ইণ্টাৰনেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী :বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটিছেচিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ৷ চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতিত মঙলবাৰে বিয়লি দেশখনৰ দক্ষিণ অংশত সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত পিনেৰাৰ মৃত্যু ঘটে বুলি জনায় । মৃত্যুৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ বয়স আছিল 74 ৷
পিনেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত বিবৃতিটোত কোৱা হৈছে, 'আমি গভীৰ দুখৰ সৈতে চিলি গণৰাজ্যৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰিছো ৷ 74 বছৰীয়া পিনেৰাৰ মৃত্যু চেণ্টিয়াগোৰ পৰা প্ৰায় 920 কিলোমিটাৰ (570 মাইল) দক্ষিণে থকা আমোদ-প্ৰমোদৰ স্থান লাগো ৰেংকোত হয় বুলি জনায় ।
দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনত চাৰিজন লোক আছিল বুলি চৰকাৰৰ জৰুৰীকালীন সংস্থা সেনাপ্ৰেডে জানিবলৈ দিয়ে । ইয়াৰে তিনিজন আঘাতপ্ৰাপ্ত হোৱা বুলি সংস্থাটোৱে লগতে কয় । চিলিৰ গৃহ দপ্তৰৰ মন্ত্ৰী কেৰ’লিনা টোহাই কয় যে ঘটৱনাস্থলীত উদ্ধাৰ চলোৱা দলে পিনেৰাৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু চৰকাৰে ৰাষ্ট্ৰীয় শোকৰ সময় ঘোষণা কৰিব ।