ETV Bharat / state

উপযুক্ত কৰিড'ৰৰ অভাৱে জনাঞ্চলত আৱদ্ধ কৰি ৰাখিছে বন্যহস্তীক - HUMAN ELEPHANT CONFLICT

বিশ্বনাথত হস্তী-মানুহৰ সংঘাত নিৰাময়ত আওকাণ চৰকাৰৰ । উপযুক্ত কৰিড'ৰৰ অভাৱে জনাঞ্চলত আৱদ্ধ কৰি ৰাখিছে বন্যহস্তীক ।

HUMAN ELEPHANT CONFLICT
উপযুক্ত কৰিড'ৰৰ অভাৱে জনাঞ্চলত আৱদ্ধ কৰি ৰাখিছে বন্যহস্তীক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 13 hours ago

বিশ্বনাথ: অসমৰ সমগ্ৰ অঞ্চলত হাতী-মানুহৰ সংঘাতে এক জটিল ৰূপ ধাৰণ কৰা দেখা গৈছে । ৰাজ্যত দৈনিক বৃদ্ধি পাইছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত । এতিয়া যেন ৰাজ্যখনত হাতীৰ আক্ৰমণত মানুহ মৃত্যু হোৱাটো তেনেই সুলভ হৈ পৰিছে । ক'ৰবাত যদি বনৰীয়া হাতী আক্ৰমণত মৃত্যু হৈছে মানুহৰ, আন ক’ৰবাত আকৌ মানুহৰ আক্ৰমণত বনৰীয়া হাতীৰ মৃত্যু হৈছে ।

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বিশ্বনাথত জিলাতো দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । বিভিন্ন জীৱ বৈচিত্র্যৰে পৰিপূৰ্ণ উত্তৰ অসমৰ অন্যতম একমাত্ৰ বনাঞ্চল-বিহালী সংৰক্ষিত বনাঞ্চলৰ নিকটৱৰ্তী অঞ্চলসমূহত ১২ টা মাহতেই বন্যহস্তীয়ে তাণ্ডৱ চলোৱা দেখা যায় ।

বিজয় লিম্বু, প্ৰকৃতিপ্ৰেমী (ETV Bharat Assam)

৭৭ নং বিহালী বিধানসভা সমষ্টিটোৰ উত্তৰ পাৰে অৰুণাচল সীমান্তত প্ৰায় ১৪০ বৰ্গ কিলোমিটাৰ আগুৰি থকা বনাঞ্চলখনত বিশেষকৈ বাৰিষাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিহালী সংৰক্ষিত বনাঞ্চল আৰু সীমান্তৱৰ্তী অৰুণাচলৰ নামনিৰ জাক জাক হাতীৰ বিচৰণ সমগ্ৰ জিলাখনৰ লগতে বিহালী জনসাধাৰণক ভীতিগ্ৰস্ত কৰি তুলিছে ।

লগতে পঢ়ক: বিদায়ী বৰ্ষটোত বন্যহস্তীয়ে কাৰ কিমান ক্ষতি কৰিলে ?

ইফালে বিহালী সংৰক্ষিত বনাঞ্চলখনত উপলব্ধ খাদ্যৰ তুলনাত বন্যহস্তীৰ সংখ্যাধিক্য উপস্থিতিয়ে সৃষ্টি কৰা খাদ্যৰ অভাৱে জাক-জাক বনৰীয়া হাতীক জনাঞ্চললৈ ঠেলি পঠিওৱা দেখা গৈছে । ইয়াৰ পৰিণতিতে বিহালীত বছৰ বছৰ ধৰি চলি অহা হস্তী-মানুহৰ সংঘাতে এক ভয়াৱহ ৰূপ লোৱাও পৰিলক্ষিত হৈ আহিছে । যাৰ ফলত মানুহ আৰু বনৰীয়া হাতী মৃত্যুৰ হাৰ দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে ।

আনহাতে ফ'ৰলেনযুক্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথে বিভক্ত কৰা উত্তৰ পাৰৰ বিহালী সংৰক্ষিত বনাঞ্চলৰ লগত দক্ষিণ পাৰৰ কাজিৰঙা ষষ্ঠ সংযোজনাৰ কোনো সুগম যোগাযোগ নথকাৰ বাবেই সময়মতে বন্যহস্তীয়ে ইপাৰ-সিপাৰ হ'ব নোৱৰাটোও দীৰ্ঘদিন ধৰি এক জলন্ত সমস্যা হিচাপে বিবেচিত হৈ আহিছে । ইয়াৰ ফলতেই বন্যহস্তীয়ে জনাঞ্চলতে আবদ্ধ থাকি মুক্ত বিচৰণ কৰা দেখা গৈছে ।

HUMAN ELEPHANT CONFLICT
উপযুক্ত কৰিড'ৰৰ অভাৱে জনাঞ্চলত আৱদ্ধ কৰি ৰাখিছে বন্যহস্তীক (ETV Bharat Assam)

বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেদেতী নাচবৰ, বিহালী কুলাগুৰি, মোনাবাৰী গ্ৰীণ আচিয়ানা ধাবা কাষত (বিহুপুখুৰী) আৰু খেৰবাৰীত বন্যহস্তীকে ধৰি অন্যান্য বন্য-জন্তু ইপাৰ-সিপাৰ হোৱা প্ৰাকৃতিক কৰিড’ৰ হিচাপে সময়ে সময়ে ব্যৱহাৰ হৈ আছে যদিও বৰ্তমানে ফ'ৰলেনলৈ উন্নীত হোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ তীব্ৰ গতিয়ে জীৱ-জন্তুৰ আহ-যাহত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: বিহালীৰ বুৰৈগুৰীত হাতীৰ গচকত নিহত এজন

উল্লেখ্য যে, বিহালীৰ খেৰবাৰীৰ সমীপত তীব্ৰগতিৰ বাবেই কিছুদিন পূৰ্বে ঘাইপথটোৰে পাৰ হোৱা এটা পহু গুৰুতৰভাৱে আহত হোৱাৰ লগতে এজন যুৱকে অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল । আনহাতে বেদেতীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী গাড়ী খুন্দাত মৃত্যু হৈছিল এটা হৰিণৰ ।
ইফালে কাতি-আঘোণ মাহত ধান চপোৱাৰ সময়ত বিহালী সমষ্টিৰ লগতে সমগ্ৰ জিলাখনত হস্তী-মানুহৰ সংঘাত অধিক বৃদ্ধি পায় ৷ এই সময়চোৱাত বন্যহস্তীয়ে দৰিদ্ৰ কৃষক ৰাইজৰ খেতি-পথাৰ নষ্ট কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি নষ্ট কৰে ।

এই সযয়চোৱাত বিহালী বনাঞ্চলৰ ঠায়ে ঠায়ে থিতাপি লৈ থকা জাক জাক বন্যহস্তীক বনকৰ্মীৰ দলে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰি দক্ষিণৰ কাজিৰঙা ষষ্ঠ সংযোজনলৈ খেদাই পঠোৱাৰ যথোপযুক্ত কৰিড’ৰৰ ব্যৱস্থা নথকাৰ বাবেই বিফল হ’বলগীয়া হৈছে । ৰাষ্ট্ৰীয় ঘাইপথটোৰে লেঠাৰি নিচিগা তীব্ৰ গতিৰ যান-বাহনৰ বাবে বনৰীয়া হাতীৰ লগতে পহু, বনৰীয়া গাহৰি আদি জীৱ-জন্তু ইপাৰ সিপাৰ হ'ব নোৱৰা পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে ।

বিগত ২০২৪ বৰ্ষত ২৪ ডিচেম্বৰলৈকে বনৰীয়া হাতীৰ আক্ৰমণত ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন লোক গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে । ইফালে এই মানুহ-হাতীৰ সংঘাত ফলতেই হওক বা আন কাৰণতেই হওক জিলাখনত ৪ টাকৈ বনৰীয়া হাতী মৃত্যু হোৱা তথ্য প্ৰকাশ কৰিছে পূব শোণিতপুৰ বন সংমণ্ডলৰ কার্যালয়ে ।

লগতে পঢ়ক: ডাম্পাৰৰ পৰা ধন সংগ্ৰহ কৰিবহে জানে, হাতী খেদিব নাজানে বনকৰ্মীয়ে: বনমন্ত্ৰীৰ বিস্ফোৰণ

আনহাতে উপযুক্ত স্থানত জিলা প্ৰশাসনে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বেদেতী-নাচবৰ, কুলাগুৰি, মোনাবাৰী (বালিপুখুৰী), খেৰবাৰী আদি এলেকাত ক'ৰিডৰ, স্থায়ী বেৰিকেট ব্যৱস্থা কৰাৰ লগতে গতি-ৰোধক (স্প্ৰীড-বেকাৰ), পহৰা আদিৰ ব্যৱস্থাৰে বন্য-প্ৰাণীৰ যাতায়ত সুচল কৰি তুলিব পাৰে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।

আনহাতে কুলাগুৰি এলেকাত উত্তৰ-পূৱ সীমান্ত ৰেলপথেও বন্য-হস্তীৰ চলা-ফুৰাত ব্যাপক অসুবিধাৰ সৃষ্টি কৰি আহিছে । তীব্ৰবেগী ৰে’লৰ খুন্দাত সময়ে সময়ে বন্যহস্তীৰ মৃত্যু ঘটিছে । বিহালী সংৰক্ষিত বনাঞ্চল এলেকাত ৰে’লৰ গতি হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে বনবিভাগৰ লগত আলোচনামৰ্মে দীৰ্ঘকালীন সমাধানৰ ব্যৱস্থা কৰা নিতান্তই প্ৰয়োজন হৈ পৰিছে ।

ইফালে হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ শেহতীয়াকৈ বৰগাং বনাঞ্চলিক বিষয়া চন্দ্ৰ ৰাজখোৱাই সন্ধিয়া দৈনিক বন বিভাগৰ এটা দলৰ সহযোগত সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰ্তকতা সৃষ্টি উদ্দেশ্য মাইক জড়িয়তে ৰাইজক সজাগতা সৃষ্টি কৰা দেখা গৈছে । অঞ্চলসমূহত বনকৰ্মীৰ দলে জাক জাক বন্যহস্তী ইপাৰ-সিপাৰ কৰাত সতৰ্ক হৈ থাকে যদিও স্থায়ী কৰিড’ৰ আৰু বেৰিকেট ব্যৱস্থাই গাড়ী চালক সকলকো সচেতন কৰি তুলিব বুলি প্ৰকৃতিপ্ৰেমী ৰাইজে চৰ্চা কৰিছে ।

বিহালীত হস্তী-মানুহৰ সংঘাত ৰোধৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত ৰাজ্য চৰকাৰ আৰু বন-বিভাগে স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিব বুলি বিহালীৰ সচেতন ৰাইজ তথা প্ৰকৃতি প্ৰেমী দল-সংগঠনে মত পোষণ কৰিছে ৷

লগতে পঢ়ক: হাঁড় কঁপোৱা শীতকো নেওচি নিশা পুখুৰীত পৰা হস্তী পৰিয়ালক উদ্ধাৰ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.