অসম

assam

ETV Bharat / international

আমেৰিকাৰ ঘাটি আক্ৰমণত তেহৰাণ জড়িত থকাৰ দাবী নস্যাৎ ইৰাণৰ বৈদেশিক মন্ত্ৰণালয়ৰ

ইৰাণৰ বৈদেশিক মন্ত্ৰণালয়ে জৰ্ডানৰ আমেৰিকাৰ ঘাটিৰ আক্ৰমণত তেহৰাণ জড়িত হোৱাৰ দাবী খণ্ডন কৰে ৷ ইৰাণৰ চৰকাৰী সংবাদ সংস্থাই এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে প্ৰতিৰোধ গোটসমূহে নিজৰ নীতি আৰু অগ্ৰাধিকাৰৰ লগতে নিজৰ দেশ আৰু জনসাধাৰণৰ স্বাৰ্থৰ ভিত্তিত সিদ্ধান্ত লয় আৰু কাম কৰে ।

By ANI

Published : Jan 29, 2024, 1:54 PM IST

আমেৰিকাৰ ঘাটি
আমেৰিকাৰ ঘাটি

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী:ইৰাণৰ বৈদেশিক মন্ত্ৰণালয়ে জৰ্ডানৰ আমেৰিকাৰ ঘাটিৰ আক্ৰমণত তেহৰাণ জড়িত থকাৰ দাবী খণ্ডন কৰে ৷ ইৰাণৰ চৰকাৰী সংবাদ সংস্থাই এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে প্ৰতিৰোধ গোটসমূহে নিজৰ নীতি আৰু অগ্ৰাধিকাৰৰ লগতে নিজৰ দেশ আৰু জনসাধাৰণৰ স্বাৰ্থৰ ভিত্তিত সিদ্ধান্ত লয় আৰু কাম কৰে ।

ইৰাণৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ নাছেৰ কানআনীয়ে পশ্চিমীয়া একাংশ বিষয়াৰ বক্তব্য আৰু অগঠনমূলক কাৰ্যই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰ লগতে স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি সকীয়াই দিয়ে ৷

এই সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয়, “আমি পূৰ্বে স্পষ্টভাৱে উল্লেখ কৰা মতে, অঞ্চলটোৰ প্ৰতিৰোধমূলক গোটসমূহে শিশু হত্যাকাৰী ইহুদী শাসন আৰু গণহত্যাৰ প্ৰতি সঁহাৰি জনাইছে । এই গোটসমূহে নিজৰ নীতি আৰু অগ্ৰাধিকাৰৰ লগতে নিজৰ দেশ আৰু জনসাধাৰণৰ স্বাৰ্থৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লয় আৰু কাম কৰে ।"

ইয়াৰ উপৰিও ইৰাণৰ মন্ত্ৰী কানআনীয়ে পশ্চিমীয়া দেশসমূহক দখলদাৰী ইজৰাইল শাসনৰ অপৰাধক নিন্দা কৰিবলৈ পৰামৰ্শ দিয়ে আৰু ইৰাণৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন নকৰি গাজালৈ মানৱীয় সাহায্যৰ সুবিধাৰ বাবে কাম কৰিবলৈ পৰামৰ্শ দিয়ে বুলি IRNA ই প্ৰকাশ কৰিছে ।

​ব্ৰিটিছ বৈদেশিক সচিব ডেভিদ কেমেৰুণক তেহৰাণ বিৰোধী বাক্যবাণ আৰু ভিত্তিহীন দাবীৰ বাবে কানআনীইয়ে তীব্ৰ সমালোচনা কৰাৰ সময়তে এই কথা প্ৰকাশ পাইছে । জৰ্ডানত আমেৰিকাৰ ঘাটি আক্ৰমণৰ পিছত ইৰাণে অঞ্চলটোৰ প্ৰতিৰোধমূলক সংগঠনৰ অভিযানত জড়িত বুলি ব্ৰিটেইনৰ অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছে কানআনীয়ে ।

“এই দাবীসমূহৰ দ্বাৰা অঞ্চলটোৰ প্ৰকৃত বাস্তৱতাক নস্যৎ কৰা হৈছে আৰু নিৰ্দিষ্ট ৰাজনৈতিক লক্ষ্যৰে কৰা হৈছে ৷ ইয়াৰ দ্বাৰা ইংগিত পোৱা যায় যে তেওঁলোক শিশু হত্যাকাৰী ইহুদী শাসন ব্যৱস্থাকে ধৰি তৃতীয় পক্ষৰ দ্বাৰা প্ৰভাৱিত হৈছে” কানআনীয়ে কয় ।

কেমেৰনে Xযোগে কয়, "আমি এতিয়াও ইৰাণক অঞ্চলটোত উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান জনাইছো । ইয়াৰ বিপৰীতে ইছলামিক ৰিপাব্লিকে সদায় এই অঞ্চলটোত তেওঁলোকৰ কোনো সক্ৰিয় সংগঠন নাই বুলি উল্লেখ কৰি আহিছে ।"

ছিৰিয়াৰ সীমান্তৰ সমীপৰ জৰ্ডানৰ 22 নং টাৱাৰক লক্ষ্য কৰি চলোৱা ড্ৰ’ন আক্ৰমণে অঞ্চলটোত ইতিমধ্যে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । আমেৰিকাৰ বিষয়াসকলৰ মতে, দায়ৱদ্ধ ড্ৰ’নখন ইৰাণ সমৰ্থিত উগ্ৰপন্থীয়ে উৎক্ষেপণ কৰিছিল আৰু ইয়াৰ উৎপত্তি ছিৰিয়াৰ পৰা হোৱা যেন লাগিছিল বুলি সংবাদ সূত্ৰত প্ৰকাশ ।

উত্তৰ-পূব জৰ্ডানৰ এটা ঘাটিত ড্ৰ’ন আক্ৰমণত তিনিজন সদস্য নিহত হোৱাৰ লগতে 25 জন আহত হোৱা বুলি উল্লেখ কৰি আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে আনুষ্ঠানিকভাৱে হতাহতিৰ কথা নিশ্চিত কৰিছে । ৰাষ্ট্ৰপতি জো বাইডেনে দায়ীসকলক জবাবদিহি কৰাৰ প্ৰতিশ্ৰুতি দি কয় যে এই আক্ৰমণ ছিৰিয়া আৰু ইৰাকত কাৰ্যকৰী হোৱা উগ্ৰ ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনে সংঘটিত কৰিছে ।

লগতে পঢ়ক:ফ্ল’ৰিডাত গুলীচালনাত ২ জন নিহত, ২ জন আৰক্ষী বিষয়া আহত

ABOUT THE AUTHOR

...view details