অসম

assam

ETV Bharat / international

মুম্বাইত টাইৱানৰ কাৰ্যালয় মুকলি কৰাক লৈ ভাৰতৰ প্ৰতি অসন্তুষ্ট চীন

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে কয় যে বিশ্বত কিন্তু এটাই চীন আছে আৰু টাইৱান চীনৰ ভূখণ্ডৰ এক অপৰিহাৰ্য অংশ।

By PTI

Published : 4 hours ago

China’s Foreign Ministry spokesperson Mao Ning
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিং (PTI)

বেইজিং:চীনে সদৰী কৰিছে যে মুম্বাইত টাইৱানৰ টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ (টিইচিচি) নতুনকৈ স্থাপিত কাৰ্যালয়ক লৈ দেশখনে ভাৰতৰ ওচৰত কূটনৈতিক প্ৰতিবাদ দাখিল কৰিছে। শেহতীয়াকৈ টাইৱানৰ দ্বাৰ ভাৰতত এই কাৰ্যালয় স্থাপনক লৈ ভাৰতৰ ওচৰত নিজৰ আপত্তি দৰ্শালে প্ৰতিবেশী চীনে ৷

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত এক প্ৰশ্নৰ উত্তৰ দি কয়, "বিশ্বত কিন্তু এটাই চীন আছে আৰু টাইৱান চীনৰ ভূখণ্ডৰ এক অপৰিহাৰ্য অংশ।"

"চীনে ইয়াৰ সৈতে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰি থকা দেশসমূহ আৰু টাইৱানৰ মাজত সকলো ধৰণৰ চৰকাৰী সম্পৰ্ক আৰু বাৰ্তালাপৰ তীব্ৰ বিৰোধিতা কৰে, যাৰ ভিতৰত আছে ইজনে সিজনৰ বাবে প্ৰতিনিধি কাৰ্যালয় স্থাপন। আমি ভাৰতৰ ওচৰত গাম্ভীৰ্যপূৰ্ণ অভিযোগ দাখিল কৰিছো," তেওঁ কয়।

মাওৱে কয় যে এক-চীন নীতি হৈছে ভাৰতৰ তৰফৰ পৰা কৰা এক গুৰুতৰ ৰাজনৈতিক প্ৰতিশ্ৰুতি আৰু ই চীন-ভাৰত সম্পৰ্কৰ ৰাজনৈতিক ভেটি হিচাপে কাম কৰে।

"চীনে ভাৰতীয় পক্ষক টাইৱান সম্পৰ্কীয় বিষয়বোৰ বিচক্ষণতাৰে আৰু সঠিকভাৱে নিষ্পত্তি কৰিবলৈ, টাইৱানৰ সৈতে কোনো ধৰণৰ চৰকাৰী বাৰ্তালাপ নকৰিবলৈ আৰু চীন-ভাৰত সম্পৰ্ক উন্নত কৰাৰ প্ৰক্ৰিয়াটোক বাধা নিদিবলৈ আহ্বান জনাইছে," তেওঁ কয়।

টিইচিচিয়ে বুধবাৰে ভাৰতৰ মুম্বাইত এটা শাখা মুকলি কৰে, যাৰ ফলত ভাৰতত ইয়াৰ কাৰ্যালয়ৰ সংখ্যা তিনিটা লৈ বৃদ্ধি হয়। ইয়াৰ আগৰে পৰা টিইচিচিৰ দুটা কাৰ্যালয় দিল্লী আৰু চেন্নাইত আছে।

উল্লেখ্য যে শেহতীয়াকৈ চীন আৰু টাইৱানৰ মাজৰ সম্পৰ্কত ঘূণে ধৰাৰ মাজতেই এই পদক্ষেপে ভাৰত চীন সম্পৰ্কতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:চীনক প্ৰতিহত কৰিবলৈ ভাৰত আৰু জাপানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক - India and Japan join hands

ABOUT THE AUTHOR

...view details