শীতকাল বুলিলে আমাৰ কাৰণে এক বিশেষ ঋতু ৷ শীতৰো আমেজ আছে আৰু শীতে ছালৰ ওপৰত পেলোৱা প্ৰভাৱো আছে, তাৰ মাজতেই আমি ছালখনক সুস্থ সবল, সতেজ, উজ্জ্বল কৰি ৰাখিব লাগে, শীতকালত আদ্ৰতা সৃষ্টি হোৱা কাৰণে ছালখন শুকান হৈ পৰে, এইক্ষেত্ৰত আমি চাবোনজাতীয় সামগ্ৰী সীমিত আৰু নিয়ম অনুসাৰে ব্যৱহাৰ কৰাটো উচিত ৷
ছালৰ সৈতে জড়িত এনে বহু কথা আছে যাৰ বিষয়ে জনাটো খুবেই দৰকাৰী ৷ সেয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এটি বিশেষ সাক্ষাৎকাৰত চৰ্মৰোগ বিশেষজ্ঞ চিকিৎসক প্ৰাঞ্জলজ্যোতি দত্তই কি ক’লে জানো আহক-
চৰ্মৰোগ বিশেষজ্ঞ প্ৰাঞ্জলজ্যোতি দত্ত (ETV Bharat)
শীতকালত ছালখনক কিদৰে সতেজ কৰি ৰাখিব পাৰি আৰু কি কি ব্যৱহাৰ কৰাৰ পৰা আঁতৰত থাকিব লাগে ?
শীতকালত ছালক সতেজ আৰু সুস্থ সৱল কৰি ৰাখিবৰ বাবে চোক থকা চাবোন আৰু বডিৱাচ ইত্যাদি ব্যৱহাৰ আমি সীমিত কৰিব লাগিব, প্ৰয়োজনত ক'ম চোক থকা সামগ্ৰীহে ব্যৱহাৰ কৰাটো প্ৰয়োজন ৷ সঘনাই গা ধোৱাটো বন্ধ কৰিব লাগে ,দৈনিক এবাৰ বা দুবাৰহে গা-ধুব লাগে ৷ লগতে চিকিৎসকগৰাকীয়ে কয় যে গা ধোৱাৰ পাছত ঘহি ঘহি গা মচিব নালাগে, ইয়াৰ ফলত ছালৰ ক্ষতি হ'ব পাৰে আৰু ছালত থকা পদাৰ্থৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু আমি কপাহী কপোৰ পিন্ধিব লাগে ৷ আনহাতে মিঠাতেলৰ জৰিয়তে গা মালিচ, একেলেথাৰিয়ে জুইৰ তাপ ললে আমাৰ ছালখন নষ্ট হ'ব পাৰে ৷ ইয়াৰ লগতে পাৰফিউম ব্যৱহাৰৰ পৰাও দূৰত থাকিব লাগে ৷
সেয়ে শীতকালত আমাৰ ছালক সুস্থ-সতেজ কৰিবৰ বাবে উক্ত নিয়ম মানি চলাৰ লগতে প্ৰচুৰ পৰিমাণে পানী খোৱাটো অতি দৰকাৰী ৷
উফিৰ সমস্যাৰ পৰা আমি কেনেদৰে মুক্ত হ'ব পাৰো আৰু উফি কেই প্ৰকাৰৰ ?
চিকিৎসক প্ৰাঞ্জলজ্যোতি দত্তই পুনৰ কয় যে, শীতকালতো উফি জাতীয় সমস্যাই আমাক জৰ্জৰিত কৰি তোলে, উফি দুবিধ- ছাল এৰাই হোৱা আৰু ভেকুৰ জাতীয় বীজাণুৰ পৰা হোৱা ৷ সেয়েহে উফিৰ ক্ষেত্ৰত সদায় আমি মনত ৰাখিব লাগিব যে আমি পৰাপক্ষত মূৰত অত্যধিক তেল ব্যৱহাৰৰ পৰা আতৰি থাকিব লাগে, কিছুসময়ৰ কাৰণে সানিলেও পুনৰ চেম্পু মাৰি ধুই পেলাব লাগে, ধোৱাৰ পিছত চুলিখিনি ভালদৰে শুকাবলৈ দিব লাগে, কেতিয়াও আধা শুকুৱা কৰিব নালাগে . এই নিয়ম অৱজ্ঞা কৰিলে আমাৰ বিভিন্ন ৰোগৰ সংক্ৰমণ ঘটিব পাৰে ৷
খৰ-খজুৱতি হ’লে আমি প্ৰাথমিক অৱস্থাত কি কৰিব লাগে আৰু ইয়াৰ পৰা কিদৰে ৰক্ষা পাব পাৰি ?
খৰ হৈছে এক ভেকুৰ জাতীয় বীজাণু ৷ এই বীজাণু মাটি, পানী আৰু জীৱ-জন্তু, কাপোৰ-কানি আৰু সংক্ৰমিত কোনো মানুহৰ লগতে বিভিন্ন উৎসৰ পৰা সংক্ৰমণ হয় ৷ খৰ-খজুৱতি হলে প্ৰথমতে আমি খৰ হোৱা স্থানখিনি পৰিস্কাৰ পানী ব্যৱহাৰ কৰি চাবোনেৰে ধুব লাগে, পাৰিলে গৰম পানী ব্যৱহাৰ কৰাটো দৰকাৰ ৷ ধোৱাৰ পিছত ঠাইডোখৰ পৰিস্কাৰ কাপোৰেৰে মচি ভালদৰে শুকাবলৈ দিব লাগে ৷ ধোৱাৰ পিছত উক্ত স্থান শুকোৱাটো অতি প্ৰয়োজন, তিতি থাকিলে, আধা শুকালে বা সেমেকি থাকিলে বীজানুবোৰ সহজে নমৰে আৰু ল’ৰাবোৰে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঢিলা অন্তৰ্বাস পিন্ধাৰ লগতে ছোৱালীসকলে পাতল আৰু কোমল কাপোৰ পিন্ধাটো প্ৰয়োজন ৷ বিশেষকৈ কপাহী কাপোৰৰ ওপৰত গুৰুত্ব দিব লাগে ৷