নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল :সম্প্ৰতি প্ৰায় প্ৰতিটো পৰিয়ালতে ডায়েবেটিচ ৰোগী আছে ! ই বিশ্ববাসীৰ বাবে ভয়ংকৰ সমস্যা হিচাপে দেখা দিছে । ইয়াৰ ফলত মানুহৰ দেহৰ কোষবোৰে ইনচুলিনৰ প্ৰতি সঠিক ভাবে সঁহাৰি নিদিয়ে । ফলস্বৰূপে, গ্লুকোজ কোষবোৰত প্ৰৱেশ কৰিব নোৱাৰে । তাৰ পিচত দেহত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয় । ইয়াৰ ফলত লাহে লাহে হাৰ্ট এটেক, দৃষ্টিশক্তি হ্ৰাস আৰু স্নায়ুৰ ক্ষতিৰ দৰে গুৰুতৰ সমস্যাই দেখা দিয়ে । যদিও শেহতীয়াকৈ ডায়েবেটিচৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে, কিন্তু বহুলোকে এই সমস্যা গুৰুতৰ নোহোৱালৈকে ইয়াৰ চিকিৎসা নলয় ।
লক্ষণীয়ভাৱে প্ৰতি তিনিজনৰ ভিতৰত এজন মানুহে নাজানে যে তেওঁৰ এই সমস্যা আছে । ইয়াৰ কাৰণ হৈছে ডায়েবেটিচৰ আৰম্ভণিতে কোনো লক্ষণ নাথাকে । সমস্যাটো অধিক অৱনতি হোৱাৰ লগে লগে, কিছুমান সতৰ্কবাণী দেখা যায় ।
প্ৰাৰম্ভিক পৰ্যায়ত :
ডায়েবেটিচৰ মুখ্য প্ৰাৰম্ভিক লক্ষণ হৈছে অত্যাধিক পিঁয়াহ লগা । মুখ শুকাই যোৱা, অত্যাধিক ভোক লগা, সঘনাই প্ৰস্ৰাৱ হোৱা, কেতিয়াবা প্ৰতি ঘণ্টাত প্ৰস্ৰাৱ হয় আৰু অস্বাভাৱিক ওজন হ্ৰাস বা বৃদ্ধি হোৱাও দেখা যায় ।
পৰৱৰ্তী লক্ষণ :
ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে মূৰৰ বিষ, অস্পষ্ট দৃষ্টি শক্তি আৰু অলসতা হয় ।