অসম

assam

ETV Bharat / international

তুৰ্কীৰ মহাকাশ আৰু প্ৰতিৰক্ষা কোম্পানীক লক্ষ্য কৰি আক্ৰমণ; নিহত ৪

বুধবাৰে সংঘটিত হোৱা আক্ৰমণত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় । তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে সদৰী কৰে এই কথা ৷

TERROR ATTACK IN TURKEY
তুৰ্কীৰ প্ৰতিৰক্ষা কোম্পানীক লক্ষ্য কৰি আক্ৰমণ (Twitter@EBluemountain1)

By ETV Bharat Assamese Team

Published : 4 hours ago

আংকাৰা: বুধবাৰে পুৱা তুৰ্কীৰ চৰকাৰী মহাকাশ আৰু প্ৰতিৰক্ষা কোম্পানী টুছাছ(TUSAS)ৰ চৌহদত আক্ৰমণকাৰীয়ে বিস্ফোৰক ঘটনাই আৰু গুলীচালনা কৰে ৷ এই ঘটনাত চাৰিজন লোক নিহত হয় আৰু কেইবাজনো আহত হয় । তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে এই কথা জানিবলৈ দিয়ে ৷ ইফালে তুৰস্কৰ আভ্যন্তৰীণ মন্ত্ৰী মন্ত্রী আলী এৰলিকায়াই আক্রমণকাৰীসকলৰ দুজনৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৷

"আমাৰ চাৰিজন শ্বহীদ আছে আৰু ১৪ জন আহত আছে । এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক মই গৰিহণা দিছো আৰু আমাৰ শ্বহীদসকলৰ ওপৰত সদগতিৰ কামনা কৰিছো ।" ৰাছিয়াৰ কাজানত ব্ৰিকছৰ বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকৰ সময়ত এৰদোগানে এইদৰে কয় । এই আক্ৰমণক লৈ পুটিনেও তেওঁক সমবেদনা জ্ঞাপন কৰে ।

কাহৰামাংকাজান জিলাখনৰ মেয়ৰ চেলিম চিৰপানোগলুৱে দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, ৰাজধানী আংকাৰাৰ উপকণ্ঠ অঞ্চলত অৱস্থিত কোম্পানীটোৰ ওপৰত আক্ৰমণ বন্ধ হৈ গৈছে যদিও সবিশেষ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই । ইয়াৰ আঁৰত কোন থাকিব পাৰে সেয়া স্পষ্ট হোৱা নাই । ইয়াৰ পূৰ্বেও কুৰ্দি উগ্ৰপন্থী, ইছলামিক ষ্টেট গোট আৰু বাওঁপন্থী উগ্ৰপন্থীয়ে দেশখনত আক্ৰমণ চলাইছিল ।

টেলিভিছনত সম্প্ৰচাৰিত এই আক্ৰমণৰ নিৰাপত্তাৰক্ষীৰ কেমেৰাৰ ছবিত সাধাৰণ কাপোৰ পিন্ধা এজন লোকে বেগ লৈ আৰু হাতত এছাল্ট ৰাইফল লৈ থকা দেখা গৈছে । তুৰ্কী সংবাদ মাধ্যমে জনোৱা মতে, এগৰাকী মহিলাসহ তিনিজন আক্ৰমণকাৰীয়ে এখন টেক্সিৰে চৌহদৰ প্ৰৱেশদ্বাৰত উপস্থিত হয় । অস্ত্ৰ লৈ অহা আক্ৰমণকাৰীয়ে টেক্সিখনৰ কাষতে বিস্ফোৰণ ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰে আৰু ভিতৰত প্ৰৱেশ কৰে ।

ডি এইচ এ সংবাদ সংস্থা আৰু অন্যান্য সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তুৰ্কীৰ নিৰাপত্তা বাহিনীয়ে উক্তস্থানত প্ৰৱেশ কৰাৰ পিছত কেইবাটাও বন্দুকৰ গুলীৰ শব্দ শুনা যায় । কমপ্লেক্সটোৰ ওপৰেৰে হেলিকপ্টাৰ যোৱা দেখা যায় । টুছাছে(TUSAS) অসামৰিক আৰু সামৰিক বিমান, মানৱবিহীন বিমান আৰু অন্যান্য প্ৰতিৰক্ষা উদ্যোগ আৰু মহাকাশ ব্যৱস্থাৰ ডিজাইন, নিৰ্মাণ আৰু একত্ৰীকৰণ কৰে । তুৰস্ক আৰু ইৰাকৰ সীমান্তৰ সিপাৰে কুৰ্দি উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজত তুৰস্কক আগবাঢ়ি যোৱাত ইউএভি(UAV)ৰ সহায়ক হৈছে ।

উপ-ৰাষ্ট্ৰপতি ছেভডেট য়িলমাজে কয় যে এই আক্ৰমণৰ লক্ষ্য হৈছে তুৰ্কিয়েৰ “ৰক্ষা উদ্যোগত সফলতা” । টুইটাৰযোগে তেওঁ লিখিছে যে এই আক্ৰমণে প্ৰতিৰক্ষা উদ্যোগৰ বীৰ কৰ্মচাৰীসকলক বিৰত ৰাখিব নোৱাৰে ।

লগতে পঢ়ক:ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ আক্ৰমণ; ৪ আইডিএফ জোৱান নিহত

ABOUT THE AUTHOR

...view details