বয়স বৃদ্ধিৰ লগে লগে মহিলাসকলৰ সঘনাই প্ৰস্ৰাৱ অহা বা প্ৰস্ৰাৱ অহাৰ দৰে অনুভৱ হোৱাৰ সমস্যা সাধাৰণতে দেখা যায় ৷ বহু কাৰণত এনে হ’ব পাৰে ৷ সাধাৰণতে এই সমস্যাত ভুগি থকা মহিলাসকলে লাজ বা আন কাৰণত কেতিয়াও কাকো এই বিষয়ে নকয়, যিটো ভুল ৷ কাৰণ কেতিয়াবা এই সমস্যাটোক আওকাণ কৰিলে প্ৰস্ৰাৱৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ দৰে সমস্যাটো আৰু অধিক ভয়াৱহ হ’ব পাৰে বা আন বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
বয়স বৃদ্ধিৰ লগে লগে মহিলাসকলে সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যাটোক আওকাণ কৰাটো পৰিহাৰ কৰা উচিত ৷ ৪০-৫০ বছৰ বয়সৰ পিছত মহিলাসকলে প্ৰায়ে সঘনাই প্ৰস্ৰাৱ কৰা বা প্ৰস্ৰাৱ কৰিবলৈ হেঁচা অনুভৱ কৰাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ এই সমস্যাই কেৱল শাৰীৰিক অস্বস্তিৰ সৃষ্টি কৰাই নহয় সামাজিক জীৱনতো প্ৰভাৱ পেলায় ৷
চিকিৎসকৰ মতে, বয়স বৃদ্ধিৰ লগে লগে মহিলাসকলে সঘনাই প্ৰস্ৰাৱ হোৱা অনুভৱ কৰাটো স্বাভাৱিক যদিও ইয়াক আওকাণ কৰাটো সঠিক নহয় ৷ কাৰণ সময়মতে চিকিৎসা আৰু অন্যান্য সাৱধানতা অৱলম্বন নকৰিলে এই সমস্যা বৃদ্ধি হোৱাই নহয় আন কিছু সমস্যাৰো সৃষ্টি কৰিব পাৰে ৷
কাৰণ:
বেংগালুৰুৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ জয়ন্তী কে ৱাডেকাৰে কয় যে, মহিলাৰ এই সমস্যাৰ বাবে বহু কাৰণ দায়ী হ’ব পাৰে, যিবোৰ হৰম’নৰ সমস্যাৰ লগতে শাৰীৰিক দুৰ্বলতাৰ সৈতেও জড়িত হ’ব পাৰে ৷ আচলতে বয়স বৃদ্ধিৰ বাবে আমাৰ শৰীৰৰ ব্যৱস্থাবোৰত বহু পৰিৱৰ্তন ঘটে ৷ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই বয়সত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন ঘটে ৰজোনিবৃত্তিৰ ৰূপত ৷ ঋতুস্ৰাৱ বন্ধ হোৱা পৰ্যায়টোৱেই হ’ল ৰজোনিবৃত্তি ৷ এইটো এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া আৰু ইয়াৰ বাবে বহু ধৰণৰ হৰম’নৰ পৰিৱৰ্তন আৰু দুৰ্বলতা মহিলাৰ ক্ষেত্ৰত দেখা যায় ৷
ইয়াৰ বাহিৰেও বয়স বৃদ্ধিৰ প্ৰভাৱৰ বাবে কেতিয়াবা মূত্ৰাশয় আৰু শ্ৰোণী পেশী দুৰ্বল হ’বলৈ আৰম্ভ কৰে ৷ যিয়ে এনে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ অতি সক্ৰিয় মূত্ৰাশয় বা ইউটিআইয়েও কেতিয়াবা এই ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ তেওঁ কয় যে মহিলাসকলে সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱ কৰিবলৈ মন যোৱা বা প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বহু কাৰণ থাকিব পাৰে ৷ মূল কিছুমান তলত দিয়া ধৰণৰ ৷
হৰম’নৰ পৰিৱৰ্তন: ৰজোনিবৃত্তিৰ সময়ত বা তাৰ পিছত শৰীৰত ইষ্ট্ৰজেন হৰম’নৰ অভাৱে কেতিয়াবা মূত্ৰাশয় আৰু প্ৰস্ৰাৱ নলী দুৰ্বল কৰি তুলিব পাৰে ৷