োখন দেশে ইখনে সিখনৰ অঞ্চলত 'সন্ত্ৰাসবাদী গোট'ৰ বিৰুদ্ধে মিছাইল আক্ৰমণ কৰাৰ এসপ্তাহ পিছত পাকিস্তান আৰু ইৰাণে পাৰস্পৰিকভাৱে নিৰাপত্তা সহযোগিতা সম্প্ৰসাৰণৰ বাবে সন্মত হয় । দ্য নিউজ ইণ্টাৰনেচনেলৰ সূত্ৰত প্ৰকাশ ।

পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী জলিল আব্বাছ জিলানি আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ-আব্দোল্লাহিয়ানে এক যুটীয়া সংবাদমেলত এই চুক্তিৰ কথা ঘোষণা কৰে ।

জিলানীয়ে কয় যে ইৰাণ আৰু পাকিস্তান দুয়োপক্ষই 'ভুল বুজাবুজি' অতি সোনকালে সমাধান কৰিব পাৰে । দুয়োখন দেশে তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু ইজনে সিজনৰ উদ্বেগ আঁতৰ কৰিবলৈও সন্মত হৈছে । তেওঁ লগতে কয় । অৱশ্যে শেহতীয়া আক্ৰমণে ইয়াৰ বিপৰীত কথাহে প্ৰদৰ্শন কৰিছে ।

লগতে পঢ়ক :আমেৰিকাৰ বৈদেশিক উপ সচিব ৰিচাৰ্ড বাৰ্মাৰ ভাৰত ভ্ৰমণ

ABOUT THE AUTHOR

...view details