গুৱাহাটী, 8 মে’: সকলোৰে জীৱনত শুভ আৰু অশুভ কৰ্মত কেতু গ্ৰহৰ প্ৰভাৱ থাকে ৷ কেতু গ্ৰহ বুলি কলে সাধাৰণতে ভয় খোৱা হয় কাৰণ কোৰ্ট-কাছাৰীৰ মামলা, কাজিয়া-পেছাল আদিৰ কাৰক গ্ৰহ বুলি কোৱা হয় ৷ যাৰ ফলত কেতু গ্ৰহ যদি অশুভ হৈ থাকে তেন্তে আমাৰ জীৱনত ভিন্ন ধৰণৰ অশুভ প্ৰভাৱ পৰিব পাৰে ৷
আমাৰ জীৱনত যদি কেতু শুভ স্থানত থাকে বা কেতুৰ যদি শুভ প্ৰভাৱ থাকে তেন্তে তেনেকুৱা জাতক-জাতিকা সকলৰ আধ্যাত্মিকতাৰ প্ৰতি ধাউতি বাঢ়ে বা আধ্যাত্মিকতাৰ লগত জড়িত ব্যক্তিৰ দ্বাৰা শাৰীৰক, মানসিক আদিৰ উন্নতি হ'ব পাৰে ৷ পূৰ্বে আধাতে এৰা আধৰুৱা কামবোৰ কেতুৰ শুভ প্ৰভাৱৰ ফলত সেইবোৰ আমি সম্পূৰ্ণ কৰিব পাৰো ৷
কেতুৰ অশুভ প্ৰভাৱ যদি থাকে তেন্তে আমাৰ জীৱনত কি সলনি সলনি হ'ব পাৰে ?
- কেতুৰ অশুভ প্রভাৱৰ ফলত ধৰ্মৰ প্ৰতি বিশ্বাস কমিব পাৰে ৷ লগতে ডাঙৰৰ প্ৰতি সন্মান কমি আহে ৷
- কাজিয়াৰ লগতে শত্ৰু বৃদ্ধি হয় ৷
- হঠাৎ কোনো ৰোগত আক্রান্ত হ'ব পাৰে ৷
- গুপ্ত শত্ৰুৰ দ্বাৰ আঘাট পাব পাৰো ৷
- ছালৰ সমস্যা হ'ব পাৰে ৷
কেতু গ্ৰহক সন্তুষ্ট কৰিবলৈ বা ইয়াৰ বেয়া প্ৰভাৱ নোহোৱা কৰিবলৈ কি প্ৰতিকাৰ কৰিব ?
১) কেতুগ্ৰহক সন্তুষ্ট কৰিবলৈ অনাথ আশ্ৰম কথা যিসকল শিশু থাকে তেওঁলোকক বিশেষকৈ পঢ়া-শুনা, অন্ন-বস্ত্ৰ-বাসস্থানৰ জৰিয়তে যদি আমি সহায় কৰিব পাৰো তেন্তে কেতু গ্ৰহৰ দ্বাৰা যিবোৰ অশুভ প্ৰভাৱ থাকে সেইবোৰ বহুক্ষেত্ৰত প্ৰশমিত হয় ৷ গতিকে আমাৰ উপাৰ্জনৰ এটা অংশ অনাথ- আশ্ৰমত দান কৰিব পাৰো তেন্তে কেতু গ্ৰহৰ পৰা আমাৰ জীৱনত পৰিব পৰা অশুভ খিনি আঁতৰি থাকে ৷