Bangladesh crisis: বাংলাদেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ ভয়ংকৰ হৈ পৰিছে । জেচোৰ জিলাত আৱামী লীগৰ এগৰাকী নেতাৰ হোটেলত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে । ৮ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ৮৪ গৰাকী আহত হৈছে । কেইবাটাও প্ৰান্তৰ আৰক্ষী থানাত প্ৰতিবাদকাৰীৰ আক্ৰমণ ।
আৱামী লীগৰ নেতাৰ হোটেলত অগ্নিসংযোগ (ANI)
ইণ্টাৰনেশ্যনেল, ৬ আগষ্ট :বাংলাদেশৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈছে । দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীয়ে ধ্বংসলীলা চলোৱা দেখা গৈছে । ইয়াৰ মাজতে জেচোৰৰ এখন হোটেলত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে । এই অগ্নিকাণ্ডত প্ৰায় ৮ গৰাকী লোক নিহত হয় আৰু ৮৪ গৰাকী লোক আহত হয় ।