ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ শনিবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক থানেৰ আকৃতি হাস্পতালত ভৰ্তি কৰোৱা হয় । সংবাদ সংস্থা আইএনএছৰ খবৰ অনুসৰি শনিবাৰে নিশা হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে, তাৰ পিচত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । বৰ্তমান ৫২ বছৰীয়া কাম্বলীৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়া হৈছে যদিও এতিয়াও তেওঁ সম্পূৰ্ণৰূপে বিপদমুক্ত হোৱা নাই । খবৰ অনুসৰি বিগত কেইবছৰমানৰ পৰা বিনোদ কাম্বলীয়ে বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে । ইয়াৰ প্ৰধান সমস্যা ৰক্ত সঞ্চালন আৰু তেজ জমা হোৱাৰ সৈতে জড়িত ।
শেহতীয়া এক সাক্ষাৎকাৰত কাম্বলীয়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে মুকলিকৈ ব্যক্ত কৰে । তেওঁ কয় যে, তেওঁৰ প্ৰস্ৰাৱৰ সংক্ৰমণ (urine infection) সম্পৰ্কীয় সমস্যা আছে যাৰ বাবে এতিয়ালৈকে তেওঁক তিনিবাৰ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে । কাম্বলীয়ে লগতে শ্বেয়াৰ কৰে যে, হঠাৎ তেওঁৰ মূৰ ঘূৰণি হৈ অচেতন হৈ পৰে ।
তেজ জমা হোৱাৰ সমস্যা মানে কি ?
কাম্বলীৰ স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত আটাইতকৈ প্ৰমুখ্য বিষয়টো হ’ল মগজুত তেজ জমা হোৱা । চিকিৎসাৰ ভাষাত ইয়াক ‘ব্লাড ক্লটিং’ বুলি কোৱা হয় । যেতিয়া মগজুলৈ তেজৰ সোঁতত বা ৰক্ত সঞ্চালনত বাধা আহি পৰে তেতিয়া তেজৰ গোট গঠন হয়, যাৰ ফলত ষ্ট্ৰোক, মূৰ ঘূৰোৱা বা অজ্ঞান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ আঁৰত কেইবাটাও কাৰণ থাকিব পাৰে যাৰ ভিতৰত আছে-
- হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ: ২০১৩ চনত কাম্বলীয়ে দুটাকৈ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছিল, যাৰ ফলত তেওঁৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে ।
- উচ্চ ৰক্তচাপ: উচ্চ ৰক্তচাপে ৰক্ত জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ।
- জীৱনশৈলী সম্পৰ্কীয় সমস্যা:অনিয়মিত খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আৰু বয়স বৃদ্ধিয়ে এই সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে ।
চিকিৎসকৰ পৰামৰ্শ