ইণ্টাৰনেশ্যনেল ডেস্ক,২ এপ্ৰিল :গাজাৰ চিকিৎসালয়ত ইজৰাইলী সেনাৰ অভিযান অব্যাহত আছে । শেহতীয়া এক বিমান আক্ৰমণত এগৰাকী পেলেষ্টাইনী চালক আৰু দাতব্য সংস্থাৰ ৪ গৰাকী আন্তৰ্জাতিক সাহায্য কৰ্মী নিহত হোৱাৰ খবৰ পোৱা গৈছে ।
এটা ভিডিঅ'ত মধ্য গাজা চহৰ ডেইৰ-আল-বালাহৰ আল-আকছা শ্বহীদ চিকিৎসালয়ত ৫ টা মৃতদেহ দেখুওৱা হৈছে । তেওঁলোকৰ কেইবাজনো দাতব্য সংস্থাৰ লোগোৰ সৈতে সুৰক্ষামূলক পোছাক পিন্ধি আছিল । বাকী কৰ্মচাৰীসকলে মৃত তিনিজনৰ পাছপোৰ্ট দেখুৱাইছে । য'ৰ পৰা স্পষ্ট যে নিহত ৩ জন ব্ৰিটেইন, অষ্ট্ৰেলিয়া আৰু পোলেণ্ডৰ আছিল । অৱশ্যে চতুৰ্থ নিহতগৰাকী কোন দেশৰ সঠিকভাৱে জানিব পৰা হোৱা নাই ।
ইজৰাইলী সামৰিক বাহিনীয়ে কোৱা মতে তেওঁলোকে এই কৰুণ ঘটনাৰ পৰিস্থিতিৰ বুজ ল'বলৈ এক অনুসন্ধান চলাই আছে । তাৰকা চেফ জছ এণ্ড্ৰেছৰ দ্বাৰা প্ৰতিষ্ঠিত দাতব্য সংস্থা ৱৰ্ল্ড চেণ্ট্ৰেল কিচেনে জনোৱা মতে তেওঁ এই সন্দৰ্ভত তথ্য লাভ কৰিছে আৰু সকলো তথ্য লাভ কৰিলে তেওঁলোকে সংবাদ মাধ্যমক অৱগত কৰিব । সংস্থাটোৰ মুখপাত্ৰ লিণ্ডা ৰথে এক বিবৃতিত কয় যে এয়া এক ট্ৰেজেডী । মানৱীয় সাহায্যৰ বাবে কাম কৰি থকা লোক আৰু অসামৰিক লোকসকল কেতিয়াও আক্ৰমণৰ লক্ষ্য হ'ব নালাগে বুলি তেওঁ দাবী কৰে ।