ইণ্টাৰনেশ্যনেল ডেস্ক, 12 অক্টোবৰ: মধ্যপ্ৰাচ্যত বৰ্ধিত সংঘৰ্ষৰ আশংকাৰ মাজতে ইজৰাইলে ইৰাণৰ বিৰুদ্ধে আক্ৰমণাত্মক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে তেহৰানে উপসাগৰীয় আৰৱ ৰাষ্ট্ৰসমূহক এনে আক্ৰমণত তেওঁলোকৰ বায়ুসীমা বা সামৰিক ঘাটি ব্যৱহাৰ কৰিবলৈ নিদিবলৈ সতৰ্ক কৰি দিছে। ইৰাণৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে ইৰাণে, ইজৰাইলক আগবঢ়োৱা কোনো ধৰণৰ সাহায্য সহ্য নকৰে আৰু এনে কাৰ্যৰ প্ৰত্যুত্তৰ দিবলৈ সাজু।
"ইৰাণে স্পষ্ট কৰি দিছে যে তেহৰাণৰ বিৰুদ্ধে পাৰস্য উপসাগৰৰ যিকোনো দেশে গ্ৰহণ কৰা যিকোনো পদক্ষেপক, সেয়া লাগিলে বায়ুসীমা নাইবা সামৰিক ঘাটিৰ ব্যৱহাৰৰ সুবিধাৰ জৰিয়তে হওঁক, তেহৰাণ ওপৰত গোটেই ৰাষ্ট্ৰগোটটোৰ কাৰ্যকলাপ বুলি বিবেচনা কৰা হ'ব আৰু তেহৰাণে সেইমতেই ইয়াৰ উত্তৰ দিব," জ্যেষ্ঠ ইৰানী বিষয়াগৰাকীয়ে সংবাদ সংস্থা ৰয়টাৰক জানিবলৈ দিয়ে। "
তৈল ভাণ্ডাৰসমূহ আক্ৰমণৰ লক্ষ্য হোৱাৰ আশংকা
ইৰাণৰ এই সতৰ্কবাণী এই ঘটনাক্ৰমৰ মাজত আহিছে য‘ত তেহৰানে উপসাগৰীয় দেশসমূহক সতৰ্ক কৰি দিছে যে যদি ইজৰাইলৰ সমৰ্থক আৰৱ উপসাগৰীয় দেশবোৰে সংঘৰ্ষত পোনপটীয়াকৈ হস্তক্ষেপ কৰে তেন্তে তেওঁলোকৰ আঞ্চলিক স্বাৰ্থজড়িত কেন্দ্ৰবোৰক আক্ৰমণৰ লক্ষ্য কৰা হ'ব। ফলত উপসাগৰীয় আৰৱ দেশসমূহে আশংকা কৰিছে যে যদি তেওঁলোকে চলিত সংঘৰ্ষত ইজৰাইলৰ সৈতে যোগদান কৰে, ইৰাণে তেওঁলোকৰ তেলৰ ভাণ্ডাৰবোৰত আক্ৰমণ কৰিব পাৰে।
ইৰাণৰ বিষয়াজনে জোৰ দি কয় "বাৰ্তাটোৱে ইজৰাইলৰ বিৰুদ্ধে আঞ্চলিক ঐক্যৰ প্ৰয়োজনীয়তা আৰু স্থিৰতা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ লগতে স্পষ্ট কৰি দিয়া হৈছে যে ইজৰাইলক যিকোনো সহায়, যেনে ইৰাণৰ বিৰুদ্ধে অভিযানৰ বাবে এটা আঞ্চলিক দেশৰ আকাশ সীমা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া, গ্ৰহণযোগ্য নহয়।
লগতে পঢ়ক:যুদ্ধ নিবিচাৰিলেও ইজৰাইলক প্ৰত্যাক্ৰমণৰ বাবে সাজু ইৰাণ; ৰাষ্ট্ৰপতি পেজেস্কিয়ান - Israel Iran War