অসম

assam

ETV Bharat / international

ইৰাণত মানৱ সৰবৰাহকাৰীৰ জাল, অনুপ্ৰৱেশকাৰী পাকিস্তানীক বন্দী কৰি অমানৱীয় অত্যাচাৰ - Pakistani human traffickers - PAKISTANI HUMAN TRAFFICKERS

Pakistani human traffickers : ইৰাণ হৈ ইউৰোপলৈ অনুপ্ৰৱেশৰ চেষ্টা কৰা পাকিস্তানীসকল মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে । ইউৰোপলৈ প্ৰেৰণ কৰাৰ নামত চক্ৰটোৱে লোকসকলক বন্দী কৰি ৰাখে আৰু ধন দাবী কৰে । ধন পৰিশোধ নকৰিলে অমানৱীয় অত্যাচাৰ চলায় । পাকিস্তানী মানৱ সৰবৰাহকাৰীয়ে আফগান আৰু ইৰাণীৰ সহযোগত এই জঘন্য কাণ্ড সংঘটিত কৰিছে ।

Pakistani human traffickers
অনুপ্ৰৱেশকাৰী পাকিস্তানীক বন্দী কৰি অমানৱীয় অত্যাচাৰ

By ANI

Published : Mar 24, 2024, 12:42 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ মাৰ্চ :মানৱ সৰবৰাহকাৰীৰ কৱলত পাকিস্তানৰ নাগৰিক । ইৰাণৰ মাজেৰে ইউৰোপলৈ অনুপ্ৰৱেশৰ চেষ্টা কৰা পাকিস্তানৰ লোকসকলক মানৱ সৰবৰাহকাৰীয়ে লক্ষ্য কৰি লৈছে । সংবাদমাধ্যমৰ খবৰ অনুসৰি লোকসকলে মুক্তিৰ দাবী কৰাৰ সময়ত তেওঁলোকক লুণ্ঠন কৰাৰ লগতে লোকসকলক নিৰ্যাতন চলোৱা হয় ।

জানিব পৰা মতে, ইউৰোপ লৈ যাবলৈ ইচ্ছুক অনুপ্ৰৱেশকাৰীসকলক অপহৰণ কৰিবলৈ আন্তৰ্জাতিক মানৱ সৰবৰাহকাৰীসকলক একাংশ স্থানীয় অনুপ্ৰৱেশকাৰীয়ে সহায় কৰিছে । প্ৰতিবেদন অনুসৰি, ভুক্তভোগীসকলক বন্দী কৰি ৰখা হৈছিল আৰু তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলোৱা হৈছিল । তেওঁলোকৰ মুকলিৰ বাবে ধনৰ দাবীও কৰিছিল চক্ৰটোৱে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা মাহত এনেধৰণৰ তিনিটা ঘটনা সংঘটিত হৈছিল ৷ য'ত প্ৰায় ১০ জন যুৱকক এই চক্ৰটোৱে অপহৰণ কৰিছিল আৰু বন্দী কৰি ৰাখিছিল । তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতনো চলোৱা হৈছিল । একাংশই ধনৰ বিনিময়ত মুকলি হৈ আহিছিল আৰু একাংশক তেহৰাণত পাকিস্তানী দূতাবাসৰ সহযোগত ইৰাণ আৰক্ষীয়ে মুকলি কৰি দিছিল ।

ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চিয়ে কোৱা মতে অনুপ্ৰৱেশকাৰীসকলক স্বদেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে । যোৱা মাহত, হাফিজাবাদৰ বাসিন্দা মুহম্মদ হুচনাইন, তেওঁৰ সম্পৰ্কীয় ভাতৃ ফৈজল আৰু চুবুৰীয়া আনৱাৰৰ সৈতে ইউৰোপলৈ বুলি পথেৰে ইৰাণৰ মাজেৰে ৰাওনা হৈছিল ।

তেওঁলোকে বৈধ ভিছাত (ভ্ৰমণ) এজেণ্ট মুহম্মদ চাৰৱাৰৰ সৈতে ভ্ৰমণ কৰিছিল । যিয়ে তেওঁলোকক ইৰাণৰ পৰা তুৰস্ক হৈ গ্ৰীচলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল । তেহৰাণত উপস্থিত হোৱাৰ পিচত এজেণ্ট চাৰৱাৰে তিনিওজনৰ পৰা তেওঁলোকক ইউৰোপলৈ পঠিওৱাৰ বিনিময়ত ২,৫০০ আমেৰিকান ডলাৰ বিচাৰিছিল ।

তিনিওজনে ধনৰ বাবে পাকিস্তানত তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল । কিন্তু পৰিয়ালকেইটাই ধন পৰিশোধ কৰাত ব্যৰ্থ হৈছিল । পিচত চাৰৱাৰে তেওঁলোকক তেহৰাণৰ এটা তিনিমহলীয়া অট্টালিকালৈ লৈ গৈছিল আৰু তাত বন্দী কৰি ৰাখিছিল ।

ভুক্তভোগী এজনে জনোৱা মতে তাত তেওঁলোকৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱা হৈছিল আৰু তাৰ দৃশ্যগ্ৰহণ কৰিছিল । ভিডিঅ'বোৰ পাকিস্তানত থকা তেওঁলোকৰ পৰিয়াললৈ প্ৰেৰণ কৰি চক্ৰটোৱে ধন দাবী কৰিছিল ।

লগতে পঢ়ক :মস্কোৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত ইউক্ৰেইন জড়িত থকাৰ দাবী পুটিনৰ: ১৪৩ জনৰ মৃত্যু - OPEN FIRE IN MOSCOW

ABOUT THE AUTHOR

...view details