আপোনাৰ জিভাৰ ৰং আৰু আকৃতিয়ে আপোনাৰ স্বাস্থ্যৰ বিষয়ে গুৰুত্বপূৰ্ণ সূত্ৰ দিব পাৰে ৷ সুস্থ জিভা সাধাৰণতে শেঁতা গোলাপী ৰঙৰ দেখা যায় আৰু ইয়াৰ আৱৰণ সামান্য বগা হ’ব পাৰে ৷ এই স্তৰটো কেৰাটিন নামৰ সুৰক্ষামূলক প্ৰ’টিনেৰে গঠিত যিয়ে খাদ্য খোৱাৰ সময়ত ক্ষতি ৰোধ কৰাত সহায় কৰে ৷ স্বাভাৱিক জিভা মসৃণ, সমতল আৰু পেপিলা নামৰ সৰু সৰু দানাৰে আবৃত হ’ব লাগে ৷ এই দানাসমূহে সোৱাদ লোৱা, খাদ্য গিলা, উষ্ণতা আৰু স্পৰ্শ অনুভৱ কৰাত বিশেষ ভূমিকা পালন কৰে ৷
যদি আপোনাৰ জিভাখন ওপৰত উল্লেখ কৰাতকৈ কিছু পৃথক দেখা যায়, তেন্তে ই স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে আজি এই বিষয়ে জানো আহক-
মাটীয়া বা ক'লা ৰঙৰ জিভা: ই "Black Hairy Tongue"ৰ লক্ষণ হ'ব পাৰে, য'ত পেপিলা দীঘলীয়া হৈ বেক্টেৰিয়া আৰু ৰঞ্জক পদাৰ্থক আৱদ্ধ কৰি লয় ৷ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, ধূমপান, কফি বা ক’লা চাহ অত্যধিক সেৱন, আৰু কিছুমান ঔষধৰ বাবে এই অৱস্থাই দেখা দিব পাৰে ৷