ETV Bharat / state

অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গো-মাংস: হোটেল-ৰেস্তোৰাঁতো নচলিব - ASSAM CABINET ON BEEF PROHIBITION

দিল্লীত কেবিনেটে ল'লে সিদ্ধান্ত ৷ বুধবাৰৰ পৰাই কাৰ্যকৰী এই ব্যৱস্থা ৷

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 9:36 PM IST

Updated : Dec 4, 2024, 10:52 PM IST

নতুন দিল্লী: ৰাজ্যত গো-মাংস প্ৰচলনক লৈ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অসমত হোটেল-ৰেস্তোৰাঁকে ধৰি কোনো ৰাজহুৱা স্থানত নচলিব গো-মাংস ভক্ষণ ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বুধবাৰে দিল্লীত সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নতুন দিল্লীত বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ বিৰোধী কংগ্ৰেছ দলে চামগুৰি উপ-নিৰ্বাচনত গো-মাংসৰ প্ৰচলনক লৈ কৰা ধাৰাবাহিক মন্তব্য আৰু বিজেপিক কৰা সমালোচনাৰ পিছতেই অসম চৰকাৰৰ এই সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ দিল্লীৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমত হোটেল, ৰেস্তোৰাঁত নচলিব গো-মাংস ৷ কোনো ৰাজহুৱা উৎসৱ-পাৰ্বণৰ লগতে ৰাজহুৱা স্থানত গো-মাংস ভক্ষণত আমি বাধা আৰোপ কৰিছো । ” চামগুৰি উপ-নিৰ্বাচনত বিজেপিৰ হাতত কংগ্ৰেছ পৰাজিত হোৱাৰ পিছত কংগ্ৰেছে গো-মাংসক লৈ এক বিতৰ্কৰ সূচনা কৰিছিল ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

ৰাজ্য উত্তাল হৈ আহিছে গো-মাংস বিতৰ্কৰে ৷ চামগুৰিত বিজেপিয়ে গো-মাংস বিতৰণেৰে নিৰ্বাচনত ভোটাৰক আকৰ্ষণ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেতৃত্বই ৷ এককথাত ৰাজহুৱা স্থানত ৰাজ্যত গো-মাংস ভক্ষণ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি তাৰেই প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৷

সংবাদমেলত মুখ্যমন্ত্ৰী কয়," যোৱা কিছুদিনৰ পৰা কংগ্ৰছ দলৰ সভাপতি ভূপেন বৰা আৰু নেতা ৰকিবুল হুছেইন আদিয়ে গো-মাংসৰ ওপৰত অস্বস্তি প্ৰকাশ কৰি আহিছে বিভিন্ন স্থানত ৷ যেন তেওঁলোকেও গো-মাংসৰ প্ৰচলন নিবিচাৰে । এনেকুৱা এটা ধাৰণা তেওঁলোকে ৰাইজ সন্মুখত দিছে ৷ ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ যি মন্তব্য, তাক আমাৰ কেবিনেটত পুংখানুপুংখভাৱে বিশ্লেষণ কৰো । আমি দেখা পাও যে যিখন গো-মাংস নিবাৰণী আইন প্ৰণয়ণ কৰিছিলো সেইখন যথেষ্ট শক্তিশালী ৷ কিন্তু ইয়াত এটা প্ৰভিজন নাছিল যে আমি কমিউনিটি ফেষ্টিভেলত গো-মাংস খাব পাৰো নে নাই ? হোটেল-ৰেস্তোৰাঁত আমি গো-মাংস খাব পাৰো নে নাই ?"

ৰাজহুৱা স্থানত গো-মাংসৰ প্ৰচলন নিষিদ্ধ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আজিৰ কেবিনেটত এটা সিদ্ধান্ত হ’ল যে অসমৰ কোনো হোটেল-ৰেস্তোৰাঁত গো-মাংস পৰিৱেশন পৰা নহ’ব ৷ সামাজিক সভাতো গো-মাংস খাব পৰা নহ’ব ৷ এতিয়াৰে পৰা ৰাজ্যত গো-মাংসৰ ৰাজহুৱা ভক্ষণ সম্পূৰ্ণ ৰূপে নিষিদ্ধ ৷ আমাৰ যিখন আইন আছিল তাত আমি এইখিনি প্ৰভিজন সংযোজন কৰিম ।”

ৰাজহুৱা স্থানত গো-মাংস প্ৰচলন নিষিদ্ধ কৰাৰ ফলত কি লাভ হ’ব তাৰো যুক্তি- ব্যাখ্যা আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ দলক লক্ষ্য কৰি আক্ৰমণৰ শেল এৰি তেওঁ কয়, “এই ব্যৱস্থাই আমাৰ মূল গো-মাংস নিবাৰণী আইনখন টনকিয়াল কৰিব । ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰিছিল তাকো প্ৰতিফলিত কৰিব ৷ আমি আশা কৰিম কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব ৷ আগতে মন্দিৰৰ ৫ কিলোমিটাৰৰ ভিতৰত নিষিদ্ধ আছিল । এতিয়া আমি গোটেই অসমতেই এইটো সম্প্ৰসাৰণ কৰি দিলো যাতে কোনো ঠাইতে এই মাংস খাব নোৱাৰে ৷”

লগতে পঢ়ক:গো-মাংস বিতৰ্ক: কংগ্ৰেছৰ লগতে বিৰোধী দলক সনাতনী সংস্কৃতিৰ পাঠদান মন্ত্ৰী জয়ন্তৰ

মঙহৰ ৰাজনীতি ! সাংসদ ৰকিবুলক তুলাধুনা বিজেপিৰ দুই ইছলামধৰ্মী নেতাৰ

Last Updated : Dec 4, 2024, 10:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.