অসম

assam

ETV Bharat / health

জুন মাহত সুখবৰ লাভ কৰিব এই 4টা ৰাশিৰ লোকে - June Lucky Zodiac Signs

June Lucky Zodiac Signs: জুন মাহত বিশেষ কেইটামান ৰাশিৰ জাতক-জাতিকাসকলে লাভ কৰিব পাৰে ভাল খবৰ ৷ বহুদিনৰে পৰা চলি অহা অশান্তিৰ ওৰ পৰিব এই মাহটোত ৷ এই ৰাশিকেইটা কি কি, জানো আহক-

These 4 horoscope signs will get good news in June
জুন মাহত সুখবৰ লাভ কৰিব এই 4টা ৰাশিৰ লোকে (etv bharat assam)

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 12:11 AM IST

মেষ ৰাশি: চাকৰি কৰি থকা জাতক-জাতিকাসকলে এই মাহটোত লাভ কৰিব পাৰে কোনো ডাঙৰ দায়িত্ব ৷ সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি প্ৰশংসাৰ পাত্ৰও হ’ব আপুনি ৷ আপোনাৰ স্বাস্থ্য আৰু চেহেৰা ভালে থাকিব উক্ত দিনটোত ৷ বিশেষ কোনো কষ্ট এই মাহটোত আপুনি লাভ নকৰে ৷ ব্যৱসায় কৰা সকলৰ বাবে এই মাহটো অতিকৈ উত্তম দিন ৷ ব্যৱসায়ত কোনো যদি প্লেন কৰি আছে, এই মাহটো কাৰ্যকৰী হ’ব পাৰে ৷ বিয়াৰ কথাও চলিব পাৰে পৰিয়ালত ৷ প্ৰেমত শুভ ৷ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা জাতক-জাতিকাসকলেও এই মাহটোত সুফল লাভ কৰাৰ যুগ আছে ৷

বৃষ ৰাশি:কাৰ্যক্ষেত্ৰত জুন মাহত আপুনি আপোনাৰ ভাল কামৰ ভাল ফলাফল লাভ কৰা লগতে প্ৰশংসা লাভ কৰিব ৷ পদোন্নতিৰ সম্ভাৱনা ৷ আৰ্থিক স্থিতি মজবুত হোৱাৰ লগতে আপোনাৰ মনটোও প্ৰফুল্লিত হৈ থাকিব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখক এই ৰাশিৰ জাতক-জাতিকাসকলে ৷ ব্যৱসায়ীসকলৰ বাবে এই মাহটোত আৰ্থিক দিশত যথেষ্ট শুভ ৷ ব্যৱসায়ৰ পৰিধিও এই মাহটোত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ জীৱন সংগীৰ পৰা কিছু দায়িত্ব লাভ কৰিব আৰু সেয়া সুচাৰুৰূপে পালন কৰাৰ চেষ্টা কৰক ৷ বিদ্যাৰ্থীসকলৰ বাবেও এই মাহটো শুভ ৷ বিদ্যাৰ্থীসকলে ক্ৰীড়া ক্ষেত্ৰত সফলতা লাভ কৰিব ৷ যুৱক-যুৱতীসকলে নিজৰ ভুল বাবে পৰিয়ালৰ অগ্ৰজসকলৰ পৰা গালি খাবও পাৰে ৷

মিথুন ৰাশি: এই ৰাশিৰ যিসকল জাতক-জাতিকাই চাকৰিৰ সন্ধানত আছে তেন্তে জুন মাহত কৃতকাৰ্যতা লাভ কৰিব পাৰে ৷ স্বাস্থ্য মধ্যমীয়া থাকিব ৷ ব্যৱসায়ীসকলৰ বাবে এই মাহটো খুবেই শুভ ৷ নতুন গ্ৰাহকৰ সৈতে সুসম্পৰ্ক স্থাপনৰো যুগ আছে ৷ এলেহুৱা মনোভাৱে গা কৰি উঠিব পাৰে যদিও বিশেষ লোকচানৰ সন্মুখীন নহয় ৷ শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰাৰ কথা যদি ভাবিছে যদি এই মাহটো আপোনাৰ বাবে শুভ ৷ কিন্তু সাৱধানতা অৱলম্বন কৰিব ৷

কৰ্কট ৰাশি:এই ৰাশিৰ জাতক-জাতিকাসকলৰ বিৰুদ্ধে এই মাহটোত কৰ্মক্ষেত্ৰত শত্ৰুপক্ষই ষড়যন্ত্ৰ ৰচিব পাৰে তৎস্বত্বেও আপুনি সফলতা লাভ কৰিব৷ বহুদিনৰে পৰা চলি থকা মানসিক অশান্তিৰ পৰা মুক্তি লাভ কৰিব ৷ মানসিক আৰু শাৰিৰিক স্বাস্থ্য ভালেই থাকিব ৷ ব্যৱসায়ী সকলৰ বাবে কোনো ডাঙৰ সুযোগ অহাৰ সম্ভাৱনা আছে ৷ পৈতিক সম্পত্তি জড়িত যিকোনো বিষয়ত সাৱধানতাৰে সিদ্ধান্ত লওক ৷ বন্ধবৰ্গৰ সৈতে ভ্ৰমণৰো যুগ আছে ৷

লগতে পঢ়ক:3 জুনত দেৱগুৰু বৃহস্পতিৰ উদয়; লাভান্বিত হ’ব এই ৰাশিৰ জাতক-জাতিকা - Devguru Jupiter Rise

ABOUT THE AUTHOR

...view details