অসম

assam

আপোনাৰ স্বাস্থ্যৰ পক্ষে এবিধ অমূল্য খাদ্য মিঠা আলু

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:23 PM IST

Benefits of Boiled Sweet Potatoes: মিঠা আলুৰ নাম শুনাৰ লগে লগে বহুলোকৰে মুখৰ পৰা পানী পৰিব পাৰে, কিন্তু ইয়াক খালে বিশেষকৈ সিজাই খালে আপোনাৰ শৰীৰৰ কেনেধৰণৰ উপকাৰিতা সাধন কৰিব পাৰে জানেনে ?

What are the health benefits of boiled sweet potatoes?
আপোনাৰ স্বাস্থ্যৰ পক্ষে এবিধ অমূল্য খাদ্য মিঠা আলু

মিঠা আলু খাবলৈ বহুলোকে ভালপায়, ইয়াৰ সোৱাদ আৰু গোন্ধই বহুতকে আকৰ্ষণ কৰে, যাৰ বাবে তেওঁলোকে ইয়াক খাবলৈ বাধ্য হয় ৷ ইয়াৰ মিঠা সোৱাদ আৰু ক্ৰীমি টেক্সচাৰে মনক মোহিত কৰে ৷ ই বহু ৰঙৰ হয় যিবোৰৰ ভিতৰত কমলা, বাদামী আৰু বেঙুনীয়া ৷ কিন্তু আপুনি জানেনে যে ইয়াক পানীত সিজাই খোৱাৰ কিমান স্বাস্থ্য উপকাৰিতা আছে ৷ তেন্তে আহক আজি আমি ইয়াক সিজাই নিয়মিতভাৱে খালে কেনেধৰণৰ স্বাস্থ্য উপকাৰিতা পাব পাৰি জানি লও-

মিঠা আলু খোৱাৰ উপকাৰিতা

১/ পুষ্টিকৰ উপাদানৰে সমৃদ্ধ

মিঠা আলুত পুষ্টিকৰ উপাদানৰ অভাৱ নাই, ইয়াক খালে শৰীৰে ভিটামিন এ, ভিটামিন চি, পটাছিয়াম আৰু ফাইবাৰৰ দৰে পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে লাভ কৰে ৷

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়, অন্যথা আমি বহু ৰোগৰ কৱলত পৰিব পাৰো ৷ নিয়মীয়াকৈ মিঠা আলু খালে চৰ্দি, কাহ, ফ্লু আদি ভাইৰাছজনিত ৰোগৰ আশংকা কমি যায় কাৰণ এই খাদ্যত ভিটামিন এ আৰু ভিটামিন চি পোৱা যায় ৷

৩/ হজম শক্তি উন্নত হ’ব

মিঠা আলুত প্ৰচুৰ পৰিমাণে আঁহ থাকে যাৰ ফলত মল-মূত্ৰ নিয়ন্ত্ৰণ কৰাত সহজ হয় আৰু হজম শক্তিও উন্নত হয় ৷ এনে পৰিস্থিতিত কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে পেটৰ সমস্যা দূৰ হয় ৷

৪/ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী

ভাৰতত হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু বহু লোকেও হাৰ্ট এটেকৰ বাবে প্ৰাণ হেৰুওৱাবলগীয়া হয় ৷ এনে পৰিস্থিতিত নিজকে এই মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ হ’লে মিঠা আলুৰ দৰে স্বাস্থ্যকৰ খাদ্য খাব লাগিব, ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিয়ে ৰক্তচাপ বৃদ্ধি হ’বলৈ নিদিয়ে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায় ৷

৫/ ওজন নিয়ন্ত্ৰণ কৰে

মিঠা আলুৰ সোৱাদ মিঠা হ’লেও ই কম কেলৰি আৰু উচ্চ আঁহযুক্ত খাদ্য, যাৰ ফলত আপোনাৰ পেটটো দীৰ্ঘসময়লৈকে ধৰি ভৰি থকা যেন অনুভৱ হয়, যাৰ ফলত আপুনি অতিমাত্ৰা খাদ্য গ্ৰহণ কৰাৰ পৰা আঁতৰি থাকে আৰু লাহে লাহে আপোনাৰ ওজন কমিবলৈ আৰম্ভ কৰে ৷

লগতে পঢ়ক:শীতকালত কিয় বৃদ্ধি পায় চাইনাছৰ সমস্যা ? কেনেকৈ পাব পৰিত্ৰাণ

ABOUT THE AUTHOR

...view details