ন মাহ যেতিয়া গৰ্ভত শিশুৰ বিকাশ হৈ থাকে তেতিয়া এগৰাকী মাতৃৰ শৰীৰত কেৱল বাহ্যিকভাৱে নহয়, আভ্যন্তৰীণভাৱেও বহু পৰিৱৰ্তন ঘটে ৷ কোৱা হয় যে গৰ্ভধাৰণৰ পিচত প্ৰতিগৰাকী মাতৃৰ পুনৰ জনম হয় ৷ এই সময়ছোৱাত এগৰাকী মাতৃয়ে সকলো দুখ-কষ্ট সহ্য কৰিব পৰা ক্ষমতা লাভ কৰে ৷ প্ৰসৱৰ পিচত এগৰাকী মাতৃয়ে বহু সমস্যাৰ সন্মূখীন হ’বলগীয়া হয় ৷ বিশেষকৈ বহু মহিলাৰ ক্ষেত্ৰত প্ৰসৱৰ পিচত পুনৰ স্বাভাৱিক মাহেকীয়া বা ঋতুস্ৰাৱ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বহু সমস্যাই দেখা দিয়ে ৷
কিছুমান মহিলাৰ প্ৰসৱৰ ৪০ দিনৰ পিচত মাহেকীয়া হয় যদিও কিছুমানৰ বাবে এবছৰো সময় লাগিব পাৰে ৷ ইয়াৰ উপৰিও যদি প্ৰসৱৰ পিচত মাহেকীয়া হ’বলৈ আৰম্ভ কৰে, তেন্তে পিচৰ মাহতো ঋতুস্ৰাৱ হোৱাটো গুৰুত্বপূৰ্ণ ৷ যদি আপুনি মাহেকীয়া বাদ পৰে তেন্তে পুনৰ গৰ্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি পায় ৷
প্ৰথম ঋতুস্ৰাৱ স্তনপানৰ ওপৰত নিৰ্ভৰ কৰে
যদি মাতৃয়ে শিশুটিক স্তনপান কৰাই আছে তেন্তে প্ৰথম ঋতুস্ৰাৱত ৮ সপ্তাহ বা তাতকৈ অধিক সময় লাগিব পাৰে ৷ বিপৰীত ক্ষেত্ৰত ৬-৮ সপ্তাহত ঋতুস্ৰাৱ হ’ব পাৰে ৷