প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই বিচাৰে যে তেওঁৰ গৰ্ভত থকা শিশুটি সুস্থ তথা সবল হোৱাটো আৰু লগতে শিশুটিৰ মানসিক আৰু শাৰীৰিক বিকাশ সঠিক হোৱাটো ৷ এই আটাইবোৰ নিৰ্ভৰ কৰে শিশুটিৰ ওজনৰ ওপৰত
বহু সময়ত দেখা যায় যে গৰ্ভাৱস্থাত মাতৃয়ে বহুতো স্বাস্থ্যসন্মত বস্তু সেৱন কৰে ৷ ইয়াৰ পিছতো জন্মৰ সময়ত শিশুটিৰ ওজন কম হৈ থাকে ৷ আপোনাৰ শিশুটিৰ লগত এনে নহ’বলৈ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই নিজৰ খাদ্য তালিকাত কিছুমান বিশেষ বস্তু গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ, যাৰ ফলত শিশুৰ ওজনৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে ৷ বিশেষকৈ নৱম মাহত এনে ধৰণৰ খাদ্যাভ্যাস পালন কৰিব লাগে ৷
মনত ৰাখিব যে প্ৰতিগৰাকী মহিলাৰ বাবে এই সময়টোৱেই আটাইতকৈ জটিল ৷ এই সময়লৈকে শিশুৰ সকলো অংগ সম্পূৰ্ণৰূপে বিকশিত হয়, শিশুৰ গতিবিধি বৃদ্ধি পায় আৰু আন ত্ৰিমাসিকৰ তুলনাত এই সময়ছোৱাত তেওঁক অধিক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয় ৷ সেয়ে আজি এই প্ৰতিবেদনৰ আমি আপোনালোকক স্বাস্থ্যসন্মত খাদ্যৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ টিপছৰ বিশয়ে ক’বলৈ ওলাইছো ৷ এই সন্দৰ্ভত আজি আমি স্ত্ৰীৰোগ আৰু আইভিএফ বিশেষজ্ঞৰ ডাঃ শ্বোভা গুপ্তাৰ পৰা কিছু গুৰুত্বপূৰ্ণ কথা জানিবলৈ চেষ্টা কৰো আহক-
গৰ্ভাৱস্থাৰ নৱম মাহত মহিলাসকলে খাদ্য তালিকাত কেনে খাদ্য অন্তৰ্ভুক্ত কৰা উচিত ?
খাদ্যত শুকান ফল আৰু বাদাম অন্তৰ্ভুক্ত কৰক
প্ৰতিগৰাকী মহিলাই গৰ্ভাৱস্থাৰ নৱম মাহত শুকান ফল আৰু বাদাম গ্ৰহণ কৰাটো উচিত ৷ অৱশ্যে সীমিত পৰিমাণত গ্ৰহণ কৰিলেহে লাভজনক ৷ শুকান ফল আৰু বাদামত বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন ই প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ কাঠবাদামৰ কথা ক’বলৈ গ’লে ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু মনোচেচুৰেটেড ফেট পোৱা যায়, যিয়ে গৰ্ভাৱস্থাৰ সময়ত শিশুৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ একে সময়তে পিস্তা শিশুৰ পেশীৰ বিকাশৰ বাবে খুবেই লাভদায়ক ৷ আনহাতে, কাজু বাদাম আইৰণৰ ভাল উৎস ৷ ইয়াত কেলচিয়াম আৰু মেগনেছিয়ামো পোৱা যায়, যাৰ ফলত গাঁঠি আৰু হাড় মজবুত হয় ৷