ETV Bharat / health

শিশুৰ চকুত এই লক্ষণ দেখিলেই হৈ যাওক সাৱধান! হ’ব পাৰে চকুৰ কেন্সাৰ - CANCER IN CHILD

কৰ্কট ৰোগ যিকোনো বয়সৰ ব্যক্তিৰেই হ’ব পাৰে, শেহতীয়াকৈ তেনেই এক ঘটনা পোহৰলৈ আহে য’ত ৩ মহীয়া এটি শিশু এই মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে-

CANCER SYMPTOMS IN CHILD
শিশুৰ চকুত এই লক্ষণ দেখিলেই হৈ যাওক সাৱধান! হ’ব পাৰে চকুৰ কেন্সাৰ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : 15 hours ago

Cancer Symptoms in Child: বৰ্তমান সময়ত স্মাৰ্টফোনক শিশুক নষ্ট কৰা যন্ত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে । কিন্তু এই ৩ মহীয়া কেঁচুৱাটোৰ বাবে ই আশীৰ্বাদতকৈ কম নহয় । শেহতীয়াকৈ ইয়াৰ সহায়ত এগৰাকী মহিলাই ৩ মহীয়া পুত্ৰৰ চকুত বিয়পি পৰা মাৰাত্মক কৰ্কট কোষক চিনাক্ত কৰি সকলোকে আচৰিত কৰি তুলিছিল । ফোনটোৰ ফ্লেচ লাইটৰ সহায়ত তেওঁ এই কাম কৰিছিল ।

SWNSৰ এক প্ৰতিবেদন অনুসৰি কেণ্টৰ গিলিংহামৰ ৪০ বছৰীয়া চাৰা হেইছে এদিন শ্বেপাৰ্ডছ পাই বনোৱাত ব্যস্ত হৈ থকাৰ সময়তে তেওঁৰ ৩ মহীয়া থমাছৰ চকুত চকু পৰে । কিবা এটা অদ্ভুত কথা লক্ষ্য কৰাপ পিচত তেওঁ ফ্লেচ লাইটেৰে চকু দুটা পৰীক্ষা কৰি তাৰ ছবিবোৰ ইণ্টাৰনেটত বিচাৰিলে । যাৰ পিচত তেওঁ জানিব পাৰিলে যে তেওঁৰ সন্তানটি বিৰল চকুৰ কৰ্কট ৰোগত ভুগিছে, যাক ৰেটিনোব্লাষ্টোমা বুলিও কোৱা হয় । মাতৃগৰাকীৰ এই পদক্ষেপৰ বাবেই থমাছ এতিয়া কেইবাবাৰো কেমোথেৰাপিৰ পিছত এতিয়া তেওঁৰ সন্তানটি সম্পূৰ্ণ সুস্থ ৷

চকুত দেখা পোৱা গ’ল কেন্সাৰৰ এই লক্ষণ

মহিলাগৰাকীয়ে যেতিয়া ফ্লেচ লাইটটো জ্বলাই শিশুটিৰ চকুলৈ ভালকৈ চালে, তেতিয়া তেওঁ লক্ষ্য কৰে যে কিবা এটা বগাকৈ শিশুটিৰ চকুত জিলিকি আছে । এয়া দেখাৰ পিছত মহিলাগৰাকীৰ মনত সন্দেহ উদয় হোৱাৰ পিচতে তেওঁ ইণ্টাৰনেটত এই বিষয়ে তথ্য বিচাৰিবলৈ আৰম্ভ কৰিছিল । কিছু সময়ৰ পিচত মহিলাগৰাকীয়ে জানিব পাৰিলে যে তেওঁৰ পুত্ৰৰ চকুৰ কৰ্কট ৰোগ হৈছে ।

ৰেটিনোব্লাষ্টোমা কি ?

Mayo Clinicৰ মতে , ৰেটিনোব্লাষ্টোমা হৈছে ৰেটিনাৰ পৰা আৰম্ভ হোৱা চকুৰ কৰ্কট ৰোগ । এনে হয় যেতিয়া ৰেটিনাৰ স্নায়ুকোষবোৰে জিনীয় মিউটেচন বিকশিত কৰিবলৈ আৰম্ভ কৰে । এই কেন্সাৰ শিশুতকৈ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত বহু কম দেখা যায় । এই কেন্সাৰ এটা চকুত বা দুয়োটা চকুতে হ’ব পাৰে ।

ৰেটিনোব্লাষ্টোমাৰ লক্ষণ

  1. চকুৰ মাজভাগত বগা ৰঙৰ আবিৰ্ভাৱ
  2. চকু বেলেগ দিশলৈ চোৱা
  3. দৃষ্টিশক্তি দুৰ্বল
  4. চকু ৰঙা পৰা
  5. চকুত ফুলা

চকুৰ কৰ্কট ৰোগ নিৰাময় কৰিব পাৰি নে ?

Nidirect.gov.ukৰ মতে, ৰেটিনোব্লাষ্টোমাৰ বেছিভাগ ক্ষেত্ৰতে (১০ টাৰ ভিতৰত ৯ জন) কৰ্কট ৰোগ চকুৰ মণিৰ বাহিৰলৈ বিয়পি পৰাৰ পূৰ্বে ধৰা পৰে আৰু সফলতাৰে চিকিৎসা কৰা হয় । কিন্তু যদি কেন্সাৰ চকুৰ বাহিৰলৈ বিয়পি গৈছে তেন্তে ইয়াৰ চিকিৎসা অধিক কঠিন হৈ পৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

উৎস:-https://chect.org.uk/about-retinoblastoma/

লগতে পঢ়ক

  1. সৰুৰে পৰা আপোনাৰ শিশুটিক কৰাওক এই অভ্যাস
  2. নৱজাত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ৭টা উপায়
  3. আপোনাৰ সন্তানটিয়ে খুব ভয় খায় নেকি ? ইয়াৰ কাৰণ কি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.