ইণ্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট:এয়াৰ ইণ্ডিয়াৰ এগৰাকী ক্ৰু সদস্যক আক্ৰমণৰ অভিযোগ ৷ চলিত সপ্তাহৰ আৰম্ভণিতে এয়াৰ ইণ্ডিয়াৰ ক্ৰু সদস্য এগৰাকী লণ্ডনত থকা সময়ছোৱাত তেওঁক দুৰ্বৃত্তই হোটেলৰ কোঠাত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । বৃহস্পতিবাৰৰ নিশা হিথ্ৰ’ৰ ৰেডিছন ৰেড হোটেলত একাধিক এয়াৰ ইণ্ডিয়াৰ বিমানৰ ক্ৰু থকাৰ দিনাই সংঘটিত হয় এই ঘটনাটো ।
বলপূৰ্বকভাৱে প্ৰৱেশ কৰি দুস্কৃতিকাৰীয়ে ক্ৰু মেম্বাৰগৰাকীক আক্ৰমণ কৰাৰ চেষ্টা কৰে যদিও তেওঁৰ চিঞৰ শুনি সহকৰ্মীসকল ততাতৈয়াকৈ তেওঁৰ কোঠালৈ আহে । পৰৱৰ্তী সময়ত হোটেলৰ কৰ্মচাৰীয়ে অভিযুক্তক আটক কৰে ।
জানিব পৰা মতে, ক্ৰু সদস্যগৰাকী শুই থকা অৱস্থাতে দুস্কৃতিকাৰীয়ে কোঠাত প্ৰৱেশ কৰি কাপোৰ ৰখা হেঙাৰেৰে সদস্যগৰাকীক আক্ৰমণ কৰে আৰু টানি লৈ যায় । আক্ৰমণৰ ফলত যুৱতীগৰাকী আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান ভাৰতলৈ উভতি আহি কাউন্সেলিং কৰি আছে । এই কাণ্ডই হোটেলখনৰ নিৰাপত্তা সন্দৰ্ভত সকলোৰে মনত প্ৰশ্ন তুলিছে ৷ ঘটনা সংঘটিত হোৱাৰ পূৰ্বে অপৰ্যাপ্ত ব্যৱস্থা, আন্ধাৰ কৰিডৰ, অভ্যৰ্থনা বিভাগত কৰ্মচাৰীৰ অভাৱ আৰু সন্দেহজনক ব্যক্তিয়ে দুৱাৰত টুকুৰিওৱা বুলি অভিযোগ দাখিল কৰা হৈছিল ।