অসম

assam

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 1:33 PM IST

ETV Bharat / health

কেনেকৈ জানিব আপুনি আৰু আপোনাৰ পাৰ্টনাৰ Power Couple হয় নে নহয় - Supercouple

Who Is Called Power Couple: সম্পৰ্কৰ শব্দ ভাণ্ডাৰত অন্তৰ্ভুক্ত ‘পাৱাৰ কাপল’ শব্দটো এটি প্ৰেমিক দম্পতীৰ বাবে অতি গুৰুত্বপূৰ্ণ । সম্পৰ্ক এটা স্থাপন কৰিলেই নহয়, সেই সম্পৰ্কত বহু দায়িত্ব, প্ৰেম, বিশ্বাস, সমৰ্থনো প্ৰয়োজনীয় ৷ তেতিয়াহে এটা শক্তিশালী সম্পৰ্ক গঢ়ি তুলিব পৰা যায় ৷ সেয়ে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক আপুনি আৰু আপোনাৰ সংগী Power Couple হয় নে নহয়...

These signs tell whether you and your partner are a power couple or not
কেনেকৈ জানিব আপুনি আৰু আপোনাৰ পাৰ্টনাৰ Power Couple হয় নে নহয় (INSTAGRAM)

আজিকালি ‘পাৱাৰ কাপল’ শব্দটো চলচ্চিত্ৰ জগতত বহুত ব্যৱহাৰ কৰা হয় ৷ কিন্তু পাৱাৰ কাপল মানে কি জানেনে ? আপোনাৰ আৰু পাৰ্টনাৰৰ সম্পৰ্ক শক্তিশালী হয় নে ? জানো আহক-

দৰাচলতে পাৱাৰ কাপল হৈছে দুজন এনে ব্যক্তি, যিয়ে ব্যক্তিগত আৰু পেছাগত দুয়োটা দিশতে সফল ৷ ইজনে আনজনক সহায় কৰাৰ লগতে জীৱনত আগবাঢ়ি যোৱাত প্ৰেৰণা যোগায় ৷ এনে পৰিস্থিতিত এই লক্ষণবোৰৰ জৰিয়তে আপুনিও জানিব পাৰে যে আপোনাৰ সম্পৰ্ক Power Couple ৰ শ্ৰেণীত পৰে নে নাই ৷

পাৱাৰ কাপলবোৰ এনেকুৱা হয়-

  • দুয়োৰে জীৱনত সুনিৰ্দিষ্ট লক্ষ্য থাকে আৰু ইয়াত উপনীত হ’বলৈ ইজনে আনজনক অনুপ্ৰাণিত কৰাৰ লগতে তেওঁলোকৰ সপোনক সমৰ্থন জনায় ৷
  • ইজনে আনজনৰ মতামত আৰু ধাৰণাক মূল্য দিয়ে ৷ যদিও আপুনি সদায় সেইবোৰৰ লগত একমত নহয় ৷ ইজনে আনজনৰ অনুভৱক সন্মান কৰে ৷
  • দুয়োৰে শক্তি আৰু দুৰ্বলতা বেলেগ বেলেগ ৷ কিন্তু ইজনে আনজনৰ দুৰ্বলতাক গ্ৰহণ কৰি নিজকে শক্তিশালী কৰাত সহায় কৰে ৷
  • ইজনে আনজনৰ সংগ উপভোগ কৰে ৷ কঠিন পৰিস্থিতিতো ইজনে আনজনক হঁহুৱাব পাৰে, সুখী ৰাখিব পাৰে ৷
  • যিয়েই নহওক কিয়, সদায় ইজনে আনজনৰ ওপৰত ভৰসা কৰিব পাৰে ৷ ইজনে আনজনৰ প্ৰতি সৎ আৰু আনুগত্যশীল ৷
  • সম্পৰ্কটো সুস্থ কৰি ৰাখিবলৈ সময় আৰু প্ৰয়াস গুৰুত্বপূৰ্ণ ৷ এনে পৰিস্থিতিত যিমানেই ব্যস্ত নাথাকক কিয়, ইজনে আনজনৰ বাবে সময় উলিয়াব ৷ কাৰণ যিমানে ইজনে আনজনৰ সৈতে সময় অতিবাহিত কৰিব, সম্পৰ্ক অধিক মজবুত হ’ব ৷

সেয়ে এনেবোৰ কাৰণ চিনাক্ত কৰি মজবুত কৰি তোলক আপোনাৰ সম্পৰ্ক ৷

লগতে পঢ়ক:প্ৰিয়জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক মজবুত কৰিবলৈ অৱলম্বন কৰক এই উপায় - Astro Tips for better relationship

ABOUT THE AUTHOR

...view details