অসম

assam

ETV Bharat / health

মাত্ৰ এঘন্টাৰ ভিতৰতে ধৰা পৰিব কৰ্কট ৰোগ: আমেৰিকাৰ বিজ্ঞানীয়ে উলিয়ালে উপায় - Cancer

Blood Test For Cancer: কৰ্কট ৰোগত মৃত্যুৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল ইয়াৰ পলমকৈ ধৰা পৰা । কিন্তু আমি যদি কও এটি তেজ পৰীক্ষাৰ দ্বাৰাই আপুনি কেন্সাৰ ধৰা পেলাব পাৰে ৷ যদিহে প্ৰাৰম্ভিক পৰ্যায়ত কেন্সাৰ ধৰা পেলাব পৰা যায় তেন্তে মৃত্যুৰ আশংকা ৯৯ শতাংশ পৰ্যন্ত এৰাই চলিব পৰা যায় । এই ক্ষেত্ৰত এই তেজৰ পৰীক্ষা অতি লাভদায়ক প্ৰমাণিত হ’ব পাৰে ।

This blood test can detect cancer in 60 minutes! Save your life in time
মাত্ৰ এঘন্টাৰ ভিতৰতে ধৰা পৰিব কৰ্কট ৰোগ: আমেৰিকাৰ বিজ্ঞানীয়ে উলিয়ালে উপায় (FREEPIK)

By ETV Bharat Health Team

Published : Sep 3, 2024, 3:29 PM IST

কেন্সাৰত শৰীৰৰ কোষবোৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে, যিটো স্বাভাৱিক নহয় ৷ অংগটোৰ ওপৰত নিৰ্ভৰ কৰি কেন্সাৰৰ লক্ষণসমূহ এটা আনটোৰ পৰা পৃথক হ’ব পাৰে ৷ কিছুমান ঠাইত কৰ্কট ৰোগ ধৰা পেলোৱাটো অতি কঠিন পৰে ৷ কিন্তু শেহতীয়াকৈ কৰা এক গৱেষণাৰ জৰিয়তে এটি তেজ পৰীক্ষাৰ আৱিষ্কাৰ হৈছে যাৰ সহায়ত ৬০ মিনিটৰ ভিতৰত মগজুৰ কৰ্কট ৰোগ ধৰা পেলাব পাৰি ৷

আমেৰিকাৰ নট্ৰে ডেম বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এই তেজৰ পৰীক্ষা প্ৰস্তুত কৰিছে এই নতুন আৱিষ্কাৰত বিজ্ঞানীসকলে ‘লিকুইড বায়’প্সি’ৰ ওপৰত কাম কৰিছে ৷ এই পৰীক্ষাত মাত্ৰ ১০০ মাইক্ৰ’লিটাৰ তেজৰ প্ৰয়োজন হয় আৰু মাত্ৰ এঘণ্টাতে মগজুৰ আটাইতকৈ সাধাৰণ আৰু মাৰাত্মক টিউমাৰ গ্লিঅ’ব্লাষ্টোমাৰ সৈতে জড়িত বায়’মাৰ্কাৰ ধৰা পেলোৱা হয় ৷ নট্ৰে ডেম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এঘণ্টাৰো কম সময়ৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা আৰু নিৰাময় কৰিব নোৱাৰা মগজুৰ কৰ্কট ৰোগ গ্লিঅ’ব্লাষ্টোমা ৰোগ নিৰ্ণয় কৰিব পৰা এক নতুন, স্বয়ংক্ৰিয় যন্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছে যাৰ দ্বাৰা মাৰাত্মক ৰোগ কেন্সাৰক অতি সহজে ধৰা পেলাব পৰা যাব ।

গ্লিঅ’ব্লাষ্টোমা কি ?

গ্লিঅ’ব্লাষ্টোমা হ’ল মগজুত অতি দ্ৰুতগতিত বৃদ্ধি পোৱা টিউমাৰ আৰু ইয়াৰ চিকিৎসা কৰাটো কঠিন হৈ পৰে ৷ গ্লিঅ’ব্লাষ্টোমাৰ নিদান সহজ নহয়, ইয়াৰ বাবে বহু সময়ৰ প্ৰয়োজন হয় ৷

মগজুৰ কেন্সাৰৰ কাৰণ

মগজুৰ কলাত কোষৰ অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিত বৃদ্ধিৰ ফলত টিউমাৰ গঠন হ’লে মগজুৰ কৰ্কট ৰোগ হয় ৷ এই টিউমাৰবোৰে মগজুৰ ডাঙৰ ডাঙৰ কাম-কাজত ব্যাঘাত জন্মাব পাৰে ৷ যদিও মগজুৰ কৰ্কট ৰোগৰ সঠিক কাৰণ জনা নাযায়, তথাপিও কিছুমান প্ৰধান বিপদজনক কাৰক হ’ল আয়নীকৰণ বিকিৰণ, জিনীয় প্ৰৱণতা, কিছুমান পৰিৱেশৰ কাৰক, আৰু কিছুমান চিকিৎসাজনিত অৱস্থা ৷

মগজুৰ কৰ্কট ৰোগৰ লক্ষণ

মগজুৰ কৰ্কট ৰোগৰ লক্ষণসমূহ ইয়াৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে ৷ কিন্তু সাধাৰণতে ৰোগীয়ে মূৰৰ বিষ, আক্ৰমণ, ভাগৰ, চিন্তাত অসুবিধা, বমি, টোপনিৰ অভাৱ, কথা কোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷

Ref:-https://news.nd.edu/news/researchers-develop-affordable-rapid-blood-test-for-brain-cancer/#:~:text=Researchers%20develop%20affordable%2C%20rapid%20blood%20test%20for%20brain%20cancer,-August%2027%2C%202024&text=Researchers%20at%20the%20University%20of,in%20less%20than%20an%20hour.

লগতে পঢ়ক:আঁঠুৰ বিষ হৈ পৰিছে ছাইনা নেহৱালৰ শত্ৰু...জানক কম বয়সতে কিয় হয় বাতবিষৰ সমস্যা ? - Saina Nehwal

ABOUT THE AUTHOR

...view details