ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ জানুৱাৰী :শেহতীয়াকৈ দেশৰ শ্ৰমিক আইন উলংঘা কৰাৰ অভিযোগত বাংলাদেশৰ এখন শ্ৰমিক আদালতে নবেল বঁটা বিজয়ী মহম্মদ ইউনুছক ৬ মাহৰ কাৰাদণ্ড প্ৰদান কৰিছিল । দেওবাৰে এখন আদালতে মহম্মদ ইউনুছক জামিন প্ৰদান কৰে আৰু আদালতে তেওঁৰ শাস্তিৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদন গ্ৰহণ কৰিবলৈ সন্মত হয় । দৰিদ্ৰ লোকসকলক, বিশেষকৈ মহিলাসকলক সহায় কৰিবলৈ মাইক্ৰ'ক্ৰেডিট ব্যৱহাৰৰ পথ প্ৰদৰ্শক ইউনুছে দেওবাৰে পুৱা জামিন বিচাৰি আবেদন দাখিল কৰিছিল । উল্লেখ্য যে ২০০৬ চনত মহম্মদ ইউনুছৰ উল্লেখযোগ্য কামৰ বাবে তেওঁক শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছিল ।
৮৩ বছৰীয়া অৰ্থনীতিবিদগৰাকীৰ লগতে টেলিকমিউনিকেচন কোম্পানীৰ আন ৩ গৰাকী বিষয়াক ১ জানুৱাৰীত ৬ মাহৰ কাৰাদণ্ড দিয়া হৈছিল । অৱশ্যে তেওঁলোকক ৩০ দিনৰ জামিন প্ৰদান কৰা হৈছিল । দেওবাৰৰ আদালতৰ সিদ্ধান্তত কোৱা হৈছে যে শাস্তিৰ আবেদনৰ ওপৰত চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে জামিন কাৰ্যকৰী হৈ থাকিব । প্ৰতিৰক্ষা অধিবক্তা আব্দুল্লাহ আল মামুনে কয় যে আবেদনটোৰ ওপৰত প্ৰথম শুনানি ৩ মাৰ্চত অনুষ্ঠিত হ'ব ।
এই গোচৰটোত গ্ৰামীণ টেলিকম অন্তৰ্ভুক্ত আছে, যাক ইউনুছে এক অ-লাভজনক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰিছিল । ইউনুছৰ সমৰ্থকসকলে কৈছিল যে এই গোচৰটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত । এই মাহৰ আৰম্ভণিতে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে ।