অসম

assam

ETV Bharat / health

ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে ফিট হৈ থাকিবলৈ কি কৰে ? তেওঁৰ ডায়েট প্লেনৰ বিষয়ে জানি লওক

King Charles III: শেহতীয়াকৈ খবৰ আহিছে যে ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছ কেন্সাৰত আক্ৰান্ত আৰু বৰ্তমান তেওঁৰ খাদ্য আৰু ফিটনেছ ৰুটিন প্লেনত পৰিৱৰ্তন আৰম্ভ হৈছে । গতিকে তেওঁৰ স্বাস্থ্যৰ এই পৰিকল্পনা সন্দৰ্ভত সবিশেষ জানো আহক বিষয়ে -

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 4:36 PM IST

What does Britain's King Charles III do to stay fit?
ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে ফিট হৈ থাকিবলৈ কি কৰে ? তেওঁৰ ডায়েট প্লেনৰ বিষয়ে জানি লওক

শেহতীয়াকৈ ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে ৷ বৰ্তমান তেওঁৰ বয়স ৭৫ বছৰ ৷ এই খবৰৰ পিছত তেওঁৰ খাদ্যাভ্যাসৰ পৰা ফিটনেছলৈ সকলো সলনি হ’বলৈ গৈ আছে ৷ গতিকে তেওঁৰ নতুন ডায়েট প্লেন আৰু ফিটনেছ ৰুটিনৰ বিষয়ে জানো আহক-

দুপৰীয়াৰ আহাৰ গ্ৰহণে কামত বাধা দিয়ে

২০১৮ চনত প্ৰকাশিত ব্ৰিটেইনৰ ৰজা চাৰ্লছৰ বিষয়ে ৭০টা আমোদজনক কথাৰ তালিকাত প্ৰকাশ পাইছে যে তেওঁ দিনটোত মাত্ৰ দুবাৰহে খাদ্য গ্ৰহণ কৰে, অৰ্থাৎ ব্ৰেকফাষ্টৰ পিচত তেওঁ পোনে পোনে ৰাতিৰ আহাৰ গ্ৰহণ কৰে ৷ চাৰ্লছৰ মতে, দুপৰীয়াৰ আহাৰ এক প্ৰকাৰৰ বিলাসিতা যিয়ে তেওঁৰ ব্যস্ত জীৱনত বাধাৰ সৃষ্টি কৰে ৷

দুপৰীয়াৰ আহাৰত ৰজা চাৰ্লছে কি খায় ?

এক সাক্ষাৎকাৰত চাৰ্লছে সপ্তাহত দুবাৰকৈ মাংস-মাছ আৰু সকলো ধৰণৰ দুগ্ধজাত সামগ্ৰী নাখায় ৷ বিশেষকৈ পনীৰ আৰু গাখীৰ পৰিহাৰ কৰে ৷ বাতৰি অনুসৰি কিঙে সুস্থ হৈ থাকিবলৈ বেছিভাগেই উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰে ৷

ব্যায়ামৰ নিয়ম মানি চলক

ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছ ব্যস্ততাৰ মাজতো নিজৰ স্বাস্থ্যক অধিক গুৰুত্ব দিয়ে ৷ ৭৫ বছৰ বয়সত ফিট হৈ থকাৰ ৰহস্য হ’ল তেওঁৰ নিয়মীয়া ব্যায়ামৰ অভ্যাস ৷ খবৰ অনুসৰি তেওঁ দৈনিক ৫টা মৌলিক ব্যায়াম কৰে যাক ৫এক্সবি প্লেন বুলি কোৱা হয় ৷

5XB প্লেন কি ?

এই পৰিকল্পনা বিশেষভাৱে সেইসকল পাইলটৰ বাবে ডিজাইন কৰা হৈছে যিসকলে জিম অবিহনেও ফিট হৈ থাকিবলগীয়া হয়৷ এই ১১ মিনিটৰ ৱৰ্কআউটত ২ মিনিট ষ্ট্ৰেচিং, ১ মিনিট চিট এব্ছ, ১ মিনিট বেক আৰু লেগ ৰেজ, ১ মিনিট পুছ আপ আৰু ৬ মিনিট ৰানিং আদি অন্তৰ্ভুক্ত কৰা হৈছে ৷

5XB প্লেনৰ সুবিধা কি কি?

এই পৰিকল্পনাত কম সময়তে অধিক ব্যায়াম কৰিব পৰা যায় ৷ যিকোনো ঠাইতে এই কাম কৰিব পাৰি ৷ ই সমগ্ৰ শৰীৰক সক্ৰিয় কৰি ৰখাৰ লগতে নমনীয়তা, শক্তি আৰু হৃদযন্ত্ৰৰ সহনশীলতা বৃদ্ধি কৰে ৷

লগতে পঢ়ক:পুৰুষসকলে এনেদৰে লওক নিজৰ ছালৰ যতন, মানি চলক এইসমূহ টিপছ

ABOUT THE AUTHOR

...view details