Covid-19ৰ পিছত চীনৰ শ শ লোকক অশান্তি দি অহা Human Metapneumovirus (HMPV) লাহে লাহে বিশ্বৰ আন দেশলৈ বিয়পিবলৈ ধৰিছে ৷ এই পৰ্যন্ত ভাৰতত এই ভাইৰাছৰ ৫ জন ৰোগী ধৰা পৰিছে ৷ বেংগালুৰু, আহমেদাবাদৰ লগতে তামিলনাডুৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগী ধৰা পৰিছে ৷
বিশেষজ্ঞসকলৰ মতে, এই ভাইৰাছে মূলতঃ শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰভাৱ পেলায় আৰু ইয়াৰ লক্ষণসমূহ সাধাৰণ ফ্লুৰ দৰেই হ’ব পাৰে ৷ কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল থকা লোক আৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ইয়াৰ ফলত গুৰুতৰ সংক্ৰমণ হ’ব পাৰে ৷
এইচ এম পি ভি প্ৰথমে কোন অংগত প্ৰভাৱ পেলায় ?
এই ভাইৰাছে প্ৰথমে হাওঁফাওঁ আৰু বায়ুপথক লক্ষ্য কৰি লয় ৷ এই সংক্ৰমণে শ্বাসনলীৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা, কাহ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ এই সংক্ৰমণ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোক, সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধ লোকৰ ক্ষেত্ৰত দ্ৰুতগতিত বিয়পিব পাৰে আৰু ইয়াৰ ফলত তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ হ’ব পাৰে ৷
শৰীৰত কি কি পৰিৱৰ্তন ঘটে ?
- উশাহ-নিশাহ লোৱাত কষ্ট:এই ভাইৰাছবিধে শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰভাৱ পেলায়, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে ৷ সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই সমস্যা অধিক ভয়াৱহ হ’ব পাৰে ৷
- উচ্চ জ্বৰ আৰু ভাগৰ: সংক্ৰমণৰ আৰম্ভণিতে উচ্চ জ্বৰ, মূৰৰ বিষ আৰু শৰীৰত দুৰ্বলতা অনুভৱ হয় ৷
- ডিঙিৰ বিষ আৰু কাহ:এইচ এম পি ভি ডিঙিতো প্ৰভাৱ পেলায়, যাৰ ফলত ডিঙিৰ বিষ, শুকান কাহ আৰু শ্লেষ্মা আদিৰ সৃষ্টি হয় ৷
- শ্বাস-প্ৰশ্বাসজনিত জটিলতা: ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে ব্ৰংকাইটিছ, নিউমোনিয়া আৰু বায়ুপথৰ বাধা আদি গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷
- শৰীৰত অক্সিজেনৰ অভাৱ: গুৰুতৰ ক্ষেত্ৰত শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যাব পাৰে, যাৰ ফলত হাইপ’ক্সিয়া হ’ব পাৰে ৷