ইণ্টাৰনেচনেল ডেস্ক, ৫ মাৰ্চ :সোমবাৰে আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি হিচাপে নিজৰ স্থান পুনৰ ঘূৰাই পাইছে । ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সত ইলন মাস্কৰ স্থানৰ পতন ঘটিছে ।
ট্ৰেকাৰৰ মতে, বেজোছৰ সম্পত্তিৰ মুঠ মূল্য হৈছে 200 বিলিয়ন ডলাৰ । ইয়াৰ দ্বাৰা তেওঁ টেছলা প্ৰধানৰ মুঠ সম্পত্তি মূল্য 198 বিলিয়ন ডলাৰ অতিক্ৰম কৰে ।
আনহাতে, এক্স (পূৰ্বৰ টুইটাৰ) আৰু স্পেচএক্সৰ মুৰব্বী মাস্কৰ ধন-সম্পত্তি 30 বিলিয়ন ডলাৰতকৈও অধিক হ্ৰাস হোৱা দেখা গৈছে । কিয়নো শেহতীয়া মাহবোৰত টেছলাৰ শ্বেয়াৰৰ মূল্য 25 শতাংশ হ্ৰাস পাইছে ।
ইয়াৰ উপৰি মাস্কৰ বাবে আন এক দুখৰ বিষয় হৈছে যে জানুৱাৰী মাহত এখন আদালতে তেওঁৰ বিশাল টেছলা ক্ষতিপূৰণ চুক্তি বাতিল কৰাত অনুমোদন জনায়, যাৰ মূল্য আছিল 55.8 বিলিয়ন ডলাৰ । এই চুক্তি মূলত 2018 চনত কৰা হৈছিল ।