অসম

assam

ETV Bharat / health

কেতিয়াও পেলাই নিদিব ৰঙালাওৰ গুটি...জানি লওক ইয়াৰ উপকাৰিতা - Pumpkin Seeds Benefits - PUMPKIN SEEDS BENEFITS

Pumpkin Seeds Benefits: এনে বহুবাৰ হয় যে, আমি ৰঙালাও খাও কিন্তু ইয়াৰ গুটিবোৰ প্ৰায়েই পেলাই দিও ৷ কিন্তু আপুনি জানেনে এই গুটিত কিমান পুষ্টিকৰ উপাদান লুকাই আছে ? জানি লওক এই প্ৰতিবেদনৰ জৰিয়তে...

What are the health benefits of pumpkin seeds?
কেতিয়াও পেলাই নিদিব ৰঙালাওৰ গুটি...জানি লওক ইয়াৰ উপকাৰিতা (CANVA)

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 1:41 PM IST

আমি আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ শাক-পাচলিৰ পৰা আৰম্ভ কৰি শুকান ফল-মূললৈকে খাও ৷ কিন্তু এনে বহু শাক-পাচলি আছে, যাৰ বীজ আমি পেলাই দিও ৷ কাৰণ আমি ইয়াৰ উপকাৰিতাৰ বিষয়ে নাজানো ৷ যাৰ বাবে আমি ইয়াক পেলাই দিও ৷ তেনেই এবিধ পাচলি হৈছে ৰঙালাও, যি আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ৷ যাৰ ভিতৰত থকা গুটিসমূহ আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী ৷

ৰঙালাওৰ গুটিয়ে বহু ৰোগৰ ক্ষেত্ৰত ঔষধৰ দৰে কাম কৰে ৷ বিশেষজ্ঞসকলৰ মতেও, ৰঙালাওৰ গুটি খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ দৈনিক এচামুচ ৰঙালাওৰ গুটি খালে আমাৰ শৰীৰত কেনে ধৰণৰ পৰিৱৰ্তন হয়, আজি জানো আহক-

ওজন হ্ৰাস: ৰঙালাওৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ দৈনিক এক চামুচ ৰঙালাওৰ গুটি খালে পাচনতন্ত্ৰৰ সমস্যা হ্ৰাস হয় ৷ খাদ্য বিশেষজ্ঞসকলেও ওজন হ্ৰাস কৰিবলৈ খাদ্যত ৰঙালাওৰ গুটি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ই আমাৰ পেট পূৰ কৰি ৰাখে, যাৰ ফলত আমাৰ ভোক কমকৈ লাগে আৰু আমি অধিক খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকো ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:ৰঙালাওৰ গুটিত মেগনেছিয়াম, জিংক, আইৰণ আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে ৷ ই হাড়ৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে ৷

মানসিক চাপ নিয়ন্ত্ৰণ:ৰঙালাওৰ গুটিত থকা কেৰটিনয়ড, ভিটামিন ই আৰু এণ্টি অক্সিডেণ্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে ৷ ইয়াৰ উপৰিও মেগনেছিয়াম আৰু জিংকে মানসিক চাপ হ্ৰাস কৰে ৷ নিয়মিতভাৱে এক চামুচকৈও ৰঙালাওৰ গুটি খালে মানসিক চাপ হ্ৰাস পোৱাত সহায়ক হয় ৷

শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে:ৰঙালাওৰ গুটিত ডায়েবেটিছ প্ৰতিৰোধী গুণ নিহিত হৈ থাকে ৷ বিশেষজ্ঞসকলে কয় যে, ডায়েবেটিছ ৰোগীয়ে খাদ্য খোৱাৰ পিছত এচামুচ ৰঙালাওৰ গুটি খালে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত থাকে ৷

ব্ৰাজিলৰ ইউনিভাৰ্চিটি ফেডাৰেল ডি ভিছ’ছাৰ ডাঃ ফ্লেভিয়া জিয়ে ৰঙালাওৰ গুটিৰ ওপৰত কৰা এক অধ্যয়ন নিউট্ৰিচন ৰিচাৰ্চ নামৰ আলোচনীত প্ৰকাশ পাইছিল ৷ এই গৱেষণাৰ পৰা দেখা গৈছে যে, খাদ্য খোৱাৰ পিছত এচামুচ ৰঙালাওৰ গুটি খালে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে ৷ ইয়াৰ উপৰিও ৰঙালাওৰ গুটিৰ উপকাৰিতাৰ বিষয়েও ‘নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিন জাৰ্ণেল’ নামৰ আলোচনীখনত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক:গৰ্ভাৱস্থাৰ সময়ত ৰঙালাও খাব লাগেনে ? - Pumpkin During Pregnancy

ABOUT THE AUTHOR

...view details