ETV Bharat / state

মই ঈশ্বৰৰ নামত শপত খাই কওঁ... ! শনিবাৰে ১২ বজাত মন্ত্ৰীসভাৰ ৰদ-বদল - ASSAM GOVT MINISTRY RESHUFFLE

কোন বিধায়কৰ ফুলিব কপাল ? অপেক্ষা অহা ৭ ডিচেম্বৰলৈ ।

Assam Govt Ministry Reshuffle
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 10:09 PM IST

Updated : Dec 5, 2024, 9:27 AM IST

গুৱাহাটী: “অহা ৭ ডিচেম্বৰত দিনৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সৰু এটা সম্প্ৰসাৰণ হ’ব । সবিশেষ কাইলৈ বা পৰহিলৈ পাব । এজন হ’ব নে দুজন হ’ব দিল্লীত কথা পাতি সোনকালেই মই আপোনালোকক জনাম । " সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দিল্লীত কেইবাদিনো ধৰি বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ঘোষণা কৰিলে এই কথা ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব বুলি ইতিমধ্যেই ঘোষণা কৰিছিল ৷ বৰাক উপত্যকাৰ পৰা এজন প্ৰতিনিধি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল । পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বিচন হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত বৰাকৰ প্ৰতিনিধি শূন্য হৈ আছিল ৷ তেনে পৰিপ্ৰেক্ষিতত বৰাকৰ এজন বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰাটো অৱধাৰিত হৈ পৰিছিল ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা সদৰী কৰি লগতে কয়,“বৰাকৰ পৰা নিশ্চিতভাৱে এজন অন্তৰ্ভুক্ত হ’ব ৷ এজন হয় নে দুজন হয় সেয়া মই আলোচনা কৰিব লাগিব ৷ ” মন্ত্ৰীসভাত এজন নে দুজন অন্তৰ্ভুক্ত কৰিব সেয়া বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণত লগ পাওতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়,“মন্ত্ৰীসভাৰ খালী থকা পদ, কোন কোন মন্ত্ৰী হ’ব পাৰে সকলো মই ইতিমধ্যে জনাইছো ৷ কাইলৈ আবেলিলৈ মই সকলো গম পাম ৷ হয়তো এনেকুৱা হ’ব পাৰে এজনেই হ’ব পাৰে ৷ নাইবা তেওঁলোকে একাধিক মন্ত্ৰী বিচাৰিবও পাৰে । ”

উল্লেখ্য় যে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত বৰাকৰ পাথাৰকান্দি সমষ্টিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ নাম অন্তৰ্ভুক্ত হ’ব বুলি বহুলভাৱে চৰ্চিত হৈ আহিছে । সকলো ঠিকে থাকিলে ৭ ডিচেম্বৰত দিনৰ ১২ বজাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব কৃষ্ণেন্দু পালে ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কেৱল কৃষ্ণেন্দু পালেই মন্ত্ৰীৰূপে শপত ল’বনে আৰু আন কোনোবায়ো শপতগ্ৰহণ কৰিব ? কেৱল মন্ত্ৰীৰূপে কৃষ্ণেন্দু পালৰ কপাল ফুলিব নে আন কাৰোবাৰো কপাল ফুলিব ?

লগতে পঢ়ক:দিল্লীৰ সেউজ সংকেতলৈহে অপেক্ষা: সৰু-সুৰা নহয়, ভালকৈয়ে হ'ব পাৰে মন্ত্ৰীসভাৰ ৰদ-বদল

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ! ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

Last Updated : Dec 5, 2024, 9:27 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.