ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী :অষ্ট্ৰেলিয়াৰ লেখক তথা ব্লগাৰ য়াং হেংজুনক চীনৰ এখন আদালতে নিলম্বিত মৃত্যুদণ্ডৰ ঘোষণা কৰে । এই খবৰে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । চীনৰ এই ৰায়দানক লৈ আচৰিত অষ্ট্ৰেলিয়া । অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱাঙে এক বিবৃতিত কয় যে এইটো ড৹ য়াং তেওঁৰ পৰিয়াল আৰু তেওঁক সমৰ্থন কৰা সকলোৰে বাবে দুখজনক খবৰ ।
উল্লেখ্য যে, য়াঙক ২০১৯ চনৰ ১৯ জানুৱাৰীত চীনত আটক কৰা হৈছিল । পত্নী আৰু কন্যাৰ সৈতে নিউয়ৰ্কৰ পৰা গুয়াংঝৌত উপস্থিত হোৱাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁক ২০২১ চনৰ মে' মাহত বেইজিঙত চোৰাংচোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল আৰু ৰায়ৰ বাবে অপেক্ষা কৰি আছিল । এতিয়ালৈ তেওঁৰ গোচৰৰ বিৱৰণ প্ৰকাশ কৰা হোৱা নাই ।
অৱশ্যে অষ্ট্ৰেলিয়া বা আমেৰিকাৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগ য়াঙে অস্বীকাৰ কৰিছে । এনে পৰিপ্ৰেক্ষিতত চীনা আদালতে তাৎক্ষণিকভাৱে শাস্তি ঘোষণা কৰা নাছিল । চীনত নিলম্বিত শাস্তিবোৰ সাধাৰণতে এক নিৰ্দিষ্ট সময়ৰ পিচত আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰা হয় ।
য়াঙৰ জন্ম চীনত হৈছিল আৰু পিচত হংকঙৰ ব্যক্তিগত খণ্ডক কাম কৰিছিল । পিচত অষ্ট্ৰেলিয়ালৈ যোৱাৰ পূৰ্বে তেওঁ এগৰাকী কূটনীতিবিদ আৰু ৰাজ্যিক সুৰক্ষা এজেণ্ট আছিল । তেওঁ ২০০২ চনত অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব লাভ কৰিছিল । লক্ষণীয়ভাৱে চীনে দ্বৈত নাগৰিকত্বক স্বীকৃতি নিদিয়ে ।