ইণ্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট:বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্ক পুনৰ উন্নীতকৰণৰ পোষকতা বাংলাদেশৰ ৰাজনৈতিক বিশ্লেষকৰ ৷ বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য কৰি এজন ব্যক্তি আৰু দলৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আন ৰাজনৈতিক দলৰ সৈতেও সম্পৰ্ক গঢ়ি তুলিলে ভাৰতে লাভৱান হ’ব বুলি দেওবাৰে কেবাজনো ৰাজনৈতিক বিশ্লেষক আৰু বৈদেশিক সম্পৰ্ক আৰু নিৰাপত্তা বিশেষজ্ঞই কয় ।
দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পদচ্যুত হোৱাৰ পিছত 84 বছৰীয়া নোবেল বিজয়ী মহম্মদ ইউনুছে হিংসা আৰু বিশৃংখলতাৰ মাজতে 8 আগষ্টত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰে ।
চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ ফলত পদত্যাগ কৰিবলৈ বাধ্য হোৱা 76 বছৰীয়া হাছিনাই 5 আগষ্টত ভাৰতলৈ পলায়ন কৰে ।
উল্লেখযোগ্য থিংকটেংক তথা বাংলাদেশ এণ্টাৰপ্ৰাইজ ইনষ্টিটিউট (বিইআই)ৰ মুৰব্বী হুমায়ুন কবীৰে পিটিআইৰ আগত কয়, “মই ভাবো যে বুজাবুজি দুয়োখন দেশৰ সম্পৰ্কৰ পুনৰ স্থাপনৰ আৰম্ভণিৰ প্ৰধান উদ্দেশ্য হ’ব লাগে ।”
তেওঁ কয় যে বাংলাদেশৰ চুবুৰীয়া হোৱাৰ বাবে যেতিয়াই বাংলাদেশ অসুবিধাৰ সন্মুখীন হয় তথা বৰ্তমান সময়তো সদায়ে আমাৰ লগত থাকি দেশখনৰ প্ৰতি সহযোগিতা আগবঢ়োৱাতো জৰুৰী ৷ তেতিয়াহে বাংলাদেশৰ মানুহে ভাৰতক বন্ধু ৰাষ্ট্ৰ হিচাপে গণ্য কৰিব ।
কবীৰে পুনৰ কয়, "ভাৰতে যদি বৰ্তমানৰ পৰিৱৰ্তনক ‘ইতিবাচকভাৱে সমৰ্থন’ কৰে তেন্তে ভাৰতে লাভৱান হ’ব ৷ যদিহে ই এজন ব্যক্তি আৰু দলৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে আন ৰাজনৈতিক দলৰ সৈতেও সম্পৰ্ক গঢ়ি তোলে ।"
বাংলাদেশ শান্তি আৰু নিৰাপত্তা অধ্যয়ন প্ৰতিষ্ঠানৰ সভাপতি অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল মুনিৰুজ্জামানে কয় যে ভাৰতে বাংলাদেশৰ গণ অভ্যুথ্থান দেখিছে । আমি ভাৰত সৈতে বন্ধুত্ব কৰিবলৈ আগ্ৰহী যিটো আমাৰ জাতীয় স্বাৰ্থৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে ।"
বাংলাদেশৰ চেণ্টাৰ ফৰ পলিচি ডাইলগ (চিপিডি)ৰ অগ্ৰণী, নাগৰিক সমাজৰ ব্যক্তি তথা অৰ্থনীতিবিদ দেৱপ্ৰিয়া ভট্টাচাৰ্যই কয় যে শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ দৃষ্টিকোণৰ পৰা বাংলাদেশ-ভাৰতৰ সম্পৰ্ক দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ ।
"ভাৰতীয় জনসাধাৰণৰ ৰায়ক সন্মান জনাই বাংলাদেশ কংগ্ৰেছে ক্ষমতা ত্যাগ কৰিবলগীয়া হোৱাৰ পিছত বিজেপি চৰকাৰৰ সৈতে লাভজনকভাৱে জীয়াই আছে । ভাৰতেও এতিয়া একে কাম কৰা উচিত যিহেতু আৱামি লীগ শাসন ব্যৱস্থাক ছাত্ৰ-নাগৰিক বিদ্ৰোহৰ জৰিয়তে পদচ্যুত কৰা হৈছে ।"
তেওঁ কয় যে অনাগত দিনত ভাৰতে “বিশ্বাস আৰু পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত সম্পৰ্ক পুনৰ গঢ়ি তুলিব লাগিব” আৰু “নিজৰ দেশৰ কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ পণবন্দী হৈ থাকিব নালাগে ৷ আমি সচেতন হোৱা উচিত যে এখন দেশৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় আন এখন দেশৰ সংখ্যাগৰিষ্ঠ (আৰু) সেয়েহে আমাৰ নিজ নিজ দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি থকা ব্যৱহাৰ আমাৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ চলক হ’ব ।”
বিশ্লেষকসকলে কয় যে আন ৰাজনৈতিক গোটক আওকাণ কৰি দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে বিগত 16 বছৰ ধৰি হাছিনাৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ সৈতে হাছিনা আৰু মোদীৰ সম্পৰ্ক অতি ভাল আছিল ।