অসম

assam

ETV Bharat / health

থাইৰয়ড সমস্যা আছে নেকি ? তেন্তে এই ৫বিধ খাদ্যই মাতিব পাৰে বিপদ - Worst Food For Thyroid

Worst Food For Thyroid: থাইৰয়ড এনে এক চিকিৎসাজনিত অৱস্থা যিটো কেতিয়াও আৰোগ্য কৰিব নোৱাৰি । জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ সহায়তহে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি । সেয়ে জানো আহক এনে কিছুমান খাদ্যৰ বিষয়ে যাক আপুনি থাইৰয়ডৰ সমস্যা থাকিলে গ্ৰহণ কৰাটো উচিত নহয় ৷

These 5 healthy foods are bad for Thyroid patients, know the reason behind this from Ayurveda expert
থাইৰয়ড সমস্যা আছে নেকি ? তেন্তে এই ৫বিধ খাদ্যই মাতিব পাৰে বিপদ

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 11:32 AM IST

আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ তেওঁৰ পোষ্টত বিশেষজ্ঞগৰাকীয়ে সেই স্বাস্থ্যকৰ খাদ্যৰ বিষয়ে কৈছে যিয়ে স্বাস্থ্যৰ বাবে বহু উপকাৰিতা সাধন কৰে যদিও থাইৰয়ড ৰোগীয়ে সাৱধানে খাব লাগে ৷

থাইৰয়ডত খাব নালাগে গ’ইট্ৰ’জেন খাদ্য

বিশেষজ্ঞসকলে কয় যে, গ’ইট্ৰ’জেন হৈছে এনে পদাৰ্থ যিয়ে থাইৰয়ড হৰম’ন উৎপাদনত বাধা দিয়ে ৷ ইয়াৰ ফলত পিটুইটাৰীয়ে থাইৰয়ড উদ্দীপক হৰম’ন নিৰ্গত কৰে, যিয়ে তাৰ পিচত থাইৰয়ড কলাৰ বৃদ্ধিত সহায় কৰে, যাৰ ফলত গ’ইটাৰ (goiter) হয় ৷

  • বাদাম

পীনাট বাদামত গ’ইট্ৰ’জেনৰ উপস্থিতিৰ বাবে ই হাইপ’থাইৰয়ডিজমৰ অৱস্থা আৰু বেয়া কৰি তুলিব পাৰে ৷ গতিকে হাইপোথাইৰয়ডিজম ৰোগীয়ে ইয়াক খোৱাৰ পৰা বিৰত থাকিব লাগে ৷

  • ৰাগী

ৰাগী এক উৎকৃষ্ট বাজৰা ৷ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, কেলচিয়াম আৰু আঁহ থাকে ৷ কিন্তু গ’ইট্ৰ’জেনিক খাদ্য হোৱাৰ বাবে থাইৰয়ড ৰোগীক ইয়াক তিয়াই ভালদৰে ৰন্ধা পিচত মাজে মাজে (মাত্ৰ ২-৩ বাৰ/মাহ) খাবলৈ পৰামৰ্শ দিয়া হয় ৷

  • কাঠবাদাম

কাঠবাদামত চেলেনিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থাকে - যি দুয়োটা থাইৰয়ডৰ কাৰ্যৰ বাবে অতি উত্তম ৷ কিন্তু ই গ’ইট্ৰ’জেনিক হোৱাৰ বাবে ইয়াক অতিৰিক্তভাৱে সেৱন কৰিলে থাইৰয়ড বৃদ্ধি কৰিব পাৰে ৷ ইয়াৰ ফলত থাইৰয়ড গ্ৰন্থিৰ আয়’ডিন শোষণ ক্ষমতা হ্ৰাস পায় ৷ এনে পৰিস্থিতিত হাইপোথাইৰয়ডিজম ৰোগীয়ে প্ৰতিদিনে মাত্ৰ ৩-৫ টা তিয়াই থোৱা কাঠবাদাম খাব পাৰে ৷

  • চ’য়াবিন

চ’য়াবিনযুক্ত খাদ্যই শৰীৰৰ থাইৰয়ড পৰিপূৰক সঠিকভাৱে শোষণ কৰাৰ ক্ষমতাত পৰিৱৰ্তন আৰু প্ৰভাৱ পেলাব পাৰে ৷ চ’য়াবিনত গ’ইট্ৰ’জেন থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিত অসুবিধাৰ সৃষ্টি কৰে, সেয়েহে চ’য়াবিনযুক্ত সামগ্ৰী পৰিহাৰ কৰাটো উচিত ৷

  • ঘেঁহু

অটোইম্যুন হাইপ’থাইৰয়ডিজমৰ ক্ষেত্ৰত ঘেঁহু কমকৈ খোৱাৰ পৰামৰ্শ দিয়া হয় ৷ গৱেষণাৰ পৰা দেখা গৈছে যে গ্লুটেন মুক্ত খাদ্য গ্ৰহণ কৰা লোকৰ তেজত থাইৰয়ড গ্ৰন্থি আক্ৰমণ কৰা এন্টিব’ডিৰ ঘনত্ব কম হয় ৷

লগতে পঢ়ক:Thyroid: মহিলাৰ ক্ষেত্ৰত সততে দেখা পোৱা এই লক্ষণসমূহ থাইৰয়ডৰ লক্ষণো হ’ব পাৰে

ABOUT THE AUTHOR

...view details