ETV Bharat / health

কি হয় Respiratory disease যাৰ ওচৰত হাৰ মানিলে ড৹ মনমোহন সিঙে ? কিমান বিপদজনক এই ৰোগ - RESPIRATORY DISEASE

ভাৰতবৰ্ষৰ বৰ্ষীয়ান ৰাজনীতিবিদ ড৹ মনমোহন সিঙে বৃহস্পতিবাৰ ২৬ ডিচেম্বৰত শেষনিশ্বাস ত্যাগ কৰে, কিন্তু আপুনি জানেনে যে দীৰ্ঘদিন ধৰি তেওঁ কি ৰোগত ভুগিছিল ?

What is Respiratory Disease ? Former PM Manmohan Singh's Long-Term Health Struggle
কি হয় Respiratory disease যাৰ ওচৰত হাৰ মানিলে ড৹ মনমোহন সিঙে ? কিমান বিপদজনক এই ৰোগ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : 17 hours ago

দিল্লীৰ এইমছ হাস্পতালত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ ৷ চিকিৎসকৰ মতে, বয়সৰ সৈতে জড়িত চিকিৎসাজনিত অৱস্থাত ভুগি থকাত তেওঁ হঠাৎ চেতনা হেৰুৱাই পেলায় ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি তেওঁ শ্বাস-প্ৰশ্বাসজনিত (Respiratory disease) ৰোগত আক্ৰান্ত আছিল যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হৈছিল ৷ এই ৰোগৰ বিষয়ে জানেনে ?

Respiratory Disease মানে কি ?

Respiratory Disease মানে হ’ল হাওঁফাওঁ আৰু আন উশাহ-নিশাহ লোৱা অংশত হোৱা এক প্ৰকাৰৰ ৰোগ ৷ সংক্ৰমণ, বায়ু প্ৰদূষণ, ধূমপান, চেকেণ্ড হেণ্ড ধূমপান, ৰেডন বা এছবেষ্টছৰ ডাষ্ট নাকত সোমোৱাৰ ফলত এই ৰোগ হ’ব পাৰে ৷

এই ৰোগৰ অনেক ৰূপ

Respiratory Disease ৰোগৰ ভিতৰত হাঁপানী, ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), পালমোনাৰী ফাইব্ৰ’ছিছ, নিউমোনিয়া আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ ৷ ইয়াক হাওঁফাওঁৰ বিকাৰ আৰু হাওঁফাওঁৰ ৰোগ বুলিও কোৱা হয় ৷

অন্যান্য Respiratory Disease ৰোগ

‘NIH’ৰ মতে, আন বহুতো Respiratory Disease ৰোগ আছে যিবোৰ ইমান সাধাৰণ নহয়, যাৰ ভিতৰত আছে-

  1. চিষ্টিক ফাইব্ৰ’ছিছ (Cystic fibrosis)
  2. ব্ৰংকিঅ’লাইটিছ অব্লিটেৰেন্স বা পপকৰ্ণ হাওঁফাওঁ(Bronchiolitis obliterans) or (Popcorn lung)
  3. আলফা-১ এন্টিট্ৰিপচিনৰ অভাৱ (Alpha-1 antitrypsin deficiency)
  4. লিম্ফেঞ্জিঅ’লেইঅ’মাইমেট’ছিছ (Lymphangioleiomyomatosis )
  5. ব্ৰংকোপালমোনাৰী ডিছপ্লেছিয়া (Bronchopulmonary dysplasia)
  6. পালমোনাৰী এলভিওলাৰ প্ৰটিন’ছিছ (Pulmonary alveolar proteinosis)
  7. প্ৰাথমিক চিলিয়াৰী ডিস্কিনেচিয়া (Primary ciliary dyskinesia)
  8. ব্ৰংকাইটিছ (Bronchitis)
  9. ব্ৰংকিঅ’লাইটিছ (Bronchiolitis)
  10. নিউমোনিয়া (Pneumonia)
  11. একুইট ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ চিণ্ড্ৰম (Acute Respiratory Distress Syndrome)

আটাইতকৈ মাৰাত্মক শ্বাস-প্ৰশ্বাসজনিত ৰোগসমূহ

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ আৰু এজমা এই শ্ৰেণীৰ দুটা ৰোগ যিয়ে বিশ্বজুৰি সৰ্বাধিক মৃত্যুৰ কাৰণ ৷ সাধাৰণতে বয়সস্থ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত এনেকুৱা হয়, কিন্তু আজিকালি বহু যুৱক-যুৱতীও ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে ৷

COPDৰ ফলত মৃত্যু

ডব্লিউ এইচ অ’ৰ তথ্য অনুসৰি বিশ্বজুৰি চি অ’ পি ডি হৈছে চতুৰ্থ প্ৰধান মৃত্যুৰ কাৰণ, ২০২১ চনত ৩৫ লাখ লোকৰ মৃত্যু হৈছিল, যিটো বিশ্বৰ মৃত্যুৰ প্ৰায় ৫% ৷ ৭০ বছৰৰ তলৰ লোকৰ চি অ’ পি ডিৰ মৃত্যুৰ প্ৰায় ৯০% কম আৰু মধ্যম আয়ৰ দেশত হয় ৷ ধঁপাত খোৱা এই ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ, তাৰ পিছতে ঘৰুৱা বায়ু প্ৰদূষণ

হাঁপানী ৰোগত মৃত্যু

ডব্লিউ এইচ অ’ৰ তথ্য অনুসৰি ২০১৯ চনত প্ৰায় ২৬.২ কোটি লোক হাঁপানী ৰোগত আক্ৰান্ত হৈছিল আৰু এই সময়ছোৱাত ৪,৫৫,০০০ লোকৰ মৃত্যু হৈছিল ৷ ইনহেলাৰৰ সহায়ত এই ৰোগৰ লক্ষণ নিয়ন্ত্ৰণ কৰিব পাৰি যদিও ৰোগীৰ জীৱন অলপ স্বাভাৱিক হৈ পৰে ৷

এই ৰোগৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?

Respiratory Diseaseৰ পৰা হাত সাৰিবলৈ কিছুমান সহজ আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি ৷ প্ৰথমতে ধূমপান পৰিহাৰ কৰক কাৰণ ই হাওঁফাওঁৰ গুৰুতৰ ক্ষতি কৰে ৷ বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবলৈ মাস্ক পৰিধান কৰি ঘৰৰ ভিতৰত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰিব লাগে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক, যেনে হাত ধোৱা আৰু ঘৰখন ধূলিমুক্ত কৰি ৰখা ৷ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক, য’ত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ ফলত হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি পায় ৷ মাজে মাজে টিকা ল’ব লাগে আৰু শৰীৰটো গৰম কৰি ৰাখিব লাগে যাতে চৰ্দি আৰু কাহৰ পৰা হাত সাৰিব পাৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত।)

উৎস:-https://www.ncbi.nlm.nih.gov/books/NBK22167/

লগতে পঢ়ক

  1. মনমোহন সিঙৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি ? ৯২ বছৰ বয়সলৈকে কি ৰোগত ভুগিছিল EX-PM
  2. ম্ৰিয়মান ৰাজ্যবাসী : ড৹ মনমোহন সিঙৰ অসমৰে আছিল বিশেষ সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.