গাজাত নিহত প্ৰায় ৭০ পেলেষ্টাইনী; ইজৰাইলৰ বিৰুদ্ধে পৰিকল্পিত গণহত্যাৰ অভিযোগ হামাছৰ - 70 Palestinians Killed in Gaza City - 70 PALESTINIANS KILLED IN GAZA CITY
70 Palestinians Killed in Gaza City : হামাছ চৰকাৰী মিডিয়া কাৰ্যালয়ৰ মহানিৰ্দেশকে দাবী কৰে যে ইজৰাইলী সামৰিক বাহিনীয়ে পূব গাজা চহৰৰ হাজাৰ হাজাৰ পেলেষ্টাইনীক পশ্চিম আৰু দক্ষিণ চুবুৰীয়া অঞ্চললৈ যাবলৈ নিৰ্দেশ দিয়াৰ পিচতে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে । উদ্ধাৰকাৰীয়ে ৭০ টা মৃতদেহ উদ্ধাৰ কৰিছে আৰু কমেও ৫০ জন লোক সন্ধানহীন হৈ আছে ।
ইন্টাৰনেশ্যনেল ডেস্ক, ১৩ জুলাই :শুকুৰবাৰে গাজা চহৰত সংঘটিত এক হিংসাত্মক ঘটনাত ৭০ জনতকৈও অধিক পেলেষ্টাইনী নিহত হয় । আনহাতে, হামাছৰ এজন বিষয়াই অভিযোগ কৰে যে ইজৰাইলী কৰ্তৃপক্ষৰ এয়া 'পৰিকল্পিত গণহত্যা' । সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ প্ৰতিবেদনত এইকথা প্ৰকাশ ।
উল্লেখ্য, এই ঘটনা হৈছে ধাৰাবাহিকভাৱে সংঘটিত হৈ অহা বিধ্বংসী ঘটনাৰ শেহতীয়া ঘটনা । এই ঘটনাবোৰে গাজাত যথেষ্ট লোকৰ প্ৰাণ লোৱাৰ উপৰি বহু লোক গৃহহীন হ'বলগা পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ অনুসৰি, এই ঘটনাটোৰ ফলত মৃত্যুৰ সংখ্যা ৭০ জনতকৈও অধিক হৈছে । ইয়াৰ উপৰি আন বহু লোক আহত হয় । ইয়াৰে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতি আৰু সংঘৰ্ষৰ সময়ত বন্দী কৰা সকলো বন্দীক চৰ্তহীনভাৱে মুক্তি দিয়াৰ বাবে পুনৰ আহ্বান জনাইছে ।