দেশত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগীৰ সংখ্যা ৷ শেহতীয়াকৈ হাৰ্ট এটেক হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৃত্যুৰ কাৰণ ৷ পূৰ্বে বয়সস্থ লোকৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ প্ৰৱণতা অধিক আছিল যদিও বৰ্তমান সময়ত কম বয়সৰ যুৱক-যুৱতীও ইয়াৰ ফলত মৃত্যুৰ মুখত পৰিবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ মূল কাৰণ হৈছে অনিয়মিত জীৱনশৈলী ৷ ইয়াৰ বাবে প্ৰত্যেকেই দৈনন্দিন জীৱনত খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱাটো উচিত আৰু কিছুমান বিশেষ অভ্যাস যেনে শাৰীৰিক কাৰ্য-কলাপ, ওজন নিয়ন্ত্ৰণ, মদ্যপান আৰু ধূমপান আদি অভ্যাস ত্যাগ কৰাটো উচিত ৷ আপুনি ২০ বছৰ বয়সৰ হওক বা ৫০ বছৰৰ ওপৰৰ হওক, এই সৰু সৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি আপুনি হৃদৰোগৰ দৰে মাৰাত্মক স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ৷
বেছিভাগ হৃদযন্ত্ৰৰ সমস্যাই লক্ষণবিহীন ৷ কাৰণ বহু বছৰৰ ভিতৰত লাহে লাহে ইয়াৰ বিকাশ ঘটে ৷ যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে মাৰাত্মক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় ৷ এইমছ ভোপালৰ জ্যেষ্ঠ চিকিৎসক অজয় সিঙে কয় যে, এই ৰোগৰ পৰা হাত সাৰিবলৈ জীৱনশৈলীত এবিচিডিইএফৰ সূত্ৰ মানি চলিব লাগে ৷
কি হয় ABCDEF সূত্ৰ:
এইমছ ভোপালৰ চিকিৎসক অজয় সিঙে কয় যে, জীৱনশৈলী উন্নত কৰাৰ লগতে হৃদৰোগ প্ৰতিৰোধৰ বাবে তলত উল্লেখ কৰা ৬টা গুৰুত্বপূৰ্ণ দিশৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয় ৷ যেনে-
A (Addiction)-A ৰে Addiction মানে সুৰা আৰু ধূমপানৰ দৰে মাদক দ্ৰব্য সেৱনৰ অভ্যাস ত্যাগ কৰা ৷ কাৰণ সুৰা আৰু চিগাৰেট সেৱনৰ লগে লগে হৃদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায় ৷ গতিকে সুস্থ হৃদযন্ত্ৰৰ বাবে এই বেয়া অভ্যাস পৰিহাৰ কৰা উচিত ৷