ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ জুলাই :কানাডাত হিন্দু উপাসনাস্থলীত পুনৰ আক্ৰমণ । এডমণ্টনৰ বিএপিএছ স্বামীনাৰায়ণ মন্দিৰত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণ । দুৰ্বৃত্তই মন্দিৰটো ভাঙি লণ্ড ভণ্ড কৰে । এই ঘটনাক লৈ কানাডাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । নেপিয়ানৰ সাংসদ চন্দ্ৰ আৰ্যই হিন্দু-কানাডিয়ান সম্প্ৰদায়ৰ ওপৰত হোৱা এনে আক্ৰমণৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । এক্সৰ এটা পোষ্টত নেতাগৰাকীয়ে কয় যে এডমণ্টনৰ হিন্দু মন্দিৰ বিএপিএছ স্বামীনাৰায়ণ মন্দিৰত পুনৰ আক্ৰমণ হৈছে । যোৱা কেইবছৰমানৰ ভিতৰত গ্ৰেটাৰ টৰণ্টো এলেকা, ব্ৰিটিছ কলম্বিয়া আৰু কানাডাৰ অন্যান্য স্থানৰ হিন্দু মন্দিৰবোৰত আক্ৰমণ কৰা হৈছে ।
শেহতীয়া আক্ৰমণটোৱে ধৰ্মীয় অসহিষ্ণুতাৰ এক দুখজনক প্ৰৱণতাক অংকিত কৰিছে । যোৱা বছৰ উইণ্ডছৰৰ এটা হিন্দু মন্দিৰ ভাৰত বিৰোধী সংগঠনে আক্ৰমণ কৰিছিল । যাৰ ফলত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । কানাডিয়ান আৰু ভাৰতীয় বিষয়াৰ পৰা ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছিল । পূৰ্বৰ মিচিচাগা আৰু ব্ৰেম্পটনৰ ঘটনাবোৰত মন্দিৰবোৰ একেদৰে লক্ষ্য কৰি লোৱা হৈছিল । এনে পৰিস্থিতিত কানাডাৰ ভাৰতীয় সম্প্ৰদায়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । বহু সাংস্কৃতিক বিষয়ত মাত মাতি অহা সাংসদ আৰ্যই কানাডাৰ খালিস্তানী উগ্ৰপন্থীসকলক টাৰ্গেট কৰি লয় । খালিস্তানী উগ্ৰপন্থীৰ ভাষ্যই মুকলিকৈ ঘৃণা আৰু হিংসাৰ উচটনি দিছে বুলি তেওঁ অভিযোগ কৰে ।